নিউজ ডেস্ক, ৫ জুলাইঃ পশ্চিম বংগৰ পাৰগানাশ জিলাৰ তৃণমূল কংগ্ৰেছৰ কাউঞ্চিলাৰক গুলীচালনা । কাউঞ্চিলাৰ গৰাকীৰ বাসগৃহৰ সমীপতে কোনো দুৰ্বৃত্তই শনিবাৰে সন্ধিয়া গুলীয়াই বুলি সদৰি কৰে আৰক্ষীয়ে ।
পশ্চিম বংগৰ উত্তৰী বেৰকপুৰ নগৰ পালিকাৰ ৱাৰ্ড নং ২ কাউঞ্চিলাৰ চম্পা দাসক কোনো অচিনাক্তই ভৰিত গুলীয়াই থৈ যায় । গুলীবৃদ্ধ কাউঞ্চিলাৰ চম্পা দাসক প্ৰথমে বেৰকপুৰৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পাচত উন্নত চিকিৎসাৰ বাবে কলকাতালৈ প্ৰেৰণ কৰে । আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি সদৰি কৰে ।
উল্লেখ্য যে, কাউঞ্চিলাৰ চম্পা দাসে নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰে যদিও ২০১৯ চনত তৃণমূল কংগ্ৰেছত যোগদান কৰে । আনহাতে, তৃণমূল কংগ্ৰেছৰ একাংশ কৰ্মীয়ে এই ঘটনাৰ লগত বিৰোধী দল জড়িত বুলি মত প্ৰকাশ কৰে ।
লগতে পঢ়ক : অসমৰ ৰাজভৱন চৌহদক কনটেইনমেন্ট জ'ন ঘোষণা