ETV Bharat / bharat

পেৰাচিটামল ক্ৰয় কৰা সকলক কৰা হ'ব ট্ৰেক ! - পেৰাচিটেমল ক্ৰয় কৰা লোকক কানপুৰত কৰা হ'ব ট্ৰেক্

পেৰাচিটামল তথা কাহ, কল্ড, জ্বৰ, শ্বাস-প্ৰশ্বাস জনীত ৰোগৰ ঔষধ ক্ৰয় কৰা লোকৰ নাম ঠিকনা, ম'বাইল নম্বৰ সংগ্ৰহ কৰি ট্ৰেক কৰাৰ নতুন চিন্তা উদ্ভাৱন কৰিছে কানপুৰ বিভাগীয় অধ্যক্ষ ডাঃ সুধীৰ এম ববদেয়ে । এনে ৰোগৰ ঔষধ ক্ৰয় কৰা লোকক কানপুৰত কৰা হ'ব ট্ৰেক ।

Those buying paracetamol will now be tracked

author img

By

Published : Apr 13, 2020, 4:21 PM IST

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ কৰ'ণা ভাইৰাছত আক্ৰান্ত সন্দেহ যুক্ত নাগৰিকক চিনাক্ত কৰিবলৈ নতুন চিন্তাৰ উদ্ভাৱন কানপুৰ প্ৰশাসনৰ । সকলো মেডিকেল ষ্ট'ৰক পেৰাচিটামল তথা কাহ, কল্ড, জ্বৰ, শ্বাস-প্ৰশ্বাসজনীত অসুবিধাৰ ঔষধ ক্ৰয় কৰা লোকৰ নাম, ঠিকনা, ম'বাইল নম্বৰ সংগ্ৰহ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে । ইয়াৰ জৰিয়তে যি সকল লোক উক্ত ৰোগ সমূহত ভুগি আছে তেওঁলোকক পৰৱৰ্তী সময়ত কৰ'ণা ভাইৰাছৰ আক্ৰান্তৰ সন্দেহত ট্ৰেক কৰা হ'ব । কৰ'ণা ভাইৰাছৰ আক্ৰান্তৰ সন্দেহযুক্ত লোকক চিনাক্ত কৰিবলৈ কানপুৰ স্বাস্থ্য বিভাগৰ অধ্যক্ষ ডা৹ সুধীৰ এম ববদেয়ে ভাবি ওলিয়াইছে এই নতুন চিন্তা ।

কানপুৰ শাখাৰ ছয়খন জিলাত এই নিয়ম কাৰ্যকৰী কৰা হ'ব । স্বাস্থ্য বিভাগৰ সহযোগত কৰা হ'ব এইখিনি যাৱতীয় কাম । যি সকলক সন্দেহ কৰা হ'ব তেওঁলোকক পৰীক্ষা কৰাৰ লগতে ঘৰতে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিব প্ৰশাসনে ।

মেডিকেল ষ্ট'ৰ সমূহৰ লগতে চিকিৎসক সকলকো কৰ'ণা ভাইৰাছৰ লক্ষণ যুক্ত ৰোগীৰ ৰেকৰ্ড ৰাখি স্বাস্থ্য় বিভাগক দিবলৈ নিৰ্দেশ দিয়া হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.