নিউজ ডেস্ক, 11 জুলাইঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গহলোতক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই ৷ ছ'চিয়েল মিডিয়া ছেলত ফোনযোগে মুখ্যমন্ত্ৰীগৰাকীক এইদৰে ভাবুকি প্ৰদান কৰা পাছতে জয়পুৰৰ আৰক্ষী বিষয়াৰ লগতে সুৰক্ষা কৰ্মীসকলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে ৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জামৱাৰামগঢ়ৰ অন্তৰ্গত পাপাদগাঁৱৰ লোকেশ কুমাৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷
লগতে পঢ়কঃ মুম্বাইত ক'ভিড-19 যুদ্ধৰ প্ৰথম শাৰীৰ সৈনিক হিচাপে সন্মানিত এগৰাকী অসম কন্যা
লোকেশে 9 জুলাইত ৰাজস্থানৰ ছ'চিয়েল মিডিয়া ছেলত ফোন কৰি মুখ্যমন্ত্ৰী অশোক গহলোতক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল ৷ লোকেশক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ লগতে লোকেশৰ বিৰুদ্ধে জামৱাৰামগঢ় আৰক্ষী চকীত এক গোচৰ ৰুজু কৰা হৈছে বুলি ইটিভি ভাৰতক অৱগত কৰে জয়পুৰ জিলা আৰক্ষী আয়ুক্ত মনোজ কুমাৰে ৷
আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, লোকেশ এজন প্ৰতিযোগীতামূলক পৰীক্ষাৰ প্ৰাৰ্থী ৷ লোকজনৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো অপৰাধমূলক ৰেকৰ্ড নাই বুলিও জানিবলৈ দিয়ে জিলা আৰক্ষী আয়ুক্তগৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷