নেশ্বনেল ডেস্ক, 27চেপ্তেম্বৰঃ নিৰ্বাচনী আয়োগৰ ঘোষণা 31 আগষ্টৰ এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰা যিসকল লোকৰ নাম ভোটাৰ তালিকাত আছে তেঁওলোকৰ ভোটাধিকাৰ কৰ্তন কৰা নহয় ৷ এই সিদ্ধান্ত চেপ্তেম্বৰ 2 তাৰিখে গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে ৷ য'ত লিখা আছিল,
''এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা লোকলকলে নিজৰ সকলো অধিকাৰ উপভোগ কৰিব পাৰিব আৰু ন্যায়সংগত সকলো সহায়-সহযোগ লাভ কৰিব৷ ''
এই ন্যায়িক সুবিধা সমূহৰ ভিতৰত আছে, বিদেশী ন্যায়াধীকৰণত আপীলৰ লহগতে উচ্চ আৰু উচ্চতম ন্যায়ালত আপীলৰ সুবিধা ৷ নিৰ্বাচন আয়োগৰ শীৰ্ষস্তৰীয় বিষয়াই নিশ্চিকত কৰা অনুযায়ী, গৃহ মন্ত্ৰায়লৰ এই অধিকাৰৰ ভিতৰত ভোটাধিকাৰ, নিয়োগৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ ইত্যাদি ইত্যাদি ৷
গুৰুত্বপূৰ্ণ বিষয় এই যে, 1997 চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী আয়োগে অসমত ডি-ভোটাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ যাৰ অৰ্থ-
এজন ব্যক্তিৰ নাম ভোটাৰ তালিকাত থাকিলেও, যদি তেখেতৰ সন্দেহজনক ভোটাৰৰ গোচৰ বিদেশী ন্যায়াধীকৰণৰ আদালতৰ মজিয়াত উত্থাপন হয়, তেন্তে, তেনে ব্যক্তিয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব ৷
কিন্তু এনআৰচিৰ সমগ্ৰ বিষয়টো নিৰ্বাচনী পঞ্জীয়নৰ বিষয়টোৰ পৰা পৃথক ৷ গতিকে এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলে বিদেশী ন্যায়াধীকৰণত আপীলৰ সুবিধা পাব আৰু ন্যায়াধীকৰণে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতহে নিৰ্বাচনী আয়োগে কোনো সিদ্ধান্তত উপনীত হ'ব পাৰিব ৷