ETV Bharat / bharat

ভাৰত পাক সীমান্তত সন্দেহজনক অৱস্থাত তিনিজন বিদেশী নাগৰিকক আটক

author img

By

Published : Aug 6, 2020, 8:54 PM IST

পাৰপত্ৰ অবিহনে ভাৰত পাক সীমান্তৰ আন্তৰ্জাতিক সীমা পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহত শ্ৰীনগৰৰ হিন্দুমালক'টত তিনিজন নাগৰিকক আটক কৰা হৈছে । আটকাধীন তিনিওজন ইৰানৰ নাগৰিক বুলি প্ৰাথমিক অনুসন্ধানৰ দ্বাৰা জানিব পৰা গৈছে ।

Three detained near Indo-Pak border under suspicious circumstances
ভাৰত পাক সীমান্তত সন্দেহজনক অৱস্থাত তিনিজন বিদেশী নাগৰিকক আটক

নিউজ ডেস্ক,৬আগষ্ট: সন্দেহজনক ভাৱে ঘূৰি থকা অৱস্থাত ভাৰত পাক সীমান্তৰ কাষতে অৱস্থিত হিন্দুমালক'ট নামৰ এক অঞ্চলত বৃহস্পতিবাৰে আৰক্ষীয়ে তিনিজন নাগৰিকক আটক কৰিছে ।

কোথা তালাচী চকীৰ সমীপত পথটোৰে যাত্ৰা কৰা সকলো বাহনকে ধৰি যাত্ৰীৰ স্ক্ৰিনিঙৰ সময়ত DL-9 CU 6021 নম্বৰৰ এখন বাহনেৰে গৈ থকাৰ অৱস্থাত এগৰাকী মহিলা সহ তিনিজন সন্দেহজনক ব্যক্তিক আৰক্ষীয়ে আটক কৰিছিল ।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানৰ দ্বাৰা জানিব পৰা মতে, আটকাধীন তিনিওগৰাকী ইৰানৰ নাগৰিক আৰু তেওঁলোকে বিনা পাৰপত্ৰৰেই ভাৰতত প্ৰৱেশ কৰিছিল ।

তালাচী চকীত সন্দেহজনক অৱস্থাত আটক কৰা তিনিওকে অধিক সোধপোচৰ বাবে সমীপৱৰ্তী আৰক্ষী থানালৈ নিয়া হয় । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা তথ্য মতে, আটকাধীন তিনিওজন এটা ডকাইটিৰ ঘটনাত জড়িত আছিল । বৰ্তমান অনুসন্ধানকাৰী সন্থাৰ লোক আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াই তিনিওকে জেৰা অৱ্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.