হৰিদ্বাৰ,26 মে': জনসংখ্যা হ্ৰাস কৰাৰ নতুন উপায় দিলে যোগগুৰু স্বামী ৰামদেৱে ৷ তৃতীয় সন্তানক সকলো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰা উচিত বুলি মন্তব্য কৰে যোগগুৰুগৰাকীয়ে ৷ হৰিদ্বাৰ সংবাদমাধ্যৰ সৈতে হোৱা কথা বতৰাত যোগগুৰুগৰাকীয়ে কয় যে , বৰ্ধিত জনসংখ্যাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু নহয় ভাৰত ৷ আগন্তুক 50 বৰ্ষলৈ 150 কোটিতকৈ অধিক জনসংখ্যাৰ ভাৰ বহন কৰিবলৈ দেশ সাজু নহয় বুলি তেওঁ মন্তব্য কৰি কয় যে , বিদ্যালয়, মহাবিদ্যালয়, কৃষি-ভূমি, চিকিৎসালয় সকলো ক্ষেত্ৰতে অধিক জনসংখ্যাই প্ৰভাৱ পেলাৱ ৷
তৃতীয় সন্তানক সকলো সা-সুবিধাৰ পৰা বঞ্চিত কৰা উচিতঃ বাবা ৰামদেৱ - INDIAN POPULATION
দুটা সন্তানতকৈ অধিক সন্তানৰ জন্ম হ'লে তৃতীয় সন্তানক কোনো ধৰণৰ চৰকাৰী সা-সুবিধা প্ৰদান নকৰিবলৈ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ এই নিয়ম সকলো ধৰ্মৰ ক্ষেত্ৰতে প্ৰযোজ্য হোৱা উচিত বুলিও যোগগুৰু গৰাকীয়ে লগতে কয় ৷
![তৃতীয় সন্তানক সকলো সা-সুবিধাৰ পৰা বঞ্চিত কৰা উচিতঃ বাবা ৰামদেৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3388606-403-3388606-1558869709700.jpg?imwidth=3840)