ETV Bharat / bharat

সহিষ্ণুতা আৰু সম্প্ৰীতি- ৰাম ৰাজ্যৰ মূলতত্ত্ব

author img

By

Published : Nov 10, 2019, 12:01 AM IST

অযোধ্যাৰ গোচৰ সন্দৰ্ভত মহামান্য আদালতৰ ৰায়দান যিয়েই নহওঁক লাগে, ই ভৱিষ্যত প্ৰজন্মৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব ৷

সহিষ্ণুতা আৰু সম্প্ৰীতি- ৰাম ৰাজ্যৰ মূলতত্ত্ব

সহিষ্ণুতা আৰু সম্প্ৰীতি- ৰাম ৰাজ্যৰ মূলতত্ত্ব

অযোধ্যাৰ গোচৰ সন্দৰ্ভত মহামান্য আদালতৰ ৰায়দান যিয়েই নহওক লাগে, ই ভৱিষ্যত প্ৰজন্মৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব ৷ অযোধ্যাৰ বিবদমান ভূমিৰ গোচৰত মুছলিম পক্ষৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধাৱনে উচ্চতম ন্যায়ালয়লৈ লিখা এটা টোকাত উল্লেখ কৰিছে,"এই গোচৰৰ ৰায়দানত দেশৰ ৰাজনীতিৰ বাবে এক পৰিণাম লৈ আহিব ৷" বিগত 7 টা দশকজুৰি দেশৰ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত আলোড়নৰ সৃষ্টি কৰা অযোধ্যা ভূমি বিবাদ সন্দৰ্ভত চূড়ান্ত ৰায়দান প্ৰদান কৰিবলৈ সাজু হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় ৷ বিগত 40 দিনযোৰা শুনানিৰ অন্তত যোৱা 16 অক্টোবৰত শুনানিৰ সামৰণি পৰে ৷ যিহেতু 17 নৱেম্বৰত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণ কৰিব, গতিকে সাম্প্ৰতিক চূড়ান্ত ৰায়দান সন্দৰ্ভত চৰ্চা অব্যাহত আছে ৷ আসন্ন ৰায়দানৰ সৈতে ধৰ্মীয় দৃষ্টিকোণ জড়িত হৈ থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশত সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰাৰ উদ্দেশ্যে 4000 সৈন্যবাহিনী মোতায়েন কৰিছে ৷ একেদৰে উত্তৰ প্ৰদেশ ৰাজ্যিক চৰকাৰে ছ'চিয়েল মিডিয়াৰ লগতে উচটনিমূলক পোষ্টৰ সূক্ষ্ম নিৰীক্ষণৰ বাবে 16000 স্বেচ্ছাসেৱক নিয়োগ কৰিছে ৷ ইফালে ফৈজাবাদ আৰক্ষীয়েও চূড়ান্ত ৰায়দান ঘোষণাৰ সময়ত জিলাখনত শান্তি-শৃংখলা অটুট ৰখাৰ বাবে সমসংখ্যক স্বেচ্ছাসেৱকক নিয়োগ কৰিছে ৷ উল্লেখযোগ্য যে তিনি সপ্তাহ পূৰ্বে নিউজ ব্ৰটকাষ্টিং ষ্টেণ্ডাৰ্ড অথৰিটী, চমুকৈ এন বি এছ এ য়ে নিউজ চেনেলসমূহলৈ এক বিশেষ নিৰ্দেশনা জাৰি কৰি প্ৰৰোচনামূলক ভাষ্যৰ লগতে মছজিদ ধ্বংসৰ দৃশ্য শ্ৰব্য সম্প্ৰচাৰ নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷ সকলো পক্ষৰ সন্মতি সাপেক্ষে বিজেপি আৰু আৰ এছ এছ নেতৃবৃন্দই আহ্বান কৰা সভাত জমিয়ত-উলেমা-ই-হিন্দ আৰু অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল' ব'ৰ্ডেও অংশগ্ৰহণ কৰে ৷ সভাত অংশগ্ৰহণকাৰী সকলো প্ৰতিনিধিয়ে সৰ্বোচ্চ আদালতৰ ৰায়ক গ্ৰহণ কৰাৰ লগতে ৰায়দান ঘোষণাৰ পাছত ৰাইজক কোনোধৰণৰ আনন্দ উদযাপনৰ লগতে হিংসাত্মক কাৰ্যত লিপ্ত নহবলৈ আহ্বান জনাব বুলি উল্লেখ কৰে ৷ যিয়েই তেওঁলোকৰ পৰিপক্কতাৰ আৰু স্পৰ্শকাতৰ মনোবৃত্তিক প্ৰতিফলিত কৰিছে ৷

হিন্দু-মুছলিম উভয় পক্ষই এইক্ষেত্ৰত আশাবাদী যে ঐতিহাসিক অযোধ্যা গোচৰৰ ৰায়দানে দেশত দশকজুৰি অব্যাহত থকা আইনী সংঘাত আৰু ধৰ্মীয় অন্তঃকলহৰ পৰিসমাপ্তি ঘটাব ৷ কৰসেৱকৰ দ্বাৰা বাবৰি মছজিদ ধ্বংস হোৱাৰ পাছত সেইসময়ৰ তদানীন্তন পি ভি নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উক্ত বিবাদৰ পৰা নিজকে একাষৰীয়া কৰি ইয়াৰ সমস্ত দায়বদ্ধতা ৰাষ্ট্ৰপতিৰ আদেশ অনুসৰি উচ্চতম ন্যায়ালয়ক কান্ধত অৰ্পণ কৰিছিল ৷ নৰসিংহ চৰকাৰে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কেৱল এশাৰী বিবৃতি প্ৰদান কৰে আৰু সেইয়া আছিল-"1992 চনৰ 6 ডিচেম্বৰৰ পূৰ্বে অৰ্থাৎ বাবৰি মছজিদ ধ্বংস হোৱাৰ আগেয়েই ইয়াত কোনো মন্দিৰ আছিল নে? ন্যায়ালয়ৰ হস্তক্ষেপেহে চৰকাৰক ৰক্ষা কৰিব বুলি আশা কৰিব পাৰি ৷" কিন্তু উচ্চতম ন্যায়ালয়ে গোচৰটো গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য কৰাৰ লগতে দেশৰ ন্যায়পালিকাৰ ঐক্যৰ সৈতে কোনো আপোচ কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে ৷ কিন্তু সেই একেখন সৰ্বোচ্চ ন্যায়ালয়ে 25 বছৰৰ পাছত অযোধ্যা বিবাদৰ অন্তিম পৰ্যায়ত উপনীত হৈছে ৷ গোচৰীয়া দুয়োপক্ষৰ বাবে 180 ঘণ্টাকৈ ধাৰ্য কৰা হয় ৷ বিচাৰপীঠে শুনানিৰ প্ৰাৰম্ভিক 15 দিন হিন্দু পক্ষৰ বাবে নিৰ্দ্ধাৰণ কৰাৰ বিপৰীতে বাকী 20 দিন মুছলিম পক্ষক প্ৰদান কৰে ৷ আনহাতে অৱশিষ্ট 5 দিন দুয়োপক্ষৰ মাজত পাৰস্পৰিক যুক্তি-তৰ্ক প্ৰকাশ কৰা বাবে প্ৰদান কৰা হয় ৷ হিন্দু পক্ষৰ যুক্তি অনুসৰি ৰজা বিক্ৰমাদিত্যই বহু শতাব্দী পূৰ্বে অযোধ্যাত এটি মন্দিৰ নিৰ্মাণ কৰাইছিল আৰু ইয়াক 11শ শতাব্দীত পুনৰ নিৰ্মাণ কৰা হয় আৰু 1526 ত ইয়াক মোগল সম্ৰাট বাবৰে ভাঙি পেলায় ৷ ইয়াৰ পৰিৱৰ্তে মুছলিম পক্ষই প্ৰদৰ্শন কৰা যুক্তি মতে বিবদমান চৌহদত সকলোধৰণৰ চৰকাৰী নথি-পত্ৰ অনুসৰি কেৱল মছজিদৰ অস্তিত্বৰ কথাহে উল্লেখ আছে ৷ আনকি 1993 চনত প্ৰকাশিত ৰাষ্ট্ৰীয় প্ৰন্ততাত্ত্বিক জৰীপৰ প্ৰতিবেদন অসম্পূৰ্ণ বুলি উল্লেখ কৰে ৷ যদিও দুয়োপক্ষই সৰ্বোচ্চ বিচাৰপীঠৰ সন্মুখত মতবিৰোধ প্ৰকাশ কৰিছিল ৷ তথাপি তেওঁলোকৰ একেসময়ত একেলগে আপীল আৰু আৱেদন কৰাৰ কথাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ ৷

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্নৌৰ বিচাৰপীঠে প্ৰদান কৰা অযোধ্য বিবাদৰ প্ৰস্তাৱনাত উল্লেখ থকা মতে,"এয়া কেৱল এক ক্ষুদ্ৰ ভূমি,য'ত ফিৰিস্তাইও পদধ্বনি দিবলৈ ভয় কৰে ৷" এই ভাষ্যই পৰিস্থিতিৰ তীব্ৰতাক উপস্থাপন কৰে ৷ আনহাতে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি উচ্চ ন্যায়ালয়ে সমুদায় 1500 বৰ্গ গজ ভূমিক সমভাৱে তিনিভাগত ভাগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ আনহাতে একে সময়তে উচ্চতম ন্যায়ালয়ত বিবদমান প্ৰাঙ্গণৰ সমুদায় ভূমিৰ প্ৰকৃত মালিকীস্বত্বৰ দাবীত 14 খনকৈ আৱেদন জনোৱা হয় ৷ উচ্চতম ন্যায়ালয়ে এখন তিনিজনীয়া বিচাৰপীঠক প্ৰতিবেদন প্ৰকাশ কৰিবলৈ নিয়োগ কৰে ৷ এই বিচাৰপীঠৰ সদস্যলসকল হৈছে- অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এফ এম ইব্ৰাহিম কালিফুল্লা,শ্ৰী শ্ৰী ৰবিশংকৰ আৰু জ্যেষ্ঠ অধিবক্তা শ্ৰীৰাম পানচুয়ে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰে ৷ কিছু নিউজৰ প্ৰতিবেদন অনুসৰি, উত্তৰ প্ৰদেশৰ চুন্নী ৱাকফ ব'ৰ্ড আৰু নিৰ্মোহী আখাৰাই ইচ্ছাকৃতভাৱে তেওঁলোকৰ মাজত থকা 2.77 একৰ বিবদমান ভূমিৰ ওপৰৰ মালিকীস্বত্ব এক ভূমি দলিলত হিন্দু মহাসভাৰ সৈতে স্বাক্ষৰ কৰি প্ৰত্যাহাৰ ঘোষণা কৰে ৷

জাতিৰ পিতা মহাত্মা গান্ধীয়ে এসময়ত কোৱাৰ দৰে,"হিন্দু ধৰ্মই সকলো ধৰ্মৰ প্ৰতি সদভাৱ পোষণ কৰি সকলোকে আঁকোৱালি লয় আৰু ইয়াৰ মাজতেই ৰাম-ৰাজ্যৰ মূলতত্ত্ব নিহিত হৈ আছে৷" ভাৰতবৰ্ষৰ ঐক্য আৰু অখণ্ডতা মূলত ধৰ্মীয় সহিষ্ণুতাৰ গাঁথনিৰ ওপৰত প্ৰতিষ্ঠিত ৷ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক বাদ দি দেশৰ সকলো শ্ৰেণীৰ লোকে হিংসাত্মক পন্থা অৱলম্বন কৰাৰ বিপৰীতে নম্ৰতাৰে এজনে আনজনক আলিঙ্গন কৰাৰ লগতে ৰাষ্ট্ৰীয় ঐক্য-সম্প্ৰীতিৰ প্ৰদৰ্শন কৰা উচিত ৷ সৰ্বসন্মতিমৰ্মে গোচৰৰ সৈতে জড়িত দলসমূহৰ নেতাসকলৰ মাজত অনুষ্ঠিত হোৱা মেলসমূহে আশংকিত সাম্প্ৰদায়িক উত্তেজনাক প্ৰশমিত কৰাত এক মাইলৰ খুঁটি হিচাবে অৱতীৰ্ণ হৈছে ৷

আৰু পঢ়ক অযোধ্যা ৰায়দানৰ পাচতে দোভালক সাক্ষাৎ ৰামদেৱ, হিন্দু নেতাৰ

Intro:Body:

CHAIRMAN SPECIAL ARTICLE

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.