ETV Bharat / bharat

পুৱা 7 বজাৰ শীৰ্ষ বাতৰি - পুৱা 7 বজাৰ শীৰ্ষ বাতৰি

পুৱা 7 বজাৰ শীৰ্ষ বাতৰিসমূহ

Top 10 at 7 am
পুৱা 7 বজাৰ শীৰ্ষ বাতৰি
author img

By

Published : May 31, 2020, 7:13 AM IST

পুৱা 7 বজাৰ শীৰ্ষ বাতৰিসমূহ-

ভাল খবৰঃ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে "আনলক- 1" ৰ নিয়মাৱলী

দেশজুৰি বাহাল থকা চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিছে "আনলক- 1" ৰ নতুন নিয়মাৱলী ৷ অহা 1 জুনৰ পৰা কাৰ্যকৰী হৈ 30 জুনলৈকে বাহাল থাকিব "আনলক- 1" ৷ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে "আনলক- 1"ৰ বাবে কিছু নিয়মাৱলী ৷

COVID19ৰ ভেকচিনক লৈ এতিয়াও অনিশ্চয়তা আছোঁঃ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

গোলাঘাট জিলাত হঠাৎ কৰ'ণাত আক্ৰান্ত ৰোগী বৃদ্ধি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে চেন্নাইৰ পৰা অহা লোকৰ শৰীৰত কৰ'ণা ভাইৰাছৰ উপস্থিতি আছিল বাবেই গোলাঘাটত কৰ'ণাত আক্ৰান্ত ৰোগী বৃদ্ধি পোৱাৰ কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বয়োজ্যেষ্ঠ লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ কৈ COVID19ৰ ভেকচিনক লৈ এতিয়াও চৰকাৰ অনিশ্চয়তাত থকা বুলিহে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে ৷

MMCHৰ পৰা ১১ গৰাকী কৰ'ণা সুস্থ লোকক ৰিলিজ

শনিবাৰে মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় সুস্থ হোৱা 11জন কৰ'ণা ৰোগী ৷ ইয়াৰে মৰিগাঁৱৰ 1জন, কামৰূপ গ্ৰাম্য 5জন, কামৰূপ মহানগৰৰ 2জন, নগাঁৱৰ 2জন আৰু কাৰ্বি আংলঙৰ এজন লোক সুস্থ হৈ উঠিছে । বৰ্তমানলৈ 147 গৰাকী কৰ'ণা আক্ৰান্ত সুস্থ লোকক ৰিলিজ দিয়া হৈছে হাস্পতালখনৰ পৰা । অহা দুই এদিনতে আৰু 10-15 গৰাকীক ৰিলিজ কৰাৰ সম্ভাৱনা আছে ।

দিহিং পাটকাইত কয়লাৰ মুক্ত খনন সন্দৰ্ভত সংবাদমেলযোগে স্থিতি স্পষ্ট কৰিলে চৰকাৰে

দিহিং পাটকাইৰ সংলগ্ন চালেকি বনাঞ্চলত মুক্ত কয়লা খননক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এখন যৌথ সংবাদমেলত ভাগ লৈ মন্ত্ৰী দুগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন অংগীকাৰবদ্ধ যে কোনো মূল্যৰ বিনিময়তে বনাঞ্চল ধ্বংস কৰি কয়লা খনন চলাবলৈ দিয়া নহ'ব । গতিকে চালেকি বনাঞ্চলক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা দু:চিন্তাৰ কোনো কাৰণ নাই ।

বিতৰ্কৰ পাছৰে পৰা সন্ধানহীন "টাইকা" বাৰৰ স্বত্বাধিকাৰী

গুৱাহাটীৰ জি এচ ৰোডস্থিত "টাইকা" নামৰ বাৰখন বিতৰ্কৰ মাজত সোমাই পৰাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে বাৰখনৰ স্বত্বাধিকাৰী মিপুন কংকন পেগু ৷ শুকুৰবাৰৰ নিশাৰে পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে টাইকা বাৰৰ স্বত্বাধিকাৰী তথা প্ৰাক্তন মন্ত্ৰী ৰাজীৱলোচন পেগুৰ পুত্ৰ মিপুন কংকন পেগু ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জনাইছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ৷ দোষী সাব্যস্ত হ'লে মন্ত্ৰীৰ পুত্ৰ জনক তদন্তৰ আওতালৈ অনা হ'ব বুলি জনাইছে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে ৷

বিতৰ্কৰ আৱৰ্তত মহানগৰীৰ "টাইকা" বাৰঃ সাঙুৰ খাইছে প্ৰাক্তন মন্ত্ৰীৰ নাম

লকডাউনৰ মাজতে বৃহস্পতিবাৰৰ নিশা মহানগৰীত সান্ধ্য আইন উলংঘা কৰি তাণ্ডৱ সৃষ্টি কৰিছিল এজন সুৰামত্ত যুৱকে ৷ আনকি সুৰামত্ত হৈ গাড়ী চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ কনভয়ত খুন্দা মৰাৰ উপক্ৰম কৰিছিল বাহনে ৷ ঘটনাৰ সময়ত দিছপুৰৰ পৰা ব্ৰহ্মপুত্ৰ অতিথিশালা অভিমুখে গৈ আছিল মুখ্যমন্ত্ৰীৰ কনভয় ৷ সেই সময়তে লকডাউন উলংঘা কৰি ভুল পথেৰে মুখ্যমন্ত্ৰী কনভয়ৰ সৈতে তীব্ৰগতিত আগবাঢ়িছিল বাহনখন ৷ ইয়াৰ পাছত ভঙাগড় আৰক্ষীয়ে দুগৰাকী যুৱতীসহ দুজন যুৱকক আটক কৰিছিল তাৰ মাজতে এজন আছিল আছিল মহানগৰীৰ জি এছ ৰোডত থকা "টাইকা" নামৰ বাৰখনৰ মালিক ৷

ডিব্ৰুগড়ৰ খোৱাঙত লোমহৰ্ষক হত্যাকাণ্ড

ডিব্ৰুগড়ৰ খোৱাং মাধকলীত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ এটা ঘৰৰ ভিতৰত গাঁ‌তত পুতি থোৱা অৱস্থাত এটি কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্য ৷ মঙলবাৰৰ পৰা সন্ধানহীন হোৱা কিশোৰটিৰ মৃতদেহ শনিবাৰে কাষৰ ঘৰ এটিৰ পৰা উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷

নগাঁৱত কৰ'ণা ঔষধ ! ঘটনা সন্দৰ্ভত স্থিতি স্পষ্ট স্বাস্থ্য বিভাগৰ

নগাঁৱত কৰ'ণাৰ ঔষধ ! কিন্তু এয়া অন্ধবিশ্বাস বুলি স্থিতি স্পষ্ট কৰিলে নগাঁও জিলাৰ স্বাস্থ্য বিভাগে । ঔষধ আৱিষ্কাৰ কৰা বুলি দাবী কৰা মহিলাগৰাকীক শান্তনা দিয়াৰ উদ্দেশ্যে চিকিৎসকৰ এটি দল মহিলাগৰাকীৰ ঘৰলৈ প্ৰেৰণ কৰা বুলি শনিবাৰে মন্তব্য় কৰে নগাঁৱৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অতুল চন্দ্ৰ পাটৰে ।

হোজাইত পথাৰত উদ্ধাৰ মহিলাৰ মৃতদেহ

হোজাইৰ কাকীৰ ৰামপুৰত পথাৰৰ আলিত সুশীলা ধনোৱাৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ পৰিত্যক্ত অৱস্থাত পৰি থকাত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত কাকী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷

শুকুৰবাৰে আকাশীপথেৰে ভ্ৰমণ কৰিলে 39,969 যাত্ৰীয়ে

শুকুৰবাৰ দিনটোত ভাৰতবৰ্ষত 39,969 গৰাকী যাত্ৰীক কঢ়িওৱা মুঠ 513খন গৃহ বিমান চলাচল কৰে । শনিবাৰে অসামৰিক বিমান উদ্যোগ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে প্ৰকাশ কৰে এই কথা । কৰ'ণা ভাইৰাছৰ বাবে ঘোষিত লকডাউনৰ ফলত প্ৰায় দুমাহৰ অন্তত ভাৰতত আৰম্ভ হৈছে ঘৰুৱা বিমান সেৱা । এই পৰ্যন্ত ভাৰতত সোমবাৰে 428, মঙলবাৰে 445, বুধবাৰে 460 আৰু বৃহস্পতিবাৰে 498 খন ঘৰুৱা বিমান চলাচল কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.