ETV Bharat / bharat

আজিৰে পৰা নিৰ্বাচিত ৰে'লৱে ষ্টেচনৰ কাউন্টাৰত উপলব্ধ হ'ব টিকট - শ্ৰমিক ৰে'লৰ চলাচল

সমগ্ৰ দেশৰে নিৰ্বাচিত ৰে'লৱে ষ্টেচনৰ কাউন্টাৰত শুকুৰবাৰৰ পৰা আৰম্ভ টিকট সংৰক্ষণৰ প্ৰক্ৰিয়া । লগতে এজেন্টৰ দ্বাৰাও টিকট পঞ্জীয়ন কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে বুলি জনায় ৰে'ল মন্ত্ৰালয়ে ।

টিকট
টিকট
author img

By

Published : May 22, 2020, 3:48 PM IST

নিউজ ডেস্ক, 22 মে': দেশৰ নিৰ্বাচিত ৰে'লৱে ষ্টেচনত শুকুৰবাৰৰ পৰা উপলব্ধ হ'ব টিকট সংৰক্ষণৰ ব্যৱস্থা । ৰে'লৱে বিভাগে প্ৰকাশ কৰে এই কথা ৷ আজিৰে পৰা যাত্ৰীয়ে টিকটসমূহ সাধাৰণ সেৱা কেন্দ্ৰ (CSC)ৰ পৰা বা টিকটৰ এজেন্টৰ পৰা যাত্ৰীসকলে টিকট পঞ্জীয়ন কৰিব পাৰিব । স্থানীয় লোকৰ প্ৰয়োজন অনুসৰি টিকট কেন্দ্ৰ সমূহ চৰ্ত সাপেক্ষে খুলিবলৈ মণ্ডল ৰে'লৱে সমূহক নিৰ্দেশনা দিয়া হৈছে । টিকট পঞ্জীয়ন কেন্দ্ৰ সমূহ 25 মাৰ্চৰ পৰা সমগ্ৰ দেশ জুৰি বলৱৎ কৰা লক ডাউনৰ দিনাৰ পৰাই বন্ধ হৈ আছিল ।

উল্লেখ্য যে, কালিৰ দিনটোত ৰে'ল মন্ত্ৰী পীয়ুশ গোৱেলে সমগ্ৰ দেশৰ 1.7 লাখ সাধাৰণ সেৱা কেন্দ্ৰত ৰেলৰ টিকট পঞ্জীয়ন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰা হ'ব বুলি প্ৰকাশ কৰিছিল । ইয়াৰ ফলত যি সমূহ স্থানত ইন্টাৰনেট উপলব্ধ নহয় বা ইন্টাৰনেট ব্যৱহাৰ নকৰা যাত্ৰীসকল উপকৃত হ'ব বুলি উল্লেখ কৰে ।

আনহাতে ৰে'লৱে অৱগত কৰা অনুসৰি সাধাৰণ ৰেল সেৱা চলি থাকিলেও অব্যাহত থাকিব শ্ৰমিক ৰে'লৰ চলাচল, য'ত শ্ৰমিক সকলক আন ৰাজ্যৰ পৰা বিনামূলীয়াকৈ নিজ ৰাজ্যলৈ অনা হ'ব । ইপিনে টিকট পঞ্জীয়ন কেন্দ্ৰসমূহলৈ দিশ নিৰ্দেশনা জাৰি কৰা হৈছে, য'ত সামাজিক দূৰত্ব আৰু পৰিষ্কাৰ পৰিছন্নতাৰ নীতি মানি চলিবলৈ উল্লেখ কৰা হৈছে ।

বৰ্তমান 15খন বিশেষ ৰাজধানীৰ টিকট পঞ্জীয়ন আৰম্ভ কৰা হৈছে আৰু ৰে'লৰ চলাচল কৰা হৈছে । ইপিনে চৰকাৰে আন 100 খন ৰাজধানী ৰেলৰ চলাচল 1 জুনৰ পৰা কৰাৰ সিন্ধান্ত লৈছে মন্ত্ৰালয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.