নেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰীঃ মাৰ্কিন ৰাষ্ট্ৰপতিৰ প্ৰথমটো ভাৰত ভ্ৰমণৰ পিচতে দিল্লীস্থিত মাৰ্কিন দূতাবাসে দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ভাৰতত থকা আমেৰিকাৰ নাগৰিকসকলৰ বাবে এক পৰামৰ্শ বাৰ্তা প্ৰেৰণ কৰে ৷ বিশেষকৈ উত্তৰ-পূৱ দিল্লীত চলি থকা হিংসাত্মক ঘটনাৰ পৰা আমেৰিকান নাগৰিকসকলক সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনায় ৷ ইয়াৰোপৰি মেট্ৰ' ৰেল বন্ধ হোৱা খবৰৰ বাবে স্থানীয় মিডিয়া আপডেটত চকু ৰাখিবলৈ আহ্বান জনায় ৷ মাৰ্কিন দূতাবাসৰ বিভাগীয় ৱেৱচাইটত এই পৰামৰ্শ বাৰ্তা প্ৰেৰণ কৰে ৷
আনহাতে এই পৰামৰ্শ বাৰ্তাত ধাৰা 144 ক ৰেখাংকিত কৰি সেই অঞ্চলসমূহ তথা মুছলমান জনবসতি প্ৰধান অঞ্চলসমূহ য'ত সৰ্বাধিক হিংসাত্মক ঘটনা সংঘটিত হৈছে সেইসমূহৰ পৰা সাৱধানতা অৱলম্বনৰ বিষয়ে উল্লেখ আছে ৷ আনহাতে বাৰ্তাটোত এই হিংসাত 24 গৰাকীৰো অধিক লোক নিহত হোৱাৰ বিষয়েও উল্লেখ কৰা হৈছে ৷
উল্লেখ্য যে মঙলবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি ড'লান্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা আনুষ্ঠানিক বৈঠকৰ পিচত যুটীয়া সংবাদমেল সম্বোধন কৰা সময়ত ভাৰতৰ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত ট্ৰাম্পক প্ৰশ্ন কৰা হৈছিল ৷ আনহাতে ট্ৰাম্পে নাগৰিকত্ব সংশোধনী আইন ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি এই সন্দৰ্ভত কোনো মন্তব্য আগনবঢ়াই বুলি মত পোষণ কৰিছিল ৷ লগতে তেওঁ ভাৰতে এই সম্পৰ্কে অতি শীঘ্ৰেই সমাধানৰ পথ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰিছিল ৷
ট্ৰাম্পৰ ওভতনি যাত্ৰাত হোৱাইট হাউচৰ প্ৰেছ পুলত সাংবাদিকেৰে হোৱা সাক্ষাতত প্ৰধানমন্ত্ৰী মোডী ধাৰ্মিক যদিও শক্তিশালী নেতা বুলি অভিহিত কৰে ৷ ইয়াৰোপৰি ভাৰতত মোডীৰ লগত হোৱা দীঘলীয়া সাক্ষাতত ভাৰতীয় ধৰ্মীয় স্বতন্ত্ৰতা সম্পৰ্কত মুছলমান আৰু খ্ৰীষ্টান ধৰ্ম সন্দৰ্ভত আলোচনা কৰা বুলি উল্লেখ কৰে ৷ লগতে মোডীয়ে ট্ৰাম্পক ভাৰতবৰ্ষত মুকলিভাৱে ধৰ্মীয় স্বতন্ত্ৰতা সম্পৰ্কত যথেষ্ট কাম কৰি থকাৰ বিষয়ে ব্যক্ত কৰা বুলিও তেওঁ প্ৰকাশ কৰে ৷
ৰাষ্ট্ৰীয় পৰামৰ্শদাতা অজিৎ ডোভালে দিল্লীৰ হিংসাজৰ্জৰ কিছুমান অঞ্চল পৰ্যৱেক্ষণ কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ৷ আনহাতে তেওঁ ভাৰত ভ্ৰমণৰ বাবে অহা আমেৰিকান নাগৰিকসকলক সাক্ষাৎ কৰি ভিৰ অথবা যানযঁট প্ৰভাৱিত অঞ্চলসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় ৷ এই সম্পৰ্কে অধিক খবৰ লাভ কৰিবলৈ স্থানীয় মিডিয়া আপডেটত চকু ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায় ৷
-স্মিতা শৰ্মা
-নতুন দিল্লী
আৰু পঢ়কঃকেবিনেট সমিতিৰ সৈতে বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডভাল