ETV Bharat / bharat

বিষাক্ত বায়ুৰ কবলত দেশৰ ৰাজধানী - আৰ্দ্ৰতা 46 শতাংশ

জলবায়ু পৰিৱৰ্তনৰ লগতে হাৰিয়ানা, পাঞ্জাৱ, আৰু উত্তৰপ্ৰদেশৰ খেতিপথাৰ সমূহত নৰা জ্বলোৱাৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়৷ লগতে বতৰ বিজ্ঞানী ম'তে, অধিক তাপমাত্ৰাৰ লগতে নিম্নগামী বতাহেও বায়ু প্ৰদুষণ বৃদ্ধি কৰে  ৷

মঙলবাৰে দিল্লীত ঘন আৰু অনিষ্টকৰ কুঁৱলী
author img

By

Published : Nov 12, 2019, 12:36 PM IST

নতুন দিল্লী, 12 নৱেম্বৰ: মঙলবাৰে নতুন দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল গুৰুগ্ৰাম, নয়ডা, ফৰিদাবাদ আৰু গাজিয়াবাদ পুনৰ ঘন কুঁৱলীয়ে আগুৰি ধৰে ৷ বায়ুৰ গুণাগুণ পৰীক্ষণ আৰু বতৰ গৱেষণা কেন্দ্ৰ (SAFAR)ৰ তথ্য অনুসৰি, দেশৰ ৰাজধানী চহৰখনত আজি পুৱা 8.30 বজাত প্ৰদূষণৰ মাত্ৰ আছিল 376 ৷ ধীড়পুৰত প্ৰদূষণৰ মাত্ৰা 388 হোৱাৰ লগতে দিল্লী বিশ্ববিদ্যালয়ত 382 ৷ লোধি ৰোড আৰু আই আই টি দিল্লীত বায়ুত ক্ৰমে 360 আৰু 369 ৷ আজি দেশৰ ৰাজধানী চহৰখনৰ নূন্যতম তাপমাত্ৰা হ'ব 14 ডিগ্ৰী ছেলচিয়াচ আৰু সৰ্বোচ্চ 27 ডিগ্ৰী ছেলচিয়াচৰ ভিতৰত থাকিব ৷ আৰ্দ্ৰতা 46 শতাংশ হোৱাৰ লগতে নিয়ৰেৰে আবৃত হৈ থাকিব অঞ্চলটো ৷ SAFARয়ে স্থানীয় লোকসকলক কঠোৰ পৰিশ্ৰম হ্ৰাস কৰিবলৈ আহ্বান জনায় ৷ শীতকালত উত্তৰ ভাৰতৰ বায়ু বিষাক্ত হৈ পৰে ৷ জলবায়ু পৰিৱৰ্তনৰ লগতে হাৰিয়ানা, পাঞ্জাৱ, আৰু উত্তৰপ্ৰদেশৰ খেতিপথাৰ সমূহত নৰা জ্বলোৱাৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়৷ লগতে বতৰ বিজ্ঞানী ম'তে, অধিক তাপমাত্ৰাৰ লগতে নিম্নগামী বতাহেও বায়ু প্ৰদুষণ বৃদ্ধি কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.