ETV Bharat / bharat

সংকট নিৰাময়ৰ বাবে ভাৰতে জল সংৰক্ষণৰ সংস্কৃতি গঢ়ি তোলক

কৃষকৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতালৈকে সকলোকে পানীৰ সংৰক্ষণেই যে,জীৱন নিৰ্বাহৰ মূল বিষয় সেই বিষয়ে সচেতন কৰি তুলিব লাগিব ৷ পানীৰ সংৰক্ষণৰ বিষয়ে বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি অতি কম বয়সৰ পৰাই সকলোকে শিক্ষিত কৰি তুলিব লাগিব ৷ পানী অবিহনে মানুহে অধিক জীয়াই থাকিব নোৱাৰে ৷ যাৰ বাবেই উচ্চতম ন্যায়ালয়ে খোৱা পানী জীৱনৰ অধিকাৰ হিচাপে ঘোষণা কৰিছিল ৷ বৰষুণৰ পানী সংৰক্ষণ,উপযুক্ত পানী সেৱন আৰু নিষ্কাষিত পানীৰ পুনৰ ব্যৱহাৰ আদি নীতিসমূহক মুখ্য আঁচনি হিচাপে লৈ সমাজৰ সকলো পক্ষৰ মাজতে কাৰ্যকৰী কৰি তোলাটো অতিকে প্ৰয়োজনীয় ৷ Etv Bharat অসমৰ এক প্ৰতিবেদন ৷

author img

By

Published : Nov 18, 2019, 7:52 PM IST

ভাৰতে জল সংৰক্ষণৰ সংস্কৃতি গঢ়ি তোলক

মানুহ জীৱিত থাকিবলৈ খাদ্যতকৈ প্ৰয়োজনীয় হৈছে পানী ৷ পানী অবিহনে মানুহে অধিক জীয়াই থাকিব নোৱাৰে ৷ যাৰ বাবেই উচ্চতম ন্যায়ালয়ে খোৱা পানী জীৱনৰ অধিকাৰ হিচাপে ঘোষণা কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে খোৱাপানী প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব বুলি ঘোষণা কৰে ৷ তেওঁৰ শেহতীয়া হায়দৰাবাদ ভ্ৰমণত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে, মিছন ভাগিৰথৰ অধীনত খোৱা পানী যোগান প্ৰকল্পৰ বিষয়ে এক পৰিকল্পনা হাতত লোৱা ৷ 2024 চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছনৰ অধীনত 14.60 কোটি পৰিয়াললৈ পানী যোগান ধৰাৰ কথা উল্লেখ কৰে শ্বেখাৱটে ৷ এই প্ৰকল্পৰ বাবে চৰকাৰে ব্যয় কৰিব 3.60 লাখ কোটি টকা ৷ দৰাচলতে এই প্ৰস্তাৱ নিৰ্মলা সীতাৰমণে বাজেট অধিবেশনত উপস্থাপন কৰিছিল ৷ তিনিমাহ পূৰ্বে, খবৰ ওলাইছিল যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে লগ লাগি "নল জল চে" আঁচনি ৰূপায়ণ কৰিব আৰু প্ৰতিখন ৰাজ্যৰ প্ৰয়োজন অনুসৰি, জল জীৱন মিছন গঠন কৰিব ৷ শ্বেকাৱট যিয়ে এই আঁচনিৰ মুঠ ব্যয়ৰ বিষয়ে উল্লেখ কৰি ৰাজ্য চৰকাৰসমূহৰ সহযোগিতা অবিহনে ই সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে স্থানীয় সংস্থা সমূহক 256খন জিলা আৰু 1,592টা খণ্ডত জল শক্তি অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰি ৰাজ্য চৰকাৰ সমূহৰ সৈতে লগ লাগি খোৱা পানীৰ প্ৰয়োজনীয়তা পূৰণৰ আশ্বাস প্ৰদান কৰিছে ৷ যদিহে ৰাজ্য চৰকাৰসমূহে অনাহক খৰচসমূহ কমাই আনি এইসমূহ টকা এই আঁচনিত ব্যয় কৰে তেতিয়া লাখ-লাখ তৃষ্ণাতুৰৰ পিয়াহ দূৰ কৰিবলৈ সক্ষম হ'ব ৷

যিয়ে কিলোমিটাৰ দূৰলৈ পানী সংগ্ৰহৰ বাবে যাবলগীয়া হয় তেওঁলোকৰ কষ্ট কোনেও শব্দত প্ৰকাশ কৰিব নোৱাৰে ৷ ইউনিচেফৰ মতে, বিশ্বব্যাপী শিশু আৰু মহিলাসকলে তেওঁলোকৰ মূল্যবান সময়ৰ 20 কোটি ঘন্টা যিটো 22,800 বছৰৰ সমান সেয়া প্ৰতিদিনে খোৱাপানী বিছৰাৰ নামত ব্যয় কৰি আহিছে ৷ ভাৰত চৰকাৰে লোকসভাত প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি 21খন ৰাজ্যৰ 153খন জিলাৰ লোকে আৰ্চেনিকযুক্ত পানী সেৱন কৰি আহিছে ৷ বিগত বৰ্ষত ভাৰতৰ 16 খনৰো অধিক ৰাজ্যত ভূ-গৰ্ভস্থ পানীত ইউৰেনিয়ামৰ অৱস্থিতি পোৱাৰ ভয়ানক তথ্য ডিউক বিশ্ববিদ্যালয়ৰ অধ্যয়নত পোহৰলৈ আহিছিল ৷ নিটি আয়োগৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশব্যাপী 60 কোটি লোকে পানীৰ নাটনিৰ দ্বাৰা আক্ৰান্ত ৷ ভাৰতৰ চহৰ আৰু নগৰত বৃদ্ধি পোৱা পানীৰ সমস্যাই কেপ টাউন চহৰৰ দৃশ্য মনত পেলাই দিয়ে ৷ সাধাৰণ জনতাক বুনিয়াদী সুবিধা প্ৰদান কৰাত চৰকাৰৰ নিৰাশাজনক বিফলতা স্পষ্ট ৷ গংগাকে ধৰি,ভাৰতৰ অধিকসংখ্যক নদীয়ে ঔদ্যোগিক আৰু কৃষিজনিত আৱৰ্জনাৰ বাবে আজিৰ দিনত অত্যধিক পৰিমাণে প্ৰদূষিত ৷ যদিহে জল সংৰক্ষণক আওকাণ কৰা হয়,ভূ-গৰ্ভস্থ পানীৰ স্তৰ শূন্যলৈ অৱনমিত হোৱাৰ লগতে জলাশয়বোৰ মুহূৰ্তৰ ভিতৰতে শুকাই যাব ৷ এনেকুৱা সময়ত আমি গভীৰ নিদ্ৰাৰ পৰা উঠি সাৱধান হ'বৰ হৈছে ৷ মিহিৰ শ্বাহৰ নেতৃত্বৰ এখন কমিটীয়ে যিখন কমিটীয়ে পূৰ্বৱৰ্তী পৰিকল্পনা আয়োগৰ সৈতে কাম কৰিছিল,আগন্তুক ছমাহৰ ভিতৰত ৰাষ্ট্ৰীয় জল নীতিৰ খচৰা দাখিল কৰিব ৷ শ্বাহ কমিটীয়ে বিধেয়কখনত জল সংকটৰ বিভিন্ন প্ৰত্যাহ্বানসমূহৰ প্ৰতি ধ্যান ৰাখি দায়িত্বশীল বিধেয়ক হিচাপে জল সংৰক্ষণৰ বাবে মাৰ্গ প্ৰদৰ্শনকাৰী হিচাপে দাখিল কৰিব বুলি আশা কৰিব পাৰি ৷

অষ্ট্ৰেলিয়া,ইংলেণ্ড,দক্ষিণ আফ্ৰিকাৰ দৰে দেশসমূহে পানীৰ অপ-প্ৰয়োগ আৰু ভূ-গৰ্ভস্থ পানী নিঃশেষ হোৱাৰ পৰা ৰক্ষা পৰিবলৈ ব্যৱস্থা হাতত লৈছে ৷ জলসংকটৰ পৰা পৰিত্ৰাণ পাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে এইসমূহ দেশে ৷ 2030 চনৰ ভিতৰত সকলো নদীৰ পাৰলৈ আৰু চহৰলৈ 95 শতাংশ গুণগত পানী আহৰণ কৰিবলৈ লক্ষ্য বান্ধি লৈছে চীনে ৷ পানী সংৰক্ষণ আৰু পানী প্ৰদূষণৰ দৰে ঘটনা নিৰীক্ষণ কৰিবলৈ চীনে 12 লাখ কৰ্মী নিয়োগ কৰিছে ৷ ভাৰতে চীনৰ এনেকুৱা কৌশলৰ বিষয়ে ভাৱিবলৈয়ো সক্ষম নহয় যদিও স্বাধীনতাৰ 70 বছৰ পিচতে দেশখনে ইয়াৰ অধিকাংশ জল উৎস হেৰুৱাবলগীয়া হৈছে ৷ এই সমস্যাৰ পৰা পৰিত্ৰাণৰ বাবে পানী সংৰক্ষণৰ এক নব্য সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজন আহি পৰিছে ৷ কৃষকৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতালৈকে সকলোকে পানীৰ সংৰক্ষণেই যে, জীৱন নিৰ্বাহৰ মূল বিষয় সেই বিষয়ে সচেতন কৰি তুলিব লাগিব ৷ পানীৰ সংৰক্ষণৰ বিষয়ে বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি অতি কম বয়সৰ পৰাই সকলোকে শিক্ষিত কৰি তুলিব লাগিব ৷ যদিও পূৰ্বৱৰ্তী জল নীতিসমূহে বহুকেইটা বিচাৰ আগবঢ়াইছিল তথাপিও সেইসমূহ বিচাৰ পানী সংৰক্ষণৰ বাবে উচিত হিচাপে বিবেচিত নহ'ল ৷ দুৰ্নীতিত নিমজ্জিত হৈ থকা প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে পানীৰ সমস্যা দূৰ কৰিবলৈ কৰণীয় একোৱেই নকৰিলে ৷ বৰষুণৰ পানী সংৰক্ষণ,উপযুক্ত পানী সেৱন আৰু নিষ্কাষিত পানীৰ পুনৰ ব্যৱহাৰ আদি নীতিসমূহক মুখ্য আঁচনি হিচাপে লৈ সমাজৰ সকলো পক্ষৰ মাজতে কাৰ্যকৰী কৰি তোলাটো অতিকে প্ৰয়োজনীয় ৷ ভাৰতীয় পানী পাইপলাইন আৰু পানীৰ টেপত পোৱা E-Coli নামৰ ভয়ংকৰ বেক্টেৰিয়াই খোৱাপানী মানুহৰ ব্যৱহাৰৰ বাবে অযোগ্য কৰি তুলিছে ৷ যদিহে এনেকুৱা ভয়ানক দিশসমূহৰ পৰা এৰাই অহাৰ লগতে ইয়াৰ পুনৰাবৃত্তি কৰা নহয়,তেতিয়াহে আমি নিজকে ভৱিষ্যত প্ৰজন্মৰ বাবে দায়িত্বশীল বুলি ক'ব পাৰিম ৷

Intro:Body:

সংকট নিৰাময়ৰ বাবে ভাৰতে জল সংৰক্ষণৰ সংস্কৃতি গঢ়ি তোলক 

কৃষকৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতালৈকে সকলোকে পানীৰ সংৰক্ষণেই যে, জীৱন নিৰ্বাহৰ মুল বিষয় সেই বিষয়ে সচেতন কৰি তুলিব লাগিব ৷ পানীৰ সংৰক্ষণৰ বিষয়ে বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰি অতি কম বয়সৰ পৰাই সকলোকে শিক্ষিত কৰি তুলিব লাগিব ৷ পানী অবিহনে মানুহে অধিক জীয়াই থাকিব নোৱাৰে ৷ যাৰ বাবেই উচ্চতম ন্যায়ালয়ে খোৱা পানী জীৱনৰ অধিকাৰ হিচাপে ঘোষণা কৰিছিল ৷ বৰষুণৰ পানী সংৰক্ষণ, উপযুক্ত পানী সেৱন আৰু নিষ্কাষিত পানীৰ পুনৰ ব্যৱহাৰ আদি নীতিসমূহক মুখ্য আঁচনি হিচাপে লৈ সমাজৰ সকলো পক্ষৰ মাজতে কাৰ্যকৰী কৰি তোলাটো অতিকে প্ৰয়োজনীয় ৷ Etv Bharat অসমৰ এক প্ৰতিবেদন ৷ 

মানুহ জীৱিত থাকিবলৈ খাদ্যতকৈ প্ৰয়োজনীয় হৈছে পানী ৷ পানী অবিহনে মানুহে অধিক জীয়াই থাকিব নোৱাৰে ৷ যাৰ বাবেই উচ্চতম ন্যায়ালয়ে খোৱা পানী জীৱনৰ অধিকাৰ হিচাপে ঘোষণা কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে খোৱাপানী প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব বুলি ঘোষণা কৰে ৷ তেওঁৰ শেহতীয়া হায়দৰাবাদ ভ্ৰমণত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে, মিছন ভাগিৰথাৰ অধীনত খোৱা পানী যোগান প্ৰকল্পৰ বিষয়ে এক পৰিকল্পনা হাতত লোৱা ৷ 2024 চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছনৰ অধীনত 14.60 কোটি পৰিয়াললৈ পানী যোগান ধৰাৰ কথা উল্লেখ কৰে শ্বেখাৱটে ৷ এই প্ৰকল্পৰ বাবে চৰকাৰে ব্যয় কৰিব 3.60 লাখ কোটি টকা ৷ দৰাচলতে এই প্ৰস্তাৱ নিৰ্মলা সীতাৰমণে বাজেট অধিৱেশনত উপস্থাপন কৰিছিল ৷ তিনিমাহ পূৰ্বে, খবৰ ওলাইছিল যে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে লগ লাগি "নল জল চে" আঁচনি ৰূপায়ন কৰিব আৰু প্ৰতিখন ৰাজ্যৰ প্ৰয়োজন অনুসৰি, জল জীৱন মিছন গঠন কৰিব ৷ শ্বেকাৱট যিয়ে এই আঁচনিৰ মুঠ ব্যয়ৰ বিষয়ে উল্লেখ কৰি ৰাজ্য চৰকাৰসমূহৰ সহযোগিতা অবিহনে ই সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে স্থানীয় সংস্থাসমূহক 256খন জিলা আৰু 1,592টা খণ্ডত জল শক্তি অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰি ৰাজ্য চৰকাৰসমূহৰ সৈতে লগ লাগি খোৱা পানীৰ প্ৰয়োজনীয়তা পুৰণৰ আশ্বাস প্ৰদান কৰিছে ৷ যদিহে ৰাজ্য চৰকাৰসমূহে অনাহক খৰচসমূহ কমাই আনি এইসমূহ টকা এই আঁচনিত ব্যয় কৰে তেতিয়া লাখ-লাখ তৃষ্ণাতুৰৰ পিয়াহ দুৰ কৰিবলৈ সক্ষম হ'ব ৷ 

যিয়ে কিলোমিটাৰ দূৰলৈ পানী সংগ্ৰহৰ বাবে যাবলগীয়া হয় তেওঁলোকৰ কষ্ট কোনেও শব্দত প্ৰকাশ কৰিব নোৱাৰে ৷ ইউনিচেফৰ মতে, বিশ্বব্যাপী শিশু আৰু মহিলাসকলে তেওঁলোকৰ মূল্যৱান সময়ৰ 20 কোটি ঘন্টা যিটো 22,800 বছৰৰ সমান সেয়া প্ৰতিদিনে খোৱাপানী বিছৰাৰ নামত ব্যয় কৰি আহিছে ৷ ভাৰত চৰকাৰে লোকসভাত প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি 21খন ৰাজ্যৰ 153খন জিলাৰ লোকে আৰ্চেনিকযুক্ত পানী সেৱন কৰি আহিছে ৷ বিগত বৰ্ষত ভাৰতৰ 16খনৰো অধিক ৰাজ্যত ভূ-গৰ্ভস্থ পানীত উৰেনিয়ামৰ অৱস্থিতি পোৱাৰ ভয়ানক তথ্য ডিউক বিশ্ববিদ্যালয়ৰ অধ্যয়নত পোহৰলৈ আহিছিল ৷ নিটি আয়োগৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশব্যাপী 60 কোটি লোকে পানীৰ নাটনিৰ দ্বাৰা আক্ৰান্ত ৷ ভাৰতৰ চহৰ আৰু নগৰত বৃদ্ধি পোৱা পানীৰ সমস্যাই কেপ টাউন চহৰৰ দৃশ্য মনত পেলাই দিয়ে ৷ সাধাৰণ জনতাক বুনিয়াদী সুবিধা প্ৰদান কৰাত চৰকাৰৰ নিৰাশাজনক বিফলতা স্পষ্ট ৷ গংগাকে ধৰি, ভাৰতৰ অধিকসংখ্যক নদীয়ে ঔদ্যোগিক আৰু কৃষিজনিত আৱৰ্জনাৰ বাবে আজিৰ দিনত অত্যধিক পৰিমানে প্ৰদূষিত ৷ যদিহে জল সংৰক্ষণক আওকান কৰা হয়, ভূ-গৰ্ভস্থ পানীৰ স্তৰ শূন্যলৈ অৱনমিত হোৱাৰ লগতে জলাশয়বোৰ মুহূৰ্তৰ ভিতৰতে শুকাই যাব ৷ এনেকুৱা সময়ত আমি গভীৰ নিদ্ৰাৰ পৰা উঠি সাৱধান হ'বৰ হৈছে ৷ মিহিৰ শ্বাহৰ নেতৃত্বৰ এখন কমিটীয়ে যিখন কমিটীয়ে পূৰ্বৱৰ্তী পৰিকল্পনা আয়োগৰ সৈতে কাম কৰিছিল, আগন্তুক ছমাহৰ ভিতৰত ৰাষ্ট্ৰীয় জল নীতিৰ খচৰা দাখিল কৰিব ৷ শ্বাহ কমিটীয়ে বিধেয়কখনত জল সংকটৰ বিভিন্ন প্ৰত্যাহ্বানসমূহৰ প্ৰতি ধ্যান ৰাখি দায়িত্বশীল বিধেয়ক হিচাপে জল সংৰক্ষণৰ বাবে মাৰ্গ প্ৰদৰ্শণকাৰী হিচাপে দাখিব কৰিব বুলি আশা কৰিব পাৰি ৷  

অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকাৰ দৰে দেশসমূহে পানীৰ অপ-প্ৰয়োগ আৰু ভূ-গৰ্ভস্থ পানী নিঃশেষ হোৱাৰ পৰা ৰক্ষা পৰিবলৈ ব্যৱস্থা হাতত লৈছে ৷ জলসংকটৰ পৰা পৰিত্ৰাণ পাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে এইসমূহ দেশে ৷ 2030 চনৰ ভিতৰত সকলো নদীৰ পাৰলৈ আৰু চহৰলৈ 95 শতাংশ গুণগত পানী আহৰণ কৰিবলৈ লক্ষ্য বান্ধি লৈছে চীনে ৷ পানী সংৰক্ষণ আৰু পানী প্ৰদূষণৰ দৰে ঘটনা নিৰীক্ষণ কৰিবলৈ চীনে 12 লাখ কৰ্মী নিয়োগ কৰিছে ৷ ভাৰতে চীনৰ এনেকুৱা কৌশলৰ বিষয়ে ভাবিবলৈয়ো সক্ষম নহয় যদিও স্বাধীনতাৰ 70 বছৰ পিচতে দেশখনে ইয়াৰ অধিকাংশ জল উৎস হেৰুৱাবলগীয়া হৈছে ৷ এই সমস্যাৰ পৰা পৰিত্ৰাণৰ বাবে পানী সংৰক্ষণৰ এক নব্য সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজন আহি পৰিছে ৷ কৃষকৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতালৈকে সকলোকে পানীৰ সংৰক্ষণেই যে, জীৱন নিৰ্বাহৰ মুল বিষয় সেই বিষয়ে সচেতন কৰি তুলিব লাগিব ৷ পানীৰ সংৰক্ষণৰ বিষয়ে বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰি অতি কম বয়সৰ পৰাই সকলোকে শিক্ষিত কৰি তুলিব লাগিব ৷ যদিও পূৰ্বৱৰ্তী জল নীতিসমূহে বহুকেইটা বিচাৰ আগবঢ়াইছিল তথাপিও সেইসমূহ বিচাৰ পানী সংৰক্ষণৰ বাবে উচিত হিচাপে বিবেচিত নহ'ল ৷ দুৰ্নীতিত নিমজ্জিত হৈ থকা প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে পানীৰ সমস্যা দূৰ কৰিবলৈ কৰণীয় একোৱেই নকৰিলে ৷ বৰষুণৰ পানী সংৰক্ষণ, উপযুক্ত পানী সেৱন আৰু নিষ্কাষিত পানীৰ পুনৰ ব্যৱহাৰ আদি নীতিসমূহক মুখ্য আঁচনি হিচাপে লৈ সমাজৰ সকলো পক্ষৰ মাজতে কাৰ্যকৰী কৰি তোলাটো অতিকে প্ৰয়োজনীয় ৷ ভাৰতীয় পানী পাইপলাইন আৰু পানীৰ টেপত পোৱা E-Coli নামৰ ভয়ংকৰ বেক্টেৰিয়াই খোৱাপানী মানুহৰ ব্যৱহাৰৰ বাবে অযোগ্য কৰি তুলিছে ৷ যদিহে এনেকুৱা ভয়ানক দিশসমূহৰ পৰা এৰাই অহাৰ লগতে ইয়াৰ পুনৰাবৃত্তি কৰা নহয়, তেতিয়াহে আমি নিজকে ভৱিষ্যত প্ৰজন্মৰ বাবে দায়িত্বশীল বুলি ক'ব পাৰিম ৷

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.