নেশ্যনেল ডেস্ক, ৭ জানুৱাৰী: পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ অভ্যন্তৰত উমি উমি জ্বলিছে ক্ষোভৰ জুই । দলৰ নেতা-কৰ্মীৰ মাজত আৰম্ভ হৈছে কন্দল । পশ্চিমবংগৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী লক্ষ্মী শুক্লাই ৰাজ্যিক মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ পিছতে এইবাৰ দলীয় নেতাৰ কাৰ্যত ক্ষোভিত হৈ পৰিছে বিধায়িকা বৈশালী ডালমিয়া । সংবাদ মাধ্যমৰ আগত বেলী সমষ্টিৰ বিধায়িকা বৈশালী ডালমিয়াই কয় যে, লক্ষ্মী শুক্লাৰ পদত্যাগে তেওঁক আচম্বিত কৰিছে যদিও শুক্লা দলৰ কামক লৈ সন্তুষ্ট নাছিল ।
দলৰ বহু কৰ্মীক তেওঁৰ বাবে কাম কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল । কিন্তু লক্ষ্মী শুক্লাই ৰাইজৰ বাবে কাম কৰিব বিচাৰিছিল । হাওৰাৰ তৃণমূল কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাক দলৰ বাবে ঘুণ পোক বুলি কৈ বিধায়িকাগৰাকীয়ে কয় যে, এই নেতাসকলে দলীয় কৰ্মীক কাম কৰাত বাধা প্ৰদান কৰি আহিছে । লক্ষ্মী ৰতনে এই সমস্যা দলৰ উৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছে নে নাই সেই বিষয়ে তেওঁ অৱগত নহয় বুলিও মন্তব্য কৰে বিধায়িকাগৰাকীয়ে ।
তেওঁ কয় যে, তেওঁ নিজেও একে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । উল্লেখ্য যে, সুভেন্দু অধিকাৰীসহ কেইবাজনো নেতাই দল ত্যাগ কৰি ইতিমধ্যে বিজেপিত যোগদান কৰিছে । বৈশালী ডালমিয়াই বিজেপিত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, 'মই ভৱিষ্যতৰ কথা নাজানো, কিন্তু মই আশ্বাস দিছো যে, মই সদায় সমষ্টিৰ ৰাইজৰ বাবে কাম কৰি যাম' ।
লগতে পঢ়ক:'পি এম কিষাণ' আঁচনি ৰূপায়নৰ বাবে অনুমতি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ