ETV Bharat / bharat

বহনক্ষম পৰিৱহণ প্ৰসাৰৰ বাবে নতুন নিৰ্দেশনা কেন্দ্ৰৰ

পৰিৱহণৰ ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় পৰিৱহণ মন্ত্ৰালয়ে । বিকল্প ইন্ধন ব্যৱহাৰ কৰি বহনক্ষম পৰিৱহণ প্ৰসাৰৰ অৰ্থে নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীয়ে ।

author img

By

Published : Sep 28, 2020, 2:54 PM IST

বহনক্ষম পৰিবহণৰ প্ৰসাৰৰ বাবে নতুন নীতি-নিৰ্দেশনা কেন্দ্ৰৰ

নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ : বহনক্ষম পৰিৱহণ প্ৰসাৰৰ অৰ্থে নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰালয়ে । বিভিন্ন বিকল্প ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰচাৰ চলোৱাৰ বাবে এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীয়ে । কাৰ্বন নিৰ্গমন হ্ৰাসৰ বাবে সংক্ষেপিত প্ৰাকৃতিক গেছৰ সৈতে হাইড্ৰ'জেনযুক্ত সংক্ষেপিত প্ৰাকৃতিক গেছৰ তুলনামূলক পৰীক্ষা কৰাৰ পিছত ভাৰতীয় মান নিৰূপক সংস্থাই হাইড্ৰ'জেনযুক্ত সংক্ষেপিত প্ৰাকৃতিক গেছ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰোপযোগী কৰাৰ প্ৰয়াস কৰে ।

  • After testing use of H-CNG as compared to neat CNG for emission reduction, the Bureau of Indian Standards has developed specifications of hydrogen enriched Compressed Natural Gas (H-CNG) for automotive purposes as a fuel.

    — Nitin Gadkari (@nitin_gadkari) September 27, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটযোগে এই কথা প্ৰকাশ কৰে গাডকাৰীয়ে । এইচ-চিএনজিক বিকল্প ইন্ধনৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় মটৰ বাহন বিধি ১৯৮৯ৰ সংশোধনৰ কথাও টুইটত উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । বিকল্প ইন্ধন ব্যৱহাৰৰ দিশত এয়া মাত্ৰ এটা খোজ বুলি মন্তব্য কৰে নিতীন গাডকাৰীয়ে ।

লগতে পঢ়ক : মোৰ ভাৰতৰ বাহিৰত কোনো ধৰণৰ সম্পত্তি নাই : অনিল আম্বানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.