ETV Bharat / bharat

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10
পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Jul 11, 2020, 10:59 AM IST

মুম্বাইৰ বৰিভালীত ভয়ংকৰ অগ্নিকাণ্ড

মুম্বাইৰ বৰিভালীত শনিবাৰে পুৱা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ বৰিভালীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱা 3 বজাত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ ঘটনাস্থলীত 8 খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু 10 খন জম্বৌ বাহন উপস্থিত হৈ অব্যাহত ৰাখে জুই নিৰ্বাপনৰ চেষ্টা ৷

বিহাৰত বজ্ৰ পৰি মৃত্যু 9 জনৰ

বিহাৰত শুকুৰবাৰে বজ্ৰপাত পৰি 9 জনকৈ লোকৰ মৃত্যু হয় ৷ ৰাজ্যখনৰ এৰিয়া জিলাত 5 জন, পুৰ্ণিয়াত 2 জন, কিষাণগঞ্জ আৰু বাংকা জিলাত 1 জনকৈ লোকৰ বজ্ৰপাত পৰি মৃত্যু হয় ৷ লোককেইজনে পথাৰত কাম কৰি থকা সময়তে সংঘটিত হয় এই ঘটনা ৷ বজ্ৰপাত পৰি মৃত্যু হোৱা লোককেইজনৰ মাজত এগৰাকী 5 বছৰীয়া শিশুও আছে ৷

শদিয়াৰ বিধায়ক বলিন চেতিয়া "পজিটিভ"

ৰাজ্যত কৰ'ণাৰ চিকাৰ হ'ল তৃতীয়গৰাকী বিধায়ক । ইতিমধ্যে বিজেপিৰ দুই বিধায়ক কৃষ্ণেন্দু পাল আৰু নাৰায়ণ ডেকা কোভিড ১৯ ত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ কোভিডে দংশন কৰিছে শদিয়া সমষ্টিৰ বিজেপি বিধায়ক বলিন চেতিয়াক । শণিবাৰে পুৱা বিধায়ক চেতিয়াই ই টিভি ভাৰতৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত নিজেই এই কথা সদৰি কৰিছে ।

মুম্বাইত ক'ভিড-19 যুদ্ধৰ প্ৰথম শাৰীৰ সৈনিক হিচাপে সন্মানিত এগৰাকী অসম কন্যা

ক'ভিড-১৯ ৰ বিৰুদ্ধে মুম্বাইত চলি থকা বিৰামহীন যুঁজখনত একনিষ্ঠ ভাবে নিজকে নিয়োজিত কৰিছে এগৰাকী অসম কন্যা চিকিৎসকে । তেওঁৰ নাম ডাঃ বৰ্ষা গদাপাণি পাঠক । ইতিমধ্যে মেধা আৰু পাৰদৰ্শিতাৰ বাবে তেওঁ দুটাকৈ সন্মানেৰে বিভূষিত হৈছে । গুৱাহাটীৰ জীয়ৰী ডাঃ বৰ্ষা ২০১২ চনত আততায়ীয়ে হত্যা ৰাজ্যৰ কৃষি বিভাগৰ এগৰাকী সুদক্ষ অভিযন্তা গদাপাণি পাঠকৰ কন্যা ৷

কোভিড 19 ত আক্ৰান্ত ৰঞ্জন দৈমাৰী

প্ৰাক্তন এনডিএফবি-ৰ অধ্যক্ষ ৰঞ্জন দৈমাৰী কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ সম্প্ৰতি গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে নেতাগৰাকীক ৷ উল্লেখ্য যে,বিগত 2008 বৰ্ষত ৰাজ্য কঁপোৱা বোমা কাণ্ডৰ মূল অভিযুক্তগৰাকী দীৰ্ঘদিনে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ আছিল ৷

অৱশেষত গোচৰ তৰিলে প্ৰীতি কংগনাই

ছ'চিয়েল মিডিয়াত সৰৱ হৈ পৰিছে বেগমজান ধাৰাবাহিকৰ বিতৰ্ক ৷ ইয়াৰ মাজতে একাংশই আক্ৰমণৰ লক্ষ্য কৰি লৈছে বেগমজানৰ অভিনেত্ৰী প্ৰীতি কংগনাক ৷ অশ্লীল তথা হত্যাৰ দৰে ভাবুকি প্ৰদান কৰা মন্তব্যৰ পৰিপেক্ষিতত শেহতীয়াকৈ দিছপুৰ আৰক্ষী থানাত গোচৰ তৰিছে অভিনেত্ৰীগৰাকীয়ে ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ বছৰি ১০০ কোটি টকাৰ পুঁজি আৱণ্টনৰ দাবী এবছুৰ

বিভিন্ন সমস্যাৰে জৰ্জৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত শুকুৰবাৰে এবছুৰ সভাপতি দ্বীপেন বড়োৰ নেতৃত্বত আঠজনীয়া প্ৰতিনিধি দল উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ সমস্যা সম্পৰ্কত উপাচাৰ্য এল এল সিঙৰ সতে এক বৈঠকত মিলিত হয় । বড়োলেণ্ড বিশ্ববিদ্যালয়ে ১২ বি ষ্টেটাছ পোৱা সত্বেও আন্তঃগাঁথনি , পৰ্যাপ্ত পৰিমানে শিক্ষক-কৰ্মচাৰী নথকাৰ বিষয়ে সদৰি কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে বিশ্ববিদ্যালয়খনত বাংলা, নেপালী আৰু হিন্দী বিষয়ত মাতৃভাষা পাঠ্যক্ৰম মুকলি কৰিবলৈ দাবী উত্থাপন কৰিছে ।

একেলগে বহু কেইটা শূন্য পোৱা দল হ'ব আছু : জয়ন্ত মল্ল বৰুৱা

নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক মন্তব্য ৷ কৰ'ণাৰ মাজতে এতিয়া আৰম্ভ হৈছে বাক্যবানৰ নতুন যুঁজ। এইবাৰ আছুক কটাক্ষ পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ । শুকুৰবাৰে নলবাৰীত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জয়ন্ত মল্ল বৰুৱাই কয়, চান্দা পাৰ্টিয়ে আগতে ৰাইজৰ কাম কৰক । তাৰ পাচত দল খুলিব ।

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সমূহীয়া দোৱা

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত শুকুৰবাৰে বিলাসীপাৰাত অভিনৱ প্ৰতিবাদ ৷ ধুবুৰী জিলা আৰু কাঠালদি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গৌৰাং নৈৰ বাকৰিত সাব্যস্ত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ নৈৰ বাকৰিত জিলা খনৰ একাংশ ছাত্ৰ নেতা-কৰ্মীৰ লগতে স্থানীয় ৰাইজে হাতে হাতে প্লে' কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

চৰাইদেউত পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ

শিৱসাগৰ জিলাৰ সোণাৰিত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিত এগৰাকী ব্যক্তিয়ে লাঠীৰে প্ৰহাৰ কৰাৰ ফলত মৃত্যুমুখত পৰে পুত্ৰ ৷ পুত্ৰক মৰিয়াই হত্যা কৰাৰ পিছত ভীম বাহাদুৰ নেৱাৰ নামৰ ব্যক্তিগৰাকীয়ে সোণাৰি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.