নিউজ ডেস্ক,২জুলাই: ক'ৰণা ভাইৰাচৰ লগতে সমানে যুঁজ দিব পৰাকৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ প্ৰয়াসেৰে ত্ৰিপুৰাৰ চহৰাঞ্চলত জনসাধাৰণৰ মাজত ভিটামিন-C সমৃদ্ধ ফলমূল বিতৰণৰ ব্যৱস্থা কৰাৰ কথা সদৰি কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । '
মুখ্যমন্ত্ৰী ক'ৰণা প্ৰতিৰোধ অভিযান'ৰ অধীনত ইতিমধ্যে ত্ৰিপুৰা চৰকাৰে এক কোটি টকাৰ পুঁজি আবন্তনেৰে অহা ৪জুলাইৰ পৰা জনসাধাৰণৰ মাজত বিতৰণ কৰিব ফলমূল । ৰাজ্য চৰকাৰে বিতৰণ কৰিব লগা এই ফলমূল সমূহত থাকিব বিশেষকৈ আনাৰস আৰু নেমুটেঙা ।
![Tripura to distribute vitamin-C enriched fruits among people to boost immunity](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:41:14:1593695474_yyyyyyyyy_0207newsroom_1593691694_233.jpg)
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ফেচবুক পষ্টৰ জড়িয়তে উল্লেখ কৰিলে, বিতৰণ কৰিব লগা এই ফলমূল সমূহ গাঁৱৰ কৃষকৰ পৰা পোনপটিয়াকৈ ক্ৰয়ৰ ফলত তেওঁলোক লাভান্বিত হ'ব । তাৰোপৰি "নেশ্যনেল আৰবান লাইভলিহ'ড মিশ্ব্যন"ৰ তত্বাৱধানত এই আঁচনিখন ৰূপায়ন কৰা হব ।
প্ৰতি শনিবাৰে দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৪বজালৈ চহৰাঞ্চল সমূহত স্থানীয় সামাজিক সংস্থা সমূহৰ জড়িয়তে এই ফলমূলসমূহ বিতৰণৰ ব্যৱস্থা কৰা হব।
![Tripura to distribute vitamin-C enriched fruits among people to boost immunity](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:41:14:1593695474_yyyyyyyyy_0207newsroom_1593691694_233.jpg)
উল্লেখ্য যে, ত্ৰিপুৰাত প্ৰতি বছৰত ১.২৮ টন আনাৰস উৎপাদন হৈ আহিছে । ত্ৰিপুৰাৰ ৰাণী খ্যাত বিভিন্ন প্ৰজাতিৰ এই আনাৰস ডুবাই, বাংলাদেশকে ধৰি বিশ্বৰ অন্যান্য প্ৰান্তলৈ ৰপ্তানি হৈ আহিছে । ইতিমধ্যে ৰাজ্যখনৰ উদ্যান শস্য বিভাগে আনাৰস যোগান ধৰিব লগা স্থান সমূহৰ লগতে আনাৰসৰ খেতিয়কৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে যাৰ পৰা এই ফল শীঘ্ৰে সংগ্ৰহ কৰিবলৈ সুবিধা হয় ।