ETV Bharat / bharat

কেৰালাত নাওঁ দুৰ্ঘটনাগ্ৰস্ত হৈ তিনি মাছমৰীয়াৰ মৃত্যু

author img

By

Published : Sep 10, 2020, 6:27 AM IST

বুধবাৰে কেৰালাৰ কিছু অংশত ধাৰাষাৰ বৰষুণ হোৱাৰ ফলত নাওঁ দুৰ্ঘটনাগ্ৰস্ত হৈ তিনি মাছমৰীয়াৰ মৃত্যু হয় ৷ আঞ্চুথেংগুৰ উপকূলীয় অঞ্চলত তিনিজন মাছমৰীয়াই মাছ ধৰিবলৈ ওলাই যোৱাৰ পাচতে সংঘটিত হয় এই ঘটনা ৷

Three fishermen drown as boat capsizes in Kerala
কেৰালাত নাওঁ দুৰ্ঘটনাগ্ৰস্ত হৈ তিনি মাছমৰীয়াৰ মৃত্যু

নেশ্যনেল ডেস্ক, 10 ছেপ্তেম্বৰ : বুধবাৰে কেৰালাৰ কিছু অংশত ধাৰাষাৰ বৰষুণ হোৱাৰ ফলত নাওঁ দুৰ্ঘটনাগ্ৰস্ত হৈ তিনি মাছমৰীয়াৰ মৃত্যু হয় ৷ আঞ্চুথেংগুৰ উপকূলীয় অঞ্চলত তিনিজন মাছমৰীয়াই মাছ ধৰিবলৈ ওলাই যোৱাৰ পাচতে সংঘটিত হয় এই ঘটনা ৷ শক্তিশালী পানীৰ ঢৌ আৰু দ' সাগৰীয় অঞ্চলত সোমাই পৰা বাবে নাওঁখন বাগৰে আৰু তিনিজন লোকৰ মৃত্যু হয় ৷

মৃত লোককেইজন হৈছে থাংকাপ্পান ইলিয়াছ (55), এলেক্স (47) আৰু প্ৰবীণ (33) ৷ তেওঁলোকৰ মৃতদেহ উদ্ধাৰৰ পাচত চিৰায়ানকিজু হাস্পতাললৈ লৈ যোৱা হয় বুলি এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰে ৷

উল্লেখ্য যে, কেৰালাৰ ৰাজধানী চহৰ থিৰুৱনন্থপুৰমত 10 ছেন্টিমিটাৰ দৈৰ্ঘ্যৰ বৰষুণ হোৱাৰ লগতে বহু অঞ্চল জলমগ্ন হৈ পৰে ৷ বিবৃতি অনুসৰি, প্ৰায় পাঁচটা পৰিয়ালক বৰ্তমান বান শিবিৰলৈ প্ৰেৰণ কৰা হৈছে ৷ প্ৰায় 45-55 কিল'মিটাৰ বেগত বতাহ বলি থকাৰ বাবে মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ সাৱধান কৰি দিয়া হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.