আগৰতলা, 29 জানুৱাৰী : ত্ৰিপুৰাত কংগ্ৰেছ যে এতিয়াও নিঃশেষ হোৱা নাই তাৰ প্ৰমাণ দিবলৈ সমৰ্থ হৈছে ত্ৰিপুৰা কংগ্ৰেছ ৷ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত শুকুৰবাৰে "হুংকাৰ ৰেলী" শীৰ্ষক এক বিশাল ৰেলী তথা সভাৰ আয়োজন কৰি কংগ্ৰেছে ত্ৰিপুৰাত নিজৰ স্থিতিৰ প্ৰমাণ দিয়াত যেন একপ্ৰকাৰে সফল হৈছে ৷
![tripura-congress-hunkar-relly](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10428901_tripura.jpg)
সৰ্ব ভাৰতীয় মহিলা মৰ্চাৰ সভানেত্ৰী সুস্মিতা দেৱ, সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি, এআইচিচিৰ ভাৰপ্ৰাপ্ত তত্বাবধায়ক তথা পাঞ্জাৱৰ বিধায়ক কুলজিৎ সিং নাগ্ৰাৰ দৰে কংগ্ৰেছৰ কেবাজনো শীৰ্ষ নেতাৰ উপস্থিতিত আয়োজন কৰা এই সভাখনত সহস্ৰাধিক কংগ্ৰেছকৰ্মীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ টিপিচিচিৰ সভাপতি পিজুশ বিশ্বাসৰ নেতৃত্বত ৰাজ্যখনৰ নেতাসকলেও উক্ত সভাত অংশগ্ৰহণ কৰে ৷
অনুষ্ঠানটো সম্বোধন কৰি সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে বিজেপি নেতৃত্বাধীন ত্ৰিপুৰাৰ শাসকীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ সুস্মিতা দেৱৰ লগতে সভাত উপস্থিত অন্য কংগেছ নেতা সকলেও ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা সভাত আহি উপস্থিত হোৱা কৰ্মী সকলৰ উৎসাহ বৃদ্ধি কৰে ৷
লগতে পঢ়ক : পুনৰ অনিৰ্দিষ্ট কাললৈ বাঘজান EPS বন্ধ !