ETV Bharat / bharat

লাডাখৰ চাদৰ ট্ৰেকত মনোমহা সৌন্দৰ্য উপভোগৰ বাবে পৰ্টকৰ ভিৰ - লাডাখৰ চাদৰ ট্ৰেক বাতৰি

বৃহস্পতিবাৰে লাডাখৰ বৰফাবৃত জনস্কাৰ নদীৰ মনোৰম দৃশ্য উপভোগ কৰাৰ বাবে আহি ভিৰ কৰে অসংখ্য পৰ্যটকে ৷ স্থানীয় লোকসকলৰ মাজত এই নৈখন চাদৰ ট্ৰেক হিচাপে পৰিচিত ৷

Tourists visit 'Chadar trek' in Ladakh to experience a fun-filled, chilly vacation
লাডাখৰ চাদৰ ট্ৰেকত মনোমহা সৌন্দৰ্য উপভোগৰ বাবে পৰ্টকৰ ভিৰ
author img

By

Published : Jan 29, 2021, 8:55 PM IST

নিউজ ডেস্ক,29 জানুৱাৰী: বৃহস্পতিবাৰে লাডাখৰ বৰফাবৃত জনস্কাৰ নদীৰ মনোৰম দৃশ্য উপভোগ কৰাৰ বাবে আহি ভিৰ কৰে অসংখ্য পৰ্যটকে ৷ স্থানীয় লোকসকলৰ মাজত এই নৈখন চাদৰ ট্ৰেক হিচাপে পৰিচিত ৷ এই মনোৰমা সৌন্দৰ্যৰ সাক্ষী হ’বলৈ অহা অভ্যুদয় নামৰ এগৰাকী পৰ্যটকে কয় যে, তেওঁ নিজৰ এগৰাকী বন্ধুৰ পৰা এই চাদৰ ট্ৰেকৰ বিষয়ে শুনাৰ পিছতেই ইয়ালৈ ভ্ৰমণৰ বাবে আহিছে ৷

অভ্যুদয়ে কয়, "মোৰ এগৰাকী বন্ধুৱে মোক এবাৰলৈ হ’লেও এই ট্ৰেকৰ সাক্ষী হ’বলৈ কৈছিল ৷ মই আনন্দিত যে, মই ইয়ালৈ আহিলো ৷ যদি মই নাহিলোহেঁতেন তেন্তে মই গোটেই জীৱন দুঃখিত হৈ থাকিলোহেতেন ৷ মই ৰাইজক ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছো ৷ আপোনালেকে ইয়াৰ মনোমহা সৌন্দৰ্য উপভোগ কৰাৰ লগতে ইয়াৰ ওচৰ-পাজৰৰ ৰাইজো ইয়াৰ দ্বাৰা লাভান্বিত হ’ব ৷ এই নদী পৰ্যটনেই ইয়াৰ ৰাইজৰ জীৱিকাৰ উৎস ৷"

উল্লেখ্য যে, চাদৰ ট্ৰেকলৈ অহিব বিচাৰো লোকসকলে স্বাস্থ্য পৰীক্ষাৰ অন্তত 24 ঘন্টালৈ বিৰতি ল’ব লাগে ৷ প্ৰতিদিনে প্ৰায় 40ৰ পৰা 50 গৰাকী আৰোহীকহে ইয়াত অহাৰ বাবে অনুমতি প্ৰদান কৰা হয় ৷ ভূ-পৃষ্ঠৰ পৰা 11,400 ফিট উচ্চতাত অৱস্থিত এই চাদৰ ট্ৰেক ৷

লগতে পঢ়ক-দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত বিস্ফোৰণ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.