নিউজ ডেস্ক,১৮ জুলাই: শুকুৰবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীতে কেন্দ্ৰীয় তিব্বতি মহিলা সংঘৰ সচিব তেনজিৎ খাণ্ডুয়ে কলে,আমি বিচাৰো সকলো আন্তৰ্জাতিক সংগঠন আৰু সম্প্ৰদায়ে চীনৰ বিৰুদ্ধে ঠিয় হৈ সিহঁতক জবাবদিহি কৰক। চীনে তৈয়াৰ কৰা ৰণনীতিৰ ওপৰত সকলো সাম্প্ৰদায়িক সংগঠন, সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণ কৰি নিৰ্বাসিত তিব্বতীসকলৰ বাবে আন্ত:ৰাষ্ট্ৰীয় ন্যায় বিচাৰি বিশ্ব দিৱসৰ দিনা কৰিলে এই প্ৰতিবাদ ।
![Tibetans-in-exile hold protest against China in Dharamshala](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8071732_po.jpg)
তিব্বতি মহিলা সংঘৰ সচিব তেনজিৎ খাণ্ডুৰ নেতৃত্বত প্ৰতিবাদকাৰী সকলে তিব্বতি আৰু ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত দুটি গোৱাৰ লগতে এক মিনিটৰ মৌন ব্ৰতেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ । লগতে তিব্বতী নেত্ৰী খাণ্ডুয়ে চীনৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ।
এটা সংবাদ প্ৰতিস্থানক তিব্বতিসকলৰ বহিৰ্ভূত ক্ষোভ প্ৰকাশ কৰি তিব্বতি নেত্ৰী গৰাকীয়ে কলে,আমি চীনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সকলোকে দেখুৱাব বিচাৰো যে চীন স্বাধীনতাৰ বাবে কিমান ডাঙৰ আতংক হ'ব পাৰে । আমি বিশ্ববাসীক আহ্বান জনাইছো যাতে সকলোৱে সমৰ্থন কৰি আমাক চীনৰ বিৰুদ্ধে দিয়া যুঁজখনত সহায় কৰক । "এয়া ধৰ্মশালাৰ পাঁচটাকৈ প্ৰধান সংগঠনৰ এক নীৰৱ প্ৰতিবাদ" কলে তিব্বতী যুৱ কংগ্ৰেছৰ প্ৰধান গনপ' ধুন্দুপে ।
উল্লেখ্য যে, যোৱাটো সপ্তাহত নতুন দিল্লীত ১০টাকৈ তিব্বতী সংঘৰ প্ৰতিনিধিয়ে বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনাইটেড নেশ্ব্যনৰ বিষয়ববীয়াক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদানৰ লগতে ক'ৰণা ভাইৰাছৰ মূল উৎস সন্ধানৰ বাবে অনুসন্ধানৰ দাবী কৰে ।
লগতে চাওকঃ আৰক্ষীৰ চোৰাংচোৱাৰ সন্দেহত নক্সালে হত্যা কৰিলে নিৰপৰাধী লোকক