ETV Bharat / bharat

পুৱাৰ 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jun 4, 2020, 7:04 AM IST

Updated : Jun 4, 2020, 7:19 AM IST

পুৱাৰ 7 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 @ 7 AM
পুৱাৰ 7 বজাৰ শীৰ্ষ 10 বাতৰি

মুম্বাইত তাণ্ডৱ চলায় মধ্যপ্ৰদেশৰ দিশে ঘূৰ্ণী বতাহ নিসৰ্গ !

গতি পথ সলনি হৈছে ঘূৰ্ণী বতাহ 'নিসৰ্গ'ৰ ৷ গতি পৰিৱৰ্তনলৈ লক্ষ্য কৰি ঘূৰ্ণী বতাহজাকে নাচিক,জলগাঁও আৰু মধ্য প্ৰদেশৰ দিশে গতি কৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰ সূত্ৰত প্ৰকাশ পাইছে ৷ অৱশ্যে প্ৰতি ঘন্টাত 100 কিলোমিটাৰৰ অধিগ বেগত বলা বতাহৰ বাবে মুম্বাই আৰু ৰায়গড় কিছু পৰিমাণে ক্ষতিৰ সন্মুখীন হৈছে ৷

গালৱান উপত্যকাৰ ভাৰত-চীন সীমান্তত চীনা সৈন্যৰ অৱস্থান !

গালৱান উপত্যকাৰ এটা অঞ্চলত চীনৰ লাইন অৱ এক্সুৱেল কন্ট্ৰ'লৰ পৰা কিছুদূৰৈত চীনা সৈন্যই অৱস্থান ৷ দুয়োখন দেশৰ মাজত অব্যাহত আছে সীমা বিবাদ ৷ লাডাখত সংঘটিত সীমা বিবাদ সমাধানৰ বাবে ভাৰত-টীনৰ মাজত আলোচনা চলি থকাৰ মাজতে গালৱান নালা সীমান্ত অঞ্চলৰ পৰা মাত্ৰ কেইশ মান খোজ দূৰত অৱস্থান কৰিছে চীনা সৈন্যই ৷ গালৱান উপত্যকাৰ এটা অঞ্চলত চীনৰ লাইন অৱ এক্সুৱেল কন্ট্ৰ'লৰ পৰা কিছুদূৰৈত চীনা সৈন্যই অৱস্থান কৰা বুলি প্ৰকাশ কৰিছে বিশেষ সূত্ৰই ৷

অসমত ILP কাৰ্যকৰী কৰণঃ কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেছন (BEFR) সংশোধন আৰু অসমত ইনাৰ লাইন পাৰ্মিট নাকচ সম্পৰ্কে কৰা আবেদন নাকচ কৰে। আনহাতে অসমৰ বিভিন্ন ছাত্ৰ সন্থাই দাখিল কৰা লেখ আবেদনৰ উত্তৰ বিচাৰিও কেন্দ্ৰলৈ জাননী প্ৰেৰণ কৰে উচ্চতম ন্যায়ালেয় ।

গৰ্ভৱতী হাতী হত্যা : দোষীক উপযুক্ত শাস্তি দিয়াৰ আশ্বাস কেৰালাৰ মুখ্যমন্ত্ৰীৰ !

গৰ্ভৱতী হাতীক ফটাকাযুক্ত আনাৰস খুৱাই হত্যা কৰা দোষী দিয়া হ'ব কঠোৰ শাস্তি ৷ কেৰালাৰ মুখ্যমন্ত্ৰী পি. বিজয়ানে ঘোষণা কৰিছে এই কথা ৷ কেৰালাত ফটাকাযুক্ত আনাৰস খুৱাই এজনী গৰ্ভৱতী হাতী হত্যা কৰা ঘটনাই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷ চ'ছিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন ধৰণে পোষ্ট দি শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ একাংশই এশ শতাংশ শিক্ষিত হৈও মানৱতাহীন বুলি ককৰ্থনা কৰিছে ৰাজ্যখনক ৷ যোৱা 27 মে'ত সংঘটিত হৈছিল এই নৃশংস ঘটনা ৷

ভাৰত-ভূটানৰ মাজত পৰিৱেশ সম্পৰ্কীয় চুক্তি স্বাক্ষৰ

বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী মণ্ডলে ভাৰত-ভূটানৰ মাজত নিৰাপত্তা,জলবায়ু পৰিৱৰ্তন আদিৰ ক্ষেত্ৰত এখন চুক্তি স্বাক্ষৰ কৰা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত কৰা হয় চুক্তিখন ৷ চুক্তি স্বাক্ষৰিত কৰি দুয়োখন দেশে পৰিৱেশ পাৰস্পৰিকতা আৰু অধিক দৃঢ় হ'ব বুলি বিশ্বাসী ৷

মৰিয়নীত ৰেলপথত উদ্ধাৰ যুৱকৰ মৃতদেহ !

মৰিয়নী ৰেল জংচনৰ নিচেই সমীপৰ ৰেল পথত এটা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে ঘটনাস্থলীত GRPF আৰু RPF উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। 06515 নম্বৰৰ উজনিমুৱা বিশেষ শ্ৰমিক ৰেল খনৰ পৰা পৰি এই যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰেল আৰক্ষীয়ে ।

কৰ্ণাটকত ৰাজনৈতিক নাটক : 'অল ইজ নট ৱেল' য়েডুৰাপ্পা চৰকাৰৰ !

কৰ্ণাটকত আৰম্ভ ৰাজনৈতিক নাটক ৷ য়েডুৰাপ্পা নেতৃত্বাধীন চৰকাৰক লৈ অসন্তুষ্ট একাংশ বিজেপি বিধায়ক ৷ ছন্দ পতন ঘটিব নেকি য়েডুৰাপ্পা চৰকাৰৰ ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ বিৰুদ্ধে থকা গোচৰ উঠাই ল'লে উচ্চ ন্যায়ালয়ে

ৰাজস্থান উচ্চ ন্যায়ালয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জয়প্ৰকাশ নড্ডা আৰু তথ্য-প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় নেতা অমিত মালব্যৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ উঠাই লয় ৷

প্ৰস্তাৱিত কাশ্মীৰ যুৱ আন্দোলনৰ অনলাইন বিতৰ্ক

LGBTৰ সমৰ্থকে বাহিৰ কৰিব বিচৰা সমদলক লৈ উত্তাল হৈ পৰিছে সামাজিক মাধ্যম। কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে পিছুৱাব লগীয়া হৈছিল LGBTৰ সমৰ্থনত উলিয়াব বিচৰা সমদল ।

অন্ধ্ৰ চৰকাৰক ৰাজনৈতিক দলৰ ৰং আতৰোৱাৰ নিৰ্দেশ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ

চাৰি সপ্তাহৰ ভিতৰত অন্ধ্ৰপ্ৰদেশ চৰকাৰক চৰকাৰী ভৱনৰ পৰা ৰাজনৈতিক দলৰ ৰং আতৰোৱাৰ নিৰ্দেশ। সৰ্ব্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰে এই নিৰ্দেশ। YSRCP দল শাসনলৈ অহাৰ পাছতে ৰাজ্যখনৰ একাংশ চৰকাৰী কাৰ্যালয়,বিদ্যালয় গৃহ আদিত দলৰ ৰং সনাৰ নিৰ্দেশ দিছিল।

Last Updated : Jun 4, 2020, 7:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.