ETV Bharat / bharat

ভাৰত-আমেৰিকাৰ সেনাৰ তিনিওটা অংগৰ প্ৰথমটো যুটীয়া সামৰিক অনুশীলন Tiger Triumph-2019

author img

By

Published : Nov 18, 2019, 2:00 PM IST

ভাৰত-আমেৰিকাৰ সৈন্যবাহিনীৰ মাজত সামৰিক অনুশীলন অনুষ্ঠিত হৈ আহিছে যদিও দুয়োখন দেশৰ সেনাৰ তিনিওটা অংগৰ মাজৰ যুটীয়া সামৰিক অনুশীলন হোৱা নাছিল ৷ চলিত মাহৰ 13 তাৰিখৰ পৰা 21 তাৰিখলৈ অন্ধ্ৰপ্ৰদেশৰ কাকিন্দা আৰু বিশাখাপট্টনমত দুয়োখন দেশৰ সেনাৰ তিনিওটা অংগৰ মাজত অনুষ্ঠিত হৈছে Exercise Tiger Triumph-2019 ৷ আমেৰিকান উচ্চায়ুক্ত কেনিথ জাষ্টাৰ আৰু ভাৰতীয় নৌ-সেনাৰ ৰিয়াৰ এডমিৰেল সুৰজ বেৰীয়ে উদ্বোধন কৰা এই অনুশীলনত স্থলসেনা, বায়ুসেনা আৰু নৌ-সেনাৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰ মেৰিন ক'ৰেও অংশ লৈছে ৷ Etv Bharat অসমৰ এক বিশেষ প্ৰতিবেদন ৷

সামৰিক অনুশীলন Tiger Triumph-2019

ভাৰতৰ সৈতে সামৰিক জোঁটবন্ধন শক্তিশালী কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল Exercise Tiger Triumph, যিয়ে বিশ্বৰ বহুটো দেশৰ মাজত খলকনি তুলিছিল ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়তে ট্ৰাম্পে এই অনুশীলনৰ কথা ঘোষণা কৰিছিল ৷ দুয়োখন দেশৰ সেনাৰ তিনিওটা মুখ্য বাহিনীৰ মাজৰ এই অনুশীলনে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক দৃঢ় কৰিব ৷ ভাৰতীয় নৌ-সেনা আৰু আমেৰিকান নৌ-সেনাই 1992 চনৰ পৰাই Malabar নামে যুটীয়া অনুশীলনত অংশগ্ৰহণ কৰি আহিছে ৷ এইসমূহ যুটীয়া অনুশীলনৰ মুল উদ্দেশ্যে হৈছে দুয়োখন দেশৰ মাজৰ সামৰিক আৰু নিৰাপত্তাজনিত দিশবোৰ অধ্যয়ন কৰি ভৱিষ্যতে যিকোনো ধৰণৰ বিশেষ অভিযানৰ নেতৃত্ব প্ৰদান কৰা ৷ এইসমূহ অনুশীলনৰ গুৰিত আন কিছুমান বিশেষ উদ্দেশ্যও নিহিত আছে ৷ তিনিওফালৰ পৰা সাগৰে আৱৰি থকা ভাৰতৰ সুৰক্ষাৰ দিশত বিশেষ কিছুমান কৌশলৰ দ্বাৰা যিকোনোধৰণৰ আক্ৰমণ প্ৰতিহত কৰাৰ লগতে প্ৰত্যাক্ৰমণ কৰিবলৈ সক্ষম ভাৰতীয় নৌ-সেনা ৷ প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰত দৃঢ়ভাৱে তিষ্ঠি থকা আমেৰিকান নৌ-সেনাই ভাৰতীয় নৌ-সেনাৰ শক্তিৰ বিশষে অৱগত ৷ ইয়াত ব্যৱহৃত ৰণকৌশল ভাৰতীয় নৌ-সেনাৰ তুলনাত বহু ব্যতিক্ৰম ৷ এই ৰণকৌশল লৈ আমেৰিকান নৌ-সেনাই সকলো ভৌগলিক পৰিস্থিতিত সফলতা লাভ কৰিব নোৱাৰে ৷ ইয়াক আগত লৈ আমেৰিকান নৌ-সেনাই ভাৰতীয় নৌ-সেনাৰ সৈতে যুটীয়া অভিযানত অংশগ্ৰহণ কৰিবলৈ অতিকে ইচ্ছুক ৷ বিগত 27 বছৰে হাজাৰোধিক বিষয়া আৰু চালকৰ দলে বহুটো যুটীয়া অভিযান সমাপন কৰিছে ৷ দুয়োখন দেশৰ নৌ-সেনাই চাবমেৰিণ, যুদ্ধবিমান আৰু যুদ্ধজাহাজৰ সহযোগত এইসমূহ অনুশীলন সফলতাৰে আয়োজিত কৰিছে ৷ সামৰিক ৰণকৌশলৰ উপৰিও দুৰ্গতজনক ক্ষীপ্ৰতাৰে সহায় কৰাৰ উদ্দেশ্যে সাগৰীয় প্ৰদূষণ, আপাতকালীন পৰিস্থিতিত পুনৰসংস্থাপন, জলদষ্যুৰ ওপৰত আক্ৰমণ আৰু আন্তঃৰাষ্ট্ৰীয় আইন বলৱৎ কৰি আহিছে দুয়োখন দেশৰ নৌ-সেনাই ৷

ভাৰত-আমেৰিকাৰ যুটীয়া নৌ-সেনা অনুশীলন Malabarৰ সৈতে জাপানেও সহযোগী ৰাষ্ট্ৰ হিচাপে যোগদান কৰে ৷ জাপানৰ উপকূলৰ সুৰক্ষাত দুয়োখন দেশৰ ভূমিকা উপলব্ধি কৰিয়ে Malabar অনুশীলনত দেশখনে যোগদান কৰে ৷ জাপানে 2007 চনত Malabar অনুশীলন অনুষ্ঠিত কৰিবলৈ দিয়াৰ লগতে 2015 চনত অনুশীলনৰ ত্ৰিপাক্ষিক সহযোগী হিচাপে যোগদান কৰে ৷ অষ্ট্ৰেলিয়াৰ নৌ-সেনায়ো এই অভিযানত যোগদান কৰে ৷ ভাৰত-আমেৰিকাৰ নৌ-সেনাই অষ্ট্ৰেলিয়াৰ নৌ-সেনাক অতিৰিক্ত সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ বিষয়ে প্ৰকাশ কৰিছে ৷ অনুশীলন Malabarৰ বাবেই ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সামৰিক সম্পৰ্ক অধিক শক্তিশালী হ'বলৈ সক্ষম হয় ৷ ভাৰত-প্ৰশান্ত সাগৰীয় অঞ্চলত ভাৰতীয় ৰণকৌশল আগত ৰাখিয়ে আমেৰিকান নৌ-সেনাই Indo-Pacific command গঠন কৰে ৷ এই অঞ্চলৰ সুৰক্ষাৰ বাবে ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ সামৰিকভাৱে সুসজ্জিত হোৱাটো বিচাৰে আমেৰিকাই ৷ সামৰিকভাৱে সুসজ্জিত কৰিবলৈ এইসমূহ দেশক আমেৰিকাই আৱশ্যকীয় প্ৰযুক্তি প্ৰদান কৰিবলৈ সাজু আছে ৷ যাৰ পৰিণতিস্বৰূপেই ভাৰতীয় নৌ-সেনাক INS Jalashwa আৰু P-8I প্ৰদান কৰিবলৈ চুক্তি স্বাক্ষৰ কৰে আমেৰিকাই ৷

বিশ্বৰ সৰ্বোচ্চ শক্তি হ'বলৈ ইচ্ছুক অত্যুৎসাহী চীনো এই Malabar অনুশীলনৰ দ্বাৰা প্ৰভাৱিত হয় ৷ ভাৰত মহাসাগৰত চকু দিয়া চীনৰ বাবে প্ৰৱল বাধাৰূপে দেখা দিছে এই Malabar অনুশীলনে ৷ যদিও চীন এখন বৃহৎ ৰাষ্ট্ৰ, তাৰ তুলনাত ইয়াৰ উপকূলৰেখা অতিকে কম ৷ চীনে নিজৰ নৌ-সেনাক ভাৰতৰ ওচৰত ৰাখিবলৈ শ্ৰীলংকাৰ হামবানটোটাক বাচি লয় ৷ ইয়াৰ বাবেই চীনে বাংলাদেশ, ম্যানমাৰ, ফিলিপাইনছ আৰু আফ্ৰিকাৰ সৈন্যবাহিনীৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক ৰাখিছে ৷ বালোচিস্তানত গ্বাদৰ জাহাজবন্দৰ নিৰ্মাণ কৰাৰ লগতে China-Pakistan Economic Corridor নিৰ্মাণ কৰি চীনে পাকিস্তানৰ সৈতে মিত্ৰতা স্থাপন কৰিছে যি সদায় ভাৰতৰ বিৰোধী ৷ ভাৰত-আমেৰিকাৰ Malabar অনুশীলনে বিশ্বশক্তি হোৱাৰ আশা থানবান কৰিব বুলি চীন পতিয়ন গৈছে ৷

এতিয়ালৈকে একমাত্ৰ ৰাছিয়াৰ সৈতে Indra অনুশীলনৰ জৰিয়তে সেনাৰ তিনিওটা অংগৰ সৈতে যুটীয়া সামৰিক অভিযানত অংশগ্ৰহণ কৰিছে ভাৰতে ৷ শেহতীয়াকৈ Tiger Triumph অনুশীলনৰ দ্বাৰা ভাৰত আৰু আমেৰিকাই দুয়োখন দেশৰ মাজৰ সেনাৰ তিনিওটা অংগৰ প্ৰথমটো যুটীয়া সামৰিক অনুশীলনত ভাগ লৈছে ৷ সৰ্বমুঠ 1,200 ভাৰতীয় আৰু আমেৰিকান সৈনিকে অংশগ্ৰহণ কৰা Tiger Triumph অনুশীলন চলিত মাহৰ 13 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 21 তাৰিখলৈ চলিব ৷ অন্ধপ্ৰদেশৰ কাকিন্দা আৰু বিশাখাপট্টনমত চলি আছে Tiger Triumph অনুশীলন ৷ এতিয়ালৈকে দুয়োখন দেশৰ সৈন্যবাহিনীয়ে বহুকেইটা যুটীয়া অনুশীলনত অংশগ্ৰহণ কৰিছে যদিও এইবাৰ উমৈহতীয়াভাৱে এই অনুশীলনত অংশগ্ৰহণ কৰিছে দুয়োখন দেশৰ সেনাৰ তিনিওটা প্ৰধান অংগই ৷ বিশেষজ্ঞসকলৰ মতে, এই অনুশীলনে ভাৰত-আমেৰিকাৰ সামৰিক সম্পৰ্কত এক মাইলৰ খুঁটি হিচাপে পৰিলক্ষিত হ'ব ৷

Intro:Body:

ভাৰত-আমেৰিকাৰ সেনাৰ তিনিওটা অংগৰ প্ৰথমটো যুটীয়া সামৰিক অনুশীলন Tiger Triumph-2019

ভাৰত-আমেৰিকাৰ সৈন্যবাহিনীৰ মাজত সামৰিক অনুশীলন অনুষ্ঠিত হৈ আহিছে যদিও দুয়োখন দেশৰ সেনাৰ তিনিওটা অংগৰ মাজৰ যুটীয়া সামৰিক অনুশীলন হোৱা নাছিল ৷ চলিত মাহৰ 13 তাৰিখৰ পৰা 21 তাৰিখলৈ অন্ধ্ৰপ্ৰদেশৰ কাকিন্দা আৰু বিশাখাপট্টনমত দুয়োখন দেশৰ সেনাৰ তিনিওটা অংগৰ মাজত অনুষ্ঠিত হৈছে Exercise Tiger Triumph-2019 ৷ আমেৰিকান উচ্চায়ুক্ত কেনিথ জাষ্টাৰ আৰু ভাৰতীয় নৌ-সেনাৰ ৰিয়াৰ এডমিৰেল সুৰজ বেৰীয়ে উদ্বোধন কৰা এই অনুশীলনত স্থলসেনা, বায়ুসেনা আৰু নৌ-সেনাৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰ মেৰিন ক'ৰেও অংশ লৈছে ৷ Etv Bharat অসমৰ এক বিশেষ প্ৰতিবেদন ৷  

ভাৰতৰ সৈতে সামৰিক জোঁটবন্ধন শক্তিশালী কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল Exercise Tiger Triumph, যিয়ে বিশ্বৰ বহুটো দেশৰ মাজত খলকনি তুলিছিল ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শেহতীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়তে ট্ৰাম্পে এই অনুশীলনৰ কথা ঘোষণা কৰিছিল ৷ দুয়োখন দেশৰ সেনাৰ তিনিওটা মুখ্য বাহিনীৰ মাজৰ এই অনুশীলনে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক দৃঢ় কৰিব ৷ ভাৰতীয় নৌ-সেনা আৰু আমেৰিকান নৌ-সেনাই 1992 চনৰ পৰাই Malabar নামে যুটীয়া অনুশীলনত অংশগ্ৰহণ কৰি আহিছে ৷ এইসমূহ যুটীয়া অনুশীলনৰ মুল উদ্দেশ্যে হৈছে দুয়োখন দেশৰ মাজৰ সামৰিক আৰু নিৰাপত্তাজনিত দিশবোৰ অধ্যয়ন কৰি ভৱিষ্যতে যিকোনো ধৰণৰ বিশেষ অভিযানৰ নেতৃত্ব প্ৰদান কৰা ৷ এইসমূহ অনুশীলনৰ গুৰিত আন কিছুমান বিশেষ উদ্দেশ্যও নিহিত আছে ৷ তিনিওফালৰ পৰা সাগৰে আৱৰি থকা ভাৰতৰ সুৰক্ষাৰ দিশত বিশেষ কিছুমান কৌশলৰ দ্বাৰা যিকোনোধৰণৰ আক্ৰমণ প্ৰতিহত কৰাৰ লগতে প্ৰত্যাক্ৰমণ কৰিবলৈ সক্ষম ভাৰতীয় নৌ-সেনা ৷ প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰত দৃঢ়ভাৱে তিষ্ঠি থকা আমেৰিকান নৌ-সেনাই ভাৰতীয় নৌ-সেনাৰ শক্তিৰ বিশষে অৱগত ৷ ইয়াত ব্যৱহৃত ৰণকৌশল ভাৰতীয় নৌ-সেনাৰ তুলনাত বহু ব্যতিক্ৰম ৷ এই ৰণকৌশল লৈ আমেৰিকান নৌ-সেনাই সকলো ভৌগলিক পৰিস্থিতিত সফলতা লাভ কৰিব নোৱাৰে ৷ ইয়াক আগত লৈ আমেৰিকান নৌ-সেনাই ভাৰতীয় নৌ-সেনাৰ সৈতে যুটীয়া অভিযানত অংশগ্ৰহণ কৰিবলৈ অতিকে ইচ্ছুক ৷ বিগত 27 বছৰে হাজাৰোধিক বিষয়া আৰু চালকৰ দলে বহুটো যুটীয়া অভিযান সমাপন কৰিছে ৷ দুয়োখন দেশৰ নৌ-সেনাই চাবমেৰিণ, যুদ্ধবিমান আৰু যুদ্ধজাহাজৰ সহযোগত এইসমূহ অনুশীলন সফলতাৰে আয়োজিত কৰিছে ৷ সামৰিক ৰণকৌশলৰ উপৰিও দুৰ্গতজনক ক্ষীপ্ৰতাৰে সহায় কৰাৰ উদ্দেশ্যে সাগৰীয় প্ৰদূষণ, আপাতকালীন পৰিস্থিতিত পুনৰসংস্থাপন, জলদষ্যুৰ ওপৰত আক্ৰমণ আৰু আন্তঃৰাষ্ট্ৰীয় আইন বলৱৎ কৰি আহিছে দুয়োখন দেশৰ নৌ-সেনাই ৷ 

ভাৰত-আমেৰিকাৰ যুটীয়া নৌ-সেনা অনুশীলন Malabarৰ সৈতে জাপানেও সহযোগী ৰাষ্ট্ৰ হিচাপে যোগদান কৰে ৷ জাপানৰ উপকূলৰ সুৰক্ষাত দুয়োখন দেশৰ ভূমিকা উপলব্ধি কৰিয়ে Malabar অনুশীলনত দেশখনে যোগদান কৰে ৷ জাপানে 2007 চনত Malabar অনুশীলন অনুষ্ঠিত কৰিবলৈ দিয়াৰ লগতে 2015 চনত অনুশীলনৰ ত্ৰিপাক্ষিক সহযোগী হিচাপে যোগদান কৰে ৷ অষ্ট্ৰেলিয়াৰ নৌ-সেনায়ো এই অভিযানত যোগদান কৰে ৷ ভাৰত-আমেৰিকাৰ নৌ-সেনাই অষ্ট্ৰেলিয়াৰ নৌ-সেনাক অতিৰিক্ত সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ বিষয়ে প্ৰকাশ কৰিছে ৷ অনুশীলন Malabarৰ বাবেই ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সামৰিক সম্পৰ্ক অধিক শক্তিশালী হ'বলৈ সক্ষম হয় ৷ ভাৰত-প্ৰশান্ত সাগৰীয় অঞ্চলত ভাৰতীয় ৰণকৌশল আগত ৰাখিয়ে আমেৰিকান নৌ-সেনাই Indo-Pacific command গঠন কৰে ৷ এই অঞ্চলৰ সুৰক্ষাৰ বাবে ইয়াৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহ সামৰিকভাৱে সুসজ্জিত হোৱাটো বিচাৰে আমেৰিকাই ৷ সামৰিকভাৱে সুসজ্জিত কৰিবলৈ এইসমূহ দেশক আমেৰিকাই আৱশ্যকীয় প্ৰযুক্তি প্ৰদান কৰিবলৈ সাজু আছে ৷ যাৰ পৰিনতিস্বৰূপেই ভাৰতীয় নৌ-সেনাক INS Jalashwa আৰু P-8I প্ৰদান কৰিবলৈ চুক্তি স্বাক্ষৰ কৰে আমেৰিকাই ৷  

বিশ্বৰ সৰ্বোচ্চ শক্তি হ'বলৈ ইচ্ছুক অত্যুৎসাহী চীনো এই Malabar অনুশীলনৰ দ্বাৰা প্ৰভাৱিত হয় ৷ ভাৰত মহাসাগৰত চকু দিয়া চীনৰ বাবে প্ৰৱল বাধাৰূপে দেখা দিছে এই Malabar অনুশীলনে ৷ যদিও চীন এখন বৃহৎ ৰাষ্ট্ৰ, তাৰ তুলনাত ইয়াৰ উপকূলৰেখা অতিকে কম ৷ চীনে নিজৰ নৌ-সেনাক ভাৰতৰ ওচৰত ৰাখিবলৈ শ্ৰীলংকাৰ হামবানটোটাক বাচি লয় ৷ ইয়াৰ বাবেই চীনে বাংলাদেশ, ম্যানমাৰ, ফিলিপাইনছ আৰু আফ্ৰিকাৰ সৈন্যবাহিনীৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক ৰাখিছে ৷ বালোচিস্তানত গ্বাদৰ জাহাজবন্দৰ নিৰ্মাণ কৰাৰ লগতে China-Pakistan Economic Corridor নিৰ্মাণ কৰি চীনে পাকিস্তানৰ সৈতে মিত্ৰতা স্থাপন কৰিছে যি সদায় ভাৰতৰ বিৰোধী ৷ ভাৰত-আমেৰিকাৰ Malabar অনুশীলনে বিশ্বশক্তি হোৱাৰ আশা থানবান কৰিব বুলি চীন পতিয়ন গৈছে ৷ 

এতিয়ালৈকে একমাত্ৰ ৰাছিয়াৰ সৈতে Indra অনুশীলনৰ জৰিয়তে সেনাৰ তিনিওটা অংগৰ সৈতে যুটীয়া সামৰিক অভিযানত অংশগ্ৰহণ কৰিছে ভাৰতে ৷ শেহতীয়াকৈ Tiger Triumph অনুশীলনৰ দ্বাৰা ভাৰত আৰু আমেৰিকাই দুয়োখন দেশৰ মাজৰ সেনাৰ তিনিওটা অংগৰ প্ৰথমটো যুটীয়া সামৰিক অনুশীলনত ভাগ লৈছে ৷ সৰ্বমুঠ 1,200 ভাৰতীয় আৰু আমেৰিকান সৈনিকে অংশগ্ৰহণ কৰা Tiger Triumph অনুশীলন চলিত মাহৰ 13 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 21 তাৰিখলৈ চলিব ৷ অন্ধপ্ৰদেশৰ কাকিন্দা আৰু বিশাখাপট্টনমত চলি আছে Tiger Triumph অনুশীলন ৷ এতিয়ালৈকে দুয়োখন দেশৰ সৈন্যবাহিনীয়ে বহুকেইটা যুটীয়া অনুশীলনত অংশগ্ৰহণ কৰিছে যদিও এইবাৰ উমৈহতীয়াভাৱে এই অনুশীলনত অংশগ্ৰহণ কৰিছে দুয়োখন দেশৰ সেনাৰ তিনিওটা প্ৰধান অংগই ৷ বিশেষজ্ঞসকলৰ মতে, এই অনুশীলনে ভাৰত-আমেৰিকাৰ সামৰিক সম্পৰ্কত এক মাইলৰ খুঁটি হিচাপে পৰিলক্ষিত হ'ব ৷ 

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.