ETV Bharat / bharat

বাণ্যিজ্য আৰু বিনিয়োগত ভাৰতৰ সৈতে সম্পৰ্ক বৃদ্ধি হৈছে বাংলাদেশৰঃ বাংলদেশৰ প্ৰধানমন্ত্ৰী

author img

By

Published : Oct 4, 2019, 8:17 PM IST

সকলো ওচৰ চুবৰীয়া দেশৰ ভিতৰত বাংলাদেশক অৰ্থনৈতিক কেন্দ্ৰৰ মূলকেন্দ্ৰ (Hub) বুলি অভিহিত কৰি ব্যৱসায়িক নেতাসকলক কনে্ক্টিভিটি আৰু ব্যৱসায়ৰ হাৰ বৃদ্ধি কৰাৰ বাবে অংশগ্ৰহণৰ বাবে আহ্বান জনায় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৷

বাণ্যিজ্য আৰু বিনিয়োগত ভাৰতৰ সৈতে সম্পৰ্ক বৃদ্ধি হৈছেঃ বাংলদেশৰ প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক, 4 অক্টোবৰঃ ভাৰত আৰু বাংলাদেশৰ মাজত ব্যৱসায়িক আৰু বিনিয়োগৰ ক্ষেত্ৰত ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্বন্ধৰ প্ৰতি অত্যাধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি কয় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৷

ভাৰত-বাংলাদেশৰ ব্যৱসায়িক সন্থা (India-Bangladesh Business Forum) ৰ এক উদ্বোধনী অনুষ্ঠানত হাছিনাই কয় যে, দুয়োখন দেশৰ মাজত বেপাৰ আৰু বিনিয়োগৰ হাৰ পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে ৷ কিন্তু বৰ্তমানো বাণিজ্যৰ ভাৰাসাম্য ভাৰতৰ পক্ষত আছে বুলি উল্লেখ কৰে হাছিনাই ৷ বেপাৰ আৰু বিনিয়োগৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সম্বন্ধ অধিক দৃঢ় কৰাৰ লগতে দুয়োখন দেশৰ দ্বিপাক্ষিক সমন্ধই এক উচ্চ শিখৰত উপনীত হ’ব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

বাংলদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

হাছিনাই কয়, মোৰ বিশ্বাস আছে অনাগত দিনত দুয়োখন দেশৰ মাজত সমন্ধই উচ্চ শীখৰত অৱতীৰ্ণ হ’ব ৷ দুয়োখন দেশৰ মাজত সুৰক্ষা, শক্তি, সম্পৰ্ক, বাণিজ্য, বিনিয়োগ, সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত সম্পৰ্ক গঢ়ি উঠিছে ৷ ইপিনে 1971 চনৰ স্বাধীনতা সংগ্ৰামত ভাৰতৰ যোগদানৰ কথা সুৱৰি হাছিনাই কয়, স্বাধীনতা সংগ্ৰামৰ সময়তে পোন-প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশৰ সমন্ধ গঢ়ি উঠিছিল ৷

আনহাতে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে কয়, বাংলাদেশে ভাৰতীয় বিনিয়োগকাৰী সকলৰ বাবে তিনিটা বিশেষ অৰ্থনৈতিক মণ্ডল (SEZ) তৈয়াৰ কৰিব বুলি উল্লেখ কৰি অৰ্থনৈতিক সমন্ধক অধিক সু-দৃঢ় কৰিবলৈ বিনিয়োগকাৰীক আমন্ত্ৰণ জনায় ৷ 3 টা বিশেষ অৰ্থনৈতিক মণ্ডল (SEZ)ত বিনিয়োগ কৰিলে বাংলাদেশৰ অৰ্থনীতিৰ বাবে ফলপ্ৰসূ হ’ব বুলি কয় হাছিনাই ৷ বৰ্তমান চাৰিদিনীয়া ভাৰত ভ্ৰমণত আছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে মিলিত হ’ব বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.