ETV Bharat / bharat

ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু - কা অপপ্ৰচাৰ

সংশোধিত নাগৰিকত্ব আইন সম্পৰ্কে ভুৱা বাতৰি প্ৰচাৰ আৰু সাম্প্ৰদায়িক সম্প্ৰীতি হানি কৰাৰ অভিযোগত হায়দৰাবাদত তিনি ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ স্থানীয় সাংবাদিকৰ ব্যক্তিগত অভিযোগৰ ভিত্তিত হায়দৰাবাদ চাইবাৰ অপৰাধ সংস্থাই অতিৰিক্ত মুখ্য দণ্ডাধীশ আদালতৰ আদেশত এই গোচৰ ৰুজু কৰে ৷ IPS 153-A, 121-A আৰু অন্যান্য প্ৰাসংগিক ধাৰাত এই গোচৰ ৰুজু হয়৷

Three social media platforms booked for spreading ''false'' info on CAA
তিনি সংবাদ মাধ্যমৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু
author img

By

Published : Feb 28, 2020, 11:52 AM IST

নিউজ ডেস্ক, 28 ফেব্ৰুৱাৰীঃ সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত ভুৱা বাতৰি প্ৰচাৰ আৰু সাম্প্ৰদায়িক সম্প্ৰীতি হানি কৰাৰ অভিযোগত হায়দৰাবাদত তিনি ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম বিৰুদ্ধে গোচৰ ৰুজু ৷ এজন স্থানীয় সাংবাদিকৰ ব্যক্তিগত অভিযোগৰ ভিত্তিত হায়দৰাবাদ চাইবাৰ অপৰাধ সংস্থাই অতিৰিক্ত মুখ্য দণ্ডাধীশ আদালতৰ আদেশত এই গোচৰ ৰুজু কৰে ৷

বিগত বৰ্ষত সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰী হোৱাৰ পিছত কিছুমান সমাজ বিৰোধী শক্তিয়ে বাক্-স্বাধীনতাৰ নামত এই আইনৰ বিৰুদ্ধে সংবাদ মাধ্যমত এক অভিযান আৰম্ভ কৰিছিল ৷ সাংবাদিকজনে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰে যে, সংবাদ মাধ্যমে মানুহৰ মাজত তেওঁলোকৰ নিজৰ অনৈতিক তথা বেআইনী লাভৰ উদ্দেশ্যে ভুৱা তথ্য প্ৰচাৰ কৰে ৷ অভিযোগকাৰীয়ে ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মে স্ব-ইচ্ছাৰে আপত্তিজনক ভিডিঅ’ প্ৰচাৰ, ৰাষ্ট্ৰীয় অখণ্ডতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি হানিৰ অভিযোগ উত্থাপন কৰে ৷

ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম তিনিটাই প্ৰচাৰ কৰা ভুৱা বাতৰি আৰু ভিডিঅ’সমূহ তিনিটা ম'বাইল এপ্লিকেশ্যন মাইক্ৰ’ব্লগিং চাইটত প্ৰচাৰ কৰে ৷ লগতে ভিডিঅ’ প্ৰচাৰ কৰা এপ এটাও ইয়াত অন্তৰ্ভুক্ত হৈ আছে বুলি অভিযোগকাৰীয়ে অভিযোগ দিয়ে ৷ IPS 153-A, 121-A আৰু অন্যান্য প্ৰাসংগিক ধাৰাত এই গোচৰ ৰুজু হয় ৷ চাইবাৰ অপৰাধ আৰক্ষী থানাৰ সহকাৰী অধীক্ষক কে ভি এম প্ৰসাদে এই সন্দৰ্ভত কয় যে, আদালতত গোচৰ ৰুজু হোৱা ব্যক্তিগত অভিযোগটোৰ উচিত বিচাৰৰ বাবে আদালতত ৰায়দান বিচৰা হ’ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.