ETV Bharat / bharat

জনা-নজনা: হেংঅভাৰৰ বাবে ছুটি দিয়া কোম্পানীটো - HANGOVER

আগদিনা নিশাৰ পৰা যদি কোনো লোকৰ হেংঅভাৰ হৈ থাকে তেন্তে তেওঁ পিচৰ দিনটোত ছুটি পায় ৷ ক'ত আছে এনে সহৃদয় লোক ? কোনে এনেদৰে হেংঅভাৰৰ বাবেও বেলেগকৈ ছুটি দিয়ে ? জানেনে ?

জনা-নজনা
জনা-নজনা
author img

By

Published : Oct 27, 2020, 5:50 PM IST

নিউজ ডেস্ক, 27 অক্টোবৰ: অফিচৰ সাপ্তাহিক ছুটিৰ পাচত দিনটোত পুৱাই শুই উঠিবলৈ হয়তো বহু লোকৰে মন নাযায় ৷ মন যায় আজিও যদি অফিচ নগ'লে হ'ল হয় ৷ তাৰ মাজতে আকৌ সপ্তাহটোৰ ছুটিৰ দিনটোত বহুতে নিজ বন্ধুবৰ্গৰ সৈতে সুৰাপান কৰে ৷ প্ৰখমটোৱেই শেষ পেগ বুলি ভাৱি ল'লেও বহুতৰ বাবে সেইয়া হৈ নুঠে ৷ যাৰ বাবে বহুতে ছুটিৰ পাচৰ দিনটো ঘৰতে সময় কটাবলৈ মন কৰে ৷

কিন্তু সুৰাপানৰ আটাইতকৈ অধিক বেয়া অংশটো হ'ল হেংঅভাৰ ৷ সুৰাপানৰ পাচৰ দিনটোতো বহুতৰে মূৰত কিবা এটা বোজা লৈ থকা যেন অনুভৱ হয় ৷ কেনেকুৱা হ'ল হয় যদি হেংঅভাৰৰ দিনটোত অফিচলৈ যাব নালাগিল হয় ? এনেকুৱাও আৰু হয়নে ?

হয় ! এনেকুৱাও দিন আছে যাক হেংঅভাৰ লিভ বা হেংঅভাৰ ডে বুলি কোৱা হয় ৷ অৰ্থাৎ আগদিনা নিশাৰ পৰা যদি কোনো লোকৰ হেংঅভাৰ হৈ থাকে তেন্তে তেওঁ পিচৰ দিনটোতো ছুটি পায় ৷ এই বিষয়ে জানি হয়তো আপুনিও ভাবিছে, ক'ত আছে এনে সহৃদয় লোক ? কোনে এনেদৰে হেংঅভাৰৰ বাবেও বেলেগকৈ ছুটি দিয়ে ?

হেংঅভাৰৰ বাবে ছুটি দিয়ে লণ্ডনৰ ডাইছ কোম্পানীয়ে ৷ তেওঁলোকে 2017 চনৰ পৰা ছুটিৰ তালিকাত হেংঅভাৰ লিভকো সন্নিবিষ্ট কৰিছে ৷ অৰ্থাৎ সেই কোম্পানীটোত কাম কৰা লোকসকলে হেংঅভাৰৰ বাবেও ছুটি ল'ব পাৰে ৷ ডাইছৰ মুখ্য কাৰ্যবাহী বিষয়াই জনোৱা মতে, বহু সময়ত কৰ্মীসকলে এই ক্ষেত্ৰত মিছা মাতি ছুটি ল'বলগীয়া হয় ৷ তাতকৈ ভাল সঁচা কথাৰ কয়েই তেওঁলোকে ছুটি লওক ৷ ডাইছ নামৰ কোম্পানীটোত এটা বছৰত 4 টাকৈ হেংঅভাৰ লিভ ল'ব পাৰে কৰ্মচাৰী সকলে ৷ তেওঁলোকৰ বছক হোৱাটছ্এপযোগে সংগীত, বিয়া বা অসুস্থতাৰ ইমোজি প্ৰেৰণ কৰি তেওঁলোকে এই ছুটি ল'ব পাৰে ৷

লগতে পঢ়ক: জনা-নজনা: এসময়ৰ নিচাসক্ত এই গাঁও আজি সম্পূৰ্ণ নিচামুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.