ETV Bharat / bharat

সৰ্বত্ৰ লকডাউনঃ ভাৰত-নেপাল সীমান্তত আৱদ্ধ শ-শ শ্ৰমিক - workers trapped on indo-nepal border

কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ দেশত এতিয়া লকডাউন । ভাৰতৰ লগতে নেপালতো এতিয়া লকডাউন । যাৰ বাবে জীৱিকা বিচাৰি নেপাললৈ যোৱা বহু লোক এতিয়া নিজ দেশলৈ পলায়ন কৰিবলৈ বাধ্য হৈছে । দুয়োটা দেশেই সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ছীল কৰিলে সীমান্ত । দুয়োখন দেশতে লকডাউন ঘোষণাৰ ফলত এতিয়া নেপাল-ভাৰত সীমান্ততে আৱদ্ধ বহু শ্ৰমিক ।

সৰ্বত্ৰ লকডাউনঃ ভাৰত-নেপাল সীমান্তত আৱদ্ধ শ-শ শ্ৰমিক

author img

By

Published : Mar 31, 2020, 5:05 PM IST

নিউজ ডেস্ক, ৩১ মাৰ্চঃবিশ্বব্যাপি কোভিড-১৯ ৰ সংহাৰী ৰূপ অব্যাহত আছে । ভাৰততো ইয়াৰ প্ৰভাৱ দেখা পোৱা গৈছে । অত্যাধিক জনবসতী পূৰ্ণ দেশ হিচাপে এই ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে যোৱা ২৪ মাৰ্চত ২১ দিনৰ বাবে দেশত লকডাউন ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । তাৰ পাচতেই এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ঠায়ে-ঠায়ে ।

কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ দেশত এতিয়া লকডাউন

নেপাললৈ কৰ্মসূত্ৰ যোৱা বহু শ্ৰমিক নেপালতো লকডাউন ঘোষণাৰ পাচত ভাৰতলৈ উভতি আহিছিল । কিন্তু ভাৰততো লকডাউন ঘোষণাৰ পাচত এতিয়া ভাৰত-নেপাল সীমান্ততে আৱদ্ধ হ'বলগীয়া হৈছে বহু শ্ৰমিক । দুয়োখন দেশৰ সীমান্ত ইতিমধ্য়েই ছীল কৰা হৈছে । সীমান্ত প্ৰায় হাজাৰ-হাজাৰ লোক আৱদ্ধ হৈ পৰিছে ।

এই খবৰৰ পাচতেই সেই স্থানত উপস্থিত হয় জিলাঅধীকাৰীৰ বিষয়ববীয়া লোক । এই সন্দৰ্ভত সকলো পক্ষৰ লগত বৈঠকত মিলিত হয় বিষয়া সকল । আনকি এই বিষয় সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰণালয়কো জনোৱা হৈছে বুলি জানিবলৈ দিয়ে । চৰকাৰৰ পৰৱৰ্তী নিৰ্দেশৰ পিচতেই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

ভাৰত-নেপাল সীমান্তত আৱদ্ধ শ-শ শ্ৰমিক

নেপাল চৰকাৰৰ সৈতেও সঘনাই আলোচনা হৈ আছে বুলি উল্লেখ কৰে । দুয়োখন দেশত লকডাউনৰ পাচতেই এই সীমান্ত অঞ্চলত আৰক্ষী, অন্যান্য সুৰক্ষা সংস্থা সমূহ সষ্টম হোৱা পৰিলক্ষিত হৈছে ।

লগতে চাওক- লক ডাউনঃ দৰিদ্ৰৰ বাবে 1.25 কোটি টকা সংগ্ৰহ ছানিয়া মিৰ্জাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.