নেশ্যনেল ডেস্ক, 25 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ এনে সময়তে অসমৰ Coordination Committee of Tribal Organisations চমুকৈ চিচিটিঅ'ৱে অনিৰ্দিষ্টিকালীন অৰ্থনৈতিক অৱৰোধৰ ঘোষণা কৰিছে ৷
লগতে পঢ়কঃ বিজেপি নেতা জয়প্ৰকাশ মজুমদাৰক প্ৰহাৰ তৃণমূল সমৰ্থকৰ
নতুন দিল্লীত ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত সংগঠনটোৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে এই অৱৰোধৰ কথা ঘোষণা কৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কক অসমৰ খিলঞ্জীয়া ৰাইজৰ বাবে ভাবুকিস্বৰূপ আখ্যা দিয়ে খাখলাৰীয়ে ৷
"ইয়ে উত্তৰ-পূব ভাৰতৰ জনগাঁথনিত বিৰূপ প্ৰভাৱ পেলাব ৷ অৰ্থনৈতিক অৱৰোধৰ দৰে তীব্ৰ গণতান্ত্ৰিক পদ্ধতিৰে আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমাৰ দাবী উত্থাপন কৰিম ৷ এয়া বিজেপিৰ এক ৰাজনৈতিক খেল ৷ মুছলমানক বাদ দি হিন্দুসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ ওলোৱাটো বিজেপিৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাহিৰে বেলেগ একো নহয় ৷ আমি ইতিমধ্যে এই বিষয়ে, কংগ্ৰেছ,বামপন্থী দল আৰু জনতা দল (ইউনাইটেড)ৰ লগতে অন্যান্যসকলৰ সৈতে আলোচনা কৰিছো আৰু বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছো ৷" নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ইটিভি ভাৰতৰ আগত এইদৰে উল্লেখ কৰে আদিত্য খাকলাৰীয়ে ৷
আৰু পঢ়কঃডিভাইড অসম 50-50ৰে উত্তাল কোকৰাঝাৰ