ETV Bharat / bharat

COVID-19: মহাৰাষ্ট্ৰত চোৰ ধৰি পুলিচ-প্ৰশাসনৰ বিলৈ

author img

By

Published : Apr 27, 2020, 3:59 PM IST

এজন চোৰৰ দেহত COVID-19 পজিটিভ পোৱাৰ পাচত কোৱাৰেন্টাইন হ'ব লগীয়া হ'ল 22 গৰাকী লোক । এইসকলৰ ভিতৰত আৰক্ষীৰ লগতে আছে দণ্ডাধীশৰ লগতে ন্যায়লয় আন কৰ্মচাৰীও ।

মহাৰাষ্ট্ৰত চোৰ ধৰি পুলিচ-প্ৰশাসনৰ বিলৈ
মহাৰাষ্ট্ৰত চোৰ ধৰি পুলিচ-প্ৰশাসনৰ বিলৈ

নিউজ ডেস্ক, 27 এপ্ৰিলঃ আৰক্ষীৰ লগতে দণ্ডাধীশ আৰু ন্যায়ালয়ৰ আন কৰ্মচাৰীকো জ্বলা কলা খুৱাইছে এজন চোৰে। চোৰ এজনক কৰায়ত্ব কৰি মহাৰাষ্ট্ৰ আৰক্ষীয়ে হাজিৰ কৰাইছিল দণ্ডাধীশৰ আগত। তাৰ পাচত প্ৰেৰণ কৰে তালজা কেন্দ্ৰীয় কাৰাগাৰলৈ। কিন্তু COVID-19 পৰীক্ষা নকৰোৱাকৈ চোৰজনক কাৰাগাৰত ৰাখিব অমান্তি হয় কাৰাগাৰ কৰ্তৃপক্ষ । তেতিয়া আৰক্ষীয়ে চোৰ জনৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে । সেই অনুসৰি চোৰ জনক লৈ যোৱা হয় মুম্বাইৰ ছাৰ জে জে হাস্পতাললৈ । এই পৰীক্ষাৰ ফলাফল অহাৰ পাচতেই হাহাকাৰ লাগে বাংগুৰ নগৰ আৰক্ষী থানাত । কিয়নো চোৰ জনৰ শৰীৰত ধৰা পৰে মহামাৰী COVID-19 ।

ইয়াৰ পাচতে দণ্ডাধীশৰ লগতে ন্যায়ালয়ৰ কৰ্মচাৰী আৰু আৰক্ষী সকলো কোৱাৰেন্টাইন হ'ব লগীয়া হয় । প্ৰত্যক্ষ সংস্পৰ্শত অহা দণ্ডাধীশকে ধৰি মুঠ 22 জন লোক বৰ্তমানলৈ কোৱাৰেন্টাইনত ৰখা হৈছে । কিন্তু,বিগত তিনিদিন ধৰি আৰক্ষীৰ লোকসকল যি সমূহ স্থানত গৈছে বা যি সকলৰ সংস্পৰ্শত আহিছে,ইয়াকে লৈ সকলোৰে মাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে,লক ডাউনৰ সময়ত মহাৰাষ্ট্ৰৰ বাংগুৰ নগৰত এখন দোকানত চিগাৰেট চুৰি কৰাৰ বাবে আৰক্ষীয়ে চোৰজনক গ্ৰেপ্তাৰ কৰিছিল । পূৰ্বেও এনে ঘটনাৰ সৈতে জৰিত আছিল চোৰটো ।

লগতে পঢ়কঃ প্ৰথম কোন আহিছিল ? মানুহ নে ভাইৰাছ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.