শ্ৰীনগৰ,11 আগষ্ট: জম্মু-কাশ্মীৰৰ কুপৱাড়া জিলাত মঙলবাৰে সেনাবাহিনীৰ হাতত ধৰা পৰিছে তিনিগৰাকী সন্ত্ৰাসবাদী ৷ সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি, সোমবাৰে কুপৱাড়াৰ লালপোৰা এলেকাত জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰদান কৰা তথ্যৰ ভিত্তিত সীমা সুৰক্ষা বাহিনীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় সন্ত্ৰাসবাদী কেইগৰাকীক ৷
সেনাবাহিনীয়ে সন্ত্ৰাসবাদী কেইগৰাকীৰ পৰা কিছু পৰিমাণৰ মাৰণাস্ত্ৰৰ লগতে সক্ৰিয় গুলী জব্দ কৰে ৷ মাৰণাস্ত্ৰসমূহৰ ভিতৰত একে এসাল্ট ৰাইফল,দুটাকৈ বন্দুক আৰু কিছু পৰিমাণৰ গুলী-বাৰুদ আছে ৷ সন্ত্ৰাসবাদী কেইগৰাকীয়ে কূটনৈতিক কাৰ্যকলাপ সংঘটিত কৰাৰ উদ্দেশ্যে এলেকাটোত বাহৰ পতাৰ সন্দেহ প্ৰকাশ কৰিছে সেনাই ৷
লগতে চাওকঃ ভেণ্টিলেটৰত চিকিৎসাধীন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী