নিউজ ডেস্ক, 10 নৱেম্বৰঃ পাকিস্তানী সেনাই মঙলবাৰে পুনৰ বাৰ যুদ্ধবিৰতি উলংঘন কৰে ৷ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিয়ন্ত্ৰণ ৰেখাৰ তিনিটাকৈ খণ্ডত ভাৰতীয় সেনাক লক্ষ্য কৰি অগ্নি সংযোগ আৰু গুলীবৰ্ষণ কৰে পাকিস্তান সেনাই ৷ ভাৰতীয় সেনাৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি সেই সময়ত ভাৰতেও উচিত প্ৰত্যুত্তৰ দিয়ে পাকিস্তানক ৷
প্ৰতিৰক্ষাৰ বিভাগৰ মূখপাত্ৰই সদৰি কৰা মতে,মংগলবাৰে দিনটোতে পাকিস্তানে জম্মু-কাশ্মীৰৰ পোঞ্চ জিলাৰ এল.অ.চিৰ অন্তগত চাহপুৰ, কিৰ্নি, কোৱেচবাত একাধিকবাৰ যুদ্ধ বিৰতি উলংঘন কৰিছে ৷ উল্লেখ্য যে, জিলাখনৰ কৃষ্ণাগিৰি অঞ্চলত যোৱা 1 অক্টোবৰত যুদ্ধ বিৰতি উলংঘা কৰা ফলত ভাৰতীয় সেনাৰ এজন জোৱান নিহত হোৱাৰ লগতে এজন আহত হৈছিল ৷
ইয়াৰ সমান্তৰালভাৱে 5 ছেপ্তেম্বৰত ৰাজৌৰি জিলাৰ সুন্দাবাণি অঞ্চলত পাকিস্তানে কৰা অগ্নি সংযোগ আৰু গুলিবৰ্ষণত এজন সেনা বিষয়াসহ এজন জোৱানো নিহত হৈছিল ৷ তদুপৰি 2 ছেপ্তেম্বৰত কে'ৰি অঞ্চলত এগৰাকী জি.অ.চিক গুলীয়াই হত্যা কৰিছিল পাকিস্তানী সেনাই ৷ মন কৰিবলগীয়া যে পাকিস্তানে ভাৰতীয় নিয়ন্ত্ৰণ ৰেখাত 2019 চনত মুঠ ৩,১৬৮ বাৰ যুদ্ধবিৰতি উলংঘনৰ বিপৰীতে 2020 চনৰ 6 অক্টোবৰ পৰ্যন্ত 3,589 বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে ৷
লগতে পঢ়কঃখাৰুপেটীয়াত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ'ল এটি ৪ বছৰীয়া শিশুৰ