ETV Bharat / bharat

উত্তৰ প্ৰদেশত একেটা পৰিয়ালৰ তিনিগৰাকীক গুলীয়াই হত্যা, এজন আহত - Three of family shot dead over past rivalry in Uttar Pradesh

কোনো অজ্ঞাত লোকে নিৰ্মমভাৱে গুলীয়াই হত্যা কৰে উত্তৰ প্ৰদেশৰ কাছগঞ্জৰ হোডলপুৰৰ একেটা পৰিয়ালৰে তিনি গৰাকী লোকক ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় এগৰাকী লোক ৷

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশ
author img

By

Published : Jul 27, 2020, 10:22 AM IST

নেশ্যনেল ডেস্ক, 27 জুলাই: উত্তৰ প্ৰদেশৰ কাছগঞ্জত কোটৱালী আৰক্ষী আৰক্ষী চকীৰ অন্তৰ্গত, হোডলপুৰত দেওবাৰে একেটা পৰিয়ালৰে তিনি গৰাকী লোকক কোনো অজ্ঞাত লোকে অতি নিৰ্মমভাৱে গুলীয়াই হত্যা কৰে ৷ লগতে এগৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷

নিহত ব্যক্তি কেইগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা যোৱা নাই যদিও, আৰক্ষীয়ে নিশ্চিত কৰে যে, আটাইকেইগৰাকী ব্যক্তি একেটা পৰিয়ালৰে ৷

কোনো সুত্ৰই উল্লেখ কৰা অনুসৰি, দেওবাৰে সন্ধিয়া পৰিয়ালটোৰ সদস্য সকল ব্যস্ত আছিল নিজৰ কামত ৷ হঠাতে কোনো অজ্ঞাত লোকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি পৰিয়ালটোৰ সদস্য সকলৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় ৷

ইয়াৰ মাজতে অজ্ঞাত লোক কেইজনে চাৰি গৰাকী লোকক গুলীচালনা কৰে ৷ যাৰ ফলত ঘটনাস্থলীতে নিহত হয় 3 গৰাকী লোক ৷ ঘটনা সংঘটিত কৰিয়েই তাৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে ৷

গুলীৰ শব্দ শুনাৰ পাচতে কেইগৰাকীমান স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয় ৷ ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকে 3 গৰাকী লোকক মৃত অৱস্থাত প্ৰত্যক্ষ কৰাৰ লগতে, এগৰাকী লোকক তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ স্থানীয় লোক কেইগৰাকীয়ে ততাতৈয়াকৈ আহত লোক গৰাকীক নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

পৰৱৰ্তী সময়ত আহত লোকগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পাচত তেওঁক সংকটজনক অৱস্থাত কাছগঞ্জ ডি এইচ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ সুত্ৰই উল্লেখ কৰা অনুসৰি, আহত লোকগৰাকীৰ অৱস্থা অতি সংকটজনক আছিল ৷

সমগ্ৰ ঘটনা সন্দৰ্ভে অৱগত হোৱাৰ পাচতে ঘটনাস্থলীত কাছগঞ্জ আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে ৷ বৰ্তমানলৈ হত্যাৰ মুখ্য কাৰণ জানিব পৰা হোৱা নাই ৷ প্ৰাৰম্ভিক তদন্তত পূৰ্বৰ কোনো শত্ৰুতাক এই ঘটনাক কাৰণ বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷

সম্প্ৰতি আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত সৎকাৰৰ বাবে মৃতদেহ কেইটা তেওঁলোকৰ আত্মীয়ক গতাই দিয়া হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক: ১১ গৰাকী আফগানী শিখ লোকক ভাৰতৰ নাগৰিকত্ব দিয়াৰ সম্ভাৱনা ভাৰত চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.