ETV Bharat / bharat

ৰাফেল আৰু আন আন ভাৰতীয় যুজাৰু বিমানসমূহৰ সংক্ষিপ্ত

author img

By

Published : Jul 29, 2020, 9:47 PM IST

ছু-30 এম কে আইঃ ছু-30 এম কে আই হ’ল ৰাছিয়ান মূলৰ দুখন আসনৰ দুটা ইঞ্জিন যুক্ত মাল্টি ৰ’ল যুজাৰু বিমান ৷ এই বিমানে ওৱান এক্স ৩০এম এম বন্দুকসহ ৮,০০০ কেজি ওজনৰ বাহ্যিক ক্ষেপণাস্ত্ৰ লৈ উৰা মাৰিব পাৰে ৷ ছু-30 এম কে আই বিমানে বিভিন্ন মধ্য দূৰত্ব ভেদি বায়ুৰ পৰা বায়ুলৈ চালনা কৰিব পৰা মিছাইল আৰু ছেমি-এক্টিভ ৰাডাৰ বা ইনফ্ৰা-ৰেড হ’মিং হস্ব দূৰত্বৰ মিছাইল কঢ়িয়াব পাৰে ৷ প্ৰতি ঘন্টাত এই বিমানৰ অধিকতম গতিবেগ হ’ল ২,৫০০ কি.মি (মেক ২.৩৫) ৷ ছু-30 এম কে আই বিমান সমূহ ভাৰতীয় বায়ুসেনাত ২০০২ চনৰ চেপ্তেম্বৰত অন্তৰ্ভুক্ত কৰা হৈছিল ৷ ২০২০ চনৰ জানুৱাৰী মাহৰ শেহতীয়া তথ্য অনুযায়ী ভাৰতীয় বায়ুসেনাই ২৬০খন ছু-30 এম কে আই বিমান পৰিচালনা কৰি আছে ৷ আৰু আন বাৰখন বিমান চলিত বৰ্ষৰ শেষলৈ বায়ু সেনাত যোগদান কৰাৰ সম্ভাৱনা আছে ৷

ৰাফেল আৰু আন আন ভাৰতীয় যুজাৰু বিমানসমূহৰ সংক্ষিপ্ত
ৰাফেল আৰু আন আন ভাৰতীয় যুজাৰু বিমানসমূহৰ সংক্ষিপ্ত

বুধবাৰে,পাঁচখন ৰাফেল যুজাৰু বিমান আহি ভাৰতীয় বায়ু সেনাবাহিনীৰ আম্বালাস্থিত বিমান ঘাটিত ভাৰতীয় ভূমি স্পৰ্শ কৰেহি ৷ এই পাঁচোখন বিমানৰ ভিতৰত দুখন হ’ল দুখন আসনযুক্ত আৰু তিনিখন হ’ল এখন আসনযুক্ত ৷ এই বিমানকেইখনে ভাৰতীয় বায়ুসেনা বাহিনীয়ে পুনৰুজ্জীৱিত কৰি তুলা ইয়াৰ সোতৰ নং স্কোৱাড্ৰন “গোল্ডেন এৰ’জ’ত যোগদান কৰিব ৷ উল্লেখযোগ্য যে ২০১৬ চনৰ চেপ্তেম্বৰত ভাৰত চৰকাৰে ভাৰতীয় বায়ুসেনা বাহিনীৰ যুদ্ধ কুশলতাক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ ৩৬ খন ৰাফেল বিমান,৫৯,০০০ কোটি টকাত ক্ৰয় কৰিবৰ বাবে ফ্ৰাঞ্চ চৰকাৰৰ লগত এখন আন্তঃ চৰকাৰী চুক্তিত স্বাক্ষৰ কৰে ৷ বায়ুসেনাৰ দুই ঘাটিত,ইয়াৰ বাবে প্ৰয়োজন হোৱা আনুসংগিক সুবিধাসমূহ যেনে শ্বেলটাৰ,হেংগাৰৰ লগতে বিমানসমূহ চোৱাচিতাৰ বাবে প্ৰয়োজনীয় সুবিধা আদিৰ আন্তঃগাঠনি নিৰ্মাণৰ বাবে ভাৰতীয় বায়ুসেনাই আন ৪০০ কোটি টকা ব্যয় কৰে ৷ ৰাফেল বিমানৰ প্ৰথমটো স্কোৱাড্ৰন;কৌশলগত কাৰণত গুৰুত্বপূৰ্ণ বিমান ঘাটি আৰু ভাৰত-পাকিস্তান সীমান্তৰ পৰা মাত্ৰ দুশ কি.মি. দূৰত্বত অৱস্থিত হাৰিয়ানাৰ আম্বালা বিমান ঘাটিত ৰখা হ’ব ৷ আনহাতে দ্বিতীয়টো ৰাফেল স্কোৱাড্ৰন পশ্চিমবংগৰ হাচিমাৰাত থকা বায়ুসেনাৰ ঘাটিত ৰখা হ’ব ৷ আশা কৰা হৈছে যে ২০২২ চনৰ ভিতৰত সমগ্ৰ ৩৬ খন বিমান ভাৰতৰ হাতত অৰ্পণ কৰা হ’ব ৷

THE RAFALE AND INDIAN FIGHTER AIRCRAFT
ভাৰতীয় বায়ুসেনাৰ অন্যতম শক্তি ৰাফেল

এই ৩৬ খন ৰাফেল বিমানৰ ৩০ খন হ’ব যুজাৰু বিমান আৰু আন ছখন বিমান প্ৰশিক্ষণৰ কাৰণে ব্যৱহাৰ কৰা হ’ব ৷ এই প্ৰশিক্ষক বিমান কেইখন হ’ব দুখন আসনযুক্ত আৰু লগতে যুজাৰু বিমান কেইখনত থকা প্ৰায় সকলোবোৰ সুবিধাই থাকিব ৷

মুঠ সক্ৰিয় হৈ থকা ভাৰতীয় যুজাৰু স্কোৱাড্ৰন: সম্প্ৰতি ভাৰতীয় বায়ুসেনাত ৩০ টাহে সক্ৰিয় স্কোৱাড্ৰন আছে ৷ এই সংখ্যা বায়ুসেনাৰ পূৰ্ণ পৰ্যায়ৰ শক্তিৰ বাবে জৰুৰি তথা অনুমোদিত ৪২টা স্কোৱাড্ৰনৰ পৰা বহু যোজন আতৰত ৷ ‘গ্ল’ৱেল ফায়াৰ পাৱাৰ’ৰ এক সমীক্ষা মতে বৰ্তমান ভাৰতত ৫৩৮ খন যুজাৰু বিমান আছে ৷

THE RAFALE AND INDIAN FIGHTER AIRCRAFT
আকাশ মাৰ্গত ৰাফেল বিমানত ইন্ধন ভৰোৱাৰ দৃশ্য

ৰাফেল যুজাৰু বিমানৰ বিশেষ বৈশিষ্ট্যসমূহ

  • ৰাফেল হৈছে দুটা ইঞ্জিণযুক্ত যুজাৰু বিমানঃ ৰাফেল যুজাৰু বিমান এছ এন ই চি এম এৰ দাৰা নিৰ্মিত দুটা শক্তিশালী এম ৮৮-২ ইঞ্জিনৰ দ্বাৰা চালতি হয় ৷ দুয়োটাৰে প্ৰতিটোৱে ৭৫ কিলো নিউট্ৰনৰ থ্ৰাষ্ট যোগান ধৰে ৷
  • ৰাফেল যুজাৰু বিমানে উৰন্ত অৱস্থাতে এখনে আনখনক সহায় কৰিব পাৰেঃ ৰাফেল যুজাৰু বিমানত ‘বাডি-বাডি’ নামৰ এক সুবিধা প্ৰদান কৰা হৈছে ৷ যাৰ সহায়ত এই বিমানসমূহে উৰন্ত অৱস্থাতে এখনে,ইন্ধন শেষ হ’বলৈ ধৰা আন এখন বিমানক ইন্ধনৰ যোগান ধৰিব পাৰে ৷
  • ৰাফেল বিমানে দৃষ্টিত ধৰা নপৰা কোনো লক্ষ্যক ভেদীবলৈ মিটিঅ’ৰ মিছাইলৰ চালনা কৰিব পাৰেঃ মিটিঅ’ৰ— বায়ুৰ পৰা বায়ুলৈ দৃষ্টিত ধৰা নপৰা কোনো লক্ষ্যক ভেদ কৰা এক মিছাইল ৷ ই শত্ৰুৰ যুজাৰু বিমানক এশ কিলোমিটাৰতকৈও অধিক দূৰত্বৰ পৰা আক্ৰমণ কৰি ধাৰাসায়ী কৰিব পাৰে ৷
  • স্কাল্প (SCALP) মিছাইলে তিনিশ কি.মি. দূৰৈৰ পৰাই ভূমিত থকা লক্ষ্যত আঘাত হানিব পাৰেঃ ৰাফেলক স্কাল্প (SCALP) মিছাইলেৰে সজ্জিত কৰিব পাৰি ৷ স্কাল্প (SCALP) মিছাইল হ’ল এক অচ্যুত দীৰ্ঘ দূৰত্ব ভেদী মিছাইল ৷ যাৰ তিনিশ কি.মি. দূৰত্বৰ পৰাই লক্ষ্যত আঘাত হানিব পৰা ক্ষমতা আছে ৷
  • একেসময়তে ছটা এ এ এছ এম মিছাইল কঢ়িয়াব পাৰেঃ প্ৰতিটো এ এ এছ এম মিছাইল জি পি এছ আৰু ইমেজিং টাৰ্মিনেল গাইডেন্স সংযুক্ত ৷ ই যিকোনো লক্ষ্যক দহ মিটাৰৰ সঠিকতাৰে সঠিক স্থানত আঘাত হানিব পাৰে ৷
  • ৰাফেলৰ কক্‌পিট হ’ল’ গ্ৰাফিক ডিছপ্লে সংযুক্ত ৷
  • ৰাফেলে একে সময়তে আঠটা ভিন্ন লক্ষ্যত আঘাত হানিব পাৰে ৷
  • ৰাফেলৰ আছে হায়াৰ ছাৰ্ভিভেলিটি ৷
  • এক আধুনিক যুজাৰু জেট,যাক মাৰাত্মক হেমাৰ (HAMMER) মিছাইলেৰে সজ্জিত কৰা হ’ব ৷ (হেমাৰ মিছাইল ক্ৰয় কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু ফ্ৰান্স কৰ্তৃপক্ষই অতি কম সময়ৰ ভিতৰত আমাক এই মিছাইল আমাৰ ৰাফেল যুজাৰু বিমানৰ বাবে যোগান ধৰিবলৈ সন্মতি প্ৰকাশ কৰিছে)
    THE RAFALE AND INDIAN FIGHTER AIRCRAFT
    ভাৰতলৈ অহাৰ পূৰ্বে আৰবৰ বিমান ঘাটিত ৰখাই থোৱা ৰাফেল কেইখন

ভাৰতীয় বায়ুসেনাৰ মূল যুজাৰু বিমানসমূহ

ছু-30 এম কে আইঃ ছু-30 এম কে আই হ’ল ৰাছিয়ান মূলৰ দুখন আসনৰ দুটা ইঞ্জিন যুক্ত মাল্টি ৰ’ল যুজাৰু বিমান ৷ এই বিমানে ওৱান এক্স ৩০এম এম বন্দুকসহ ৮,০০০ কেজি ওজনৰ বাহ্যিক ক্ষেপণাস্ত্ৰ লৈ উৰা মাৰিব পাৰে ৷ ছু-30 এম কে আই বিমানে বিভিন্ন মধ্য দূৰত্ব ভেদি বায়ুৰ পৰা বায়ুলৈ চালনা কৰিব পৰা মিছাইল আৰু ছেমি-এক্টিভ ৰাডাৰ বা ইনফ্ৰা-ৰেড হ’মিং হস্ৰ দূৰত্বৰ মিছাইল কঢ়িয়াব পাৰে ৷ প্ৰতি ঘন্টাত এই বিমানৰ অধিকতম গতিবেগ হ’ল ২,৫০০ কি.মি (মেক ২.৩৫) ৷ ছু-30 এম কে আই বিমান সমূহ ভাৰতীয় বায়ুসেনাত ২০০২ চনৰ চেপ্তেম্বৰত অন্তৰ্ভুক্ত কৰা হৈছিল ৷ ২০২০ চনৰ জানুৱাৰী মাহৰ শেহতীয়া তথ্য অনুযায়ী ভাৰতীয় বায়ুসেনাই ২৬০খন ছু-30 এম কে আই বিমান পৰিচালনা কৰি আছে ৷ আৰু আন বাৰখন বিমান চলিত বৰ্ষৰ শেষলৈ বায়ুসেনাত যোগদান কৰাৰ সম্ভাৱনা আছে ৷

মিৰাজ-২০০০ যুজাৰু বিমানঃ মিৰাজ-২০০০ হৈছে ফ্ৰাঞ্চ মূলীয় এক আসনযুক্ত বায়ু প্ৰতিৰক্ষা আৰু মাল্টি ৰ’ল যুজাৰু বিমান ৷ এটা ইঞ্জিণ যুক্ত এই বিমানে প্ৰতি ঘন্টাত ২,৪৯৫ কি.মি. (মেক ২.৩) গতিবেগ চুব পাৰে ৷ এই বিমানে বাহ্যিক ষ্টেশ্বনবোৰত দুটা ৩০এম এম অবিচ্ছিন্ন কামান আৰু দুটা মাৰ্টা ছুপাৰ ৫৩০ডি মধ্য দূৰত্ব ভেদী আৰু দুটা আৰ- ৫৫০ মেজিক টু হস্র দূৰত্বৰ মিছাইল সংযুক্ত কৰা হয় ৷ ১৯৮৫ চনত ভাৰতীয় বায়ুসেনাত এই বিমানক অন্তৰ্ভুক্ত কৰা হৈছিল ৷ মিৰাজ-২০০০ এ পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধত অন্যতম ভূমিকা পালন কৰিছিল ৷ এই বিমানক অন্তৰ্ভুক্তিৰ পাচতেই বায়ুসেনাই ইয়াক বজ্ৰ নামেৰে নামাঙ্কৃত কৰে ৷ সংস্কৃতত যাৰ অৰ্থ হৈছে বিজুলী বেগেৰে অহা বজ্ৰ ৷ বৰ্তমান বায়ুসেনাত ৫০ খন মিৰাজ-২০০০ আছে ৷

মিগ-২৯ যুজাৰু বিমানঃ ৰাছিয়া মূলৰ দুটা ইঞ্জিণ যুক্ত, এখন আসন সংলগ্ন বায়ু ছুপাৰিঅ’ৰিটি যুজাৰু বিমান মিগ-২৯ এ প্ৰতি ঘন্টাত ২,৪৪৫ কি.মি. (মেক-২.৩) বেগত উৰা মাৰিব পাৰে ৷ এই বিমানৰ ১৭ কি.মি. উচ্চতালৈকে উৰি যুজিব পৰা ক্ষমতা আছে ৷ মিগ-২৯ অত ৩০ এম এম কামান লগতে চাৰিটা আৰ-৬০ হস্ৰ দূৰত্বৰ আৰু দুটা আৰ-২৭আৰ মধ্য দূৰত্বৰ ৰাডাৰ গাইডেড মিছাইল থাকে ৷ ভাৰতীয় বায়সেনাই অলপতে এই বিমানসমূহক মিগ-২৯ ইউ পি জিলৈ উন্নিত কৰিছে ৷ কাৰ্গিল যুদ্ধত মিৰাজ-২০০০ অক ‘এছক’ৰ্ট’ প্ৰদান কৰিবলৈ মিগ-২৯ক বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল ৷ এই বিমানক ১৯৮৫ চনত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল ৷

মিগ-২১ বাইছন আৰু বিমানঃ ছোভিয়েট নিৰ্মিত মিগ-২১ বাইছন হ’ল মিগ-২১ ৰে এক উন্নত সংস্কৰণ ৷ এই বিমানক ভাৰতীয় বায়ুসেনাত ১৯৮০ চনৰ প্ৰাৰম্ভিকতে অন্তৰ্ভুক্ত কৰা হৈছিল ৷ ৰাছিয়াৰ পৰা ভাৰতবৰ্ষই ক্ৰয় কৰা মুঠ ছয় শ্ৰেণীৰ বিমানৰ ভিতৰত মিগ-২১ বাইছন যুজাৰু বিমান অন্যতম ৷ এটা ইঞ্জিণযুক্ত আৰু এক আসনযুক্ত মাল্টি ৰ’ল ক্ষমতাৰ এই যুজাৰু বিমানে ঘন্টাত ২,২৩০ কি.মি গতিবেগত উৰা মাৰিব পাৰে ৷ ইয়াত এটা ২৩ এম এম দুই-বেৰেলৰ কামান আৰু আৰ-৬০ হস্ৰ দূৰত্বৰ মিছাইল সংলগ্ন থাকে ৷ মিগ-২৯ বাইছনক ভাৰতীয় বায়ুসেনাৰ ৰাজহাৰ বুলি অভিহিত কৰা হয় ৷

জাগুৱাৰ যুজাৰু বিমানঃ দুটা ইঞ্জিনযুক্ত, ডীপ পেনেট্ৰেশ্বন ষ্ট্ৰাইক এংলো-ফ্ৰাঞ্চ মূলৰ এই যুজাৰু বিমানৰ প্ৰতি ঘন্টাত উৰিব পৰা অধিকতম গতিবেগ হৈছে ১,৩৫০ কি.মি. ৷ এই বিমানে দুটা ৩০ এম এম বন্দুক আৰু দুটা আৰ-৩৫০ মেজিক চি চি এমছ তথা ৪,৭৫০ কেজি বিস্ফোৰক আৰু ইন্ধন লৈ উৰিব পাৰে ৷ ভাৰতীয় বায়ুসেনাই ১৯৭৯ চনৰ ২৬ জুলাইত আম্বালা বিমানঘাটিত এই দুটা-ইঞ্জিন যুক্ত, গ্ৰাউণ্ড এটেকিং বিমান ইয়াৰ ১৪ নং স্কোৱাড্ৰনত অন্তৰ্ভুক্ত কৰে ৷ অন্তৰ্ভুক্তিৰ পাচতে এই স্কোৱাড্ৰনক “দ্য ফাইটিং বুলছ” নামে নামংকৃত কৰে ৷

এল ছি এ তেজসঃ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত ছুপাৰচনিক যুজাৰু বিমানঃ ১৯৮০ চনত “দ্য হিন্দুস্তান এৰ’ন’টিক লিমিটেডে” ছোভিয়েট ইউনিঅনৰ পৰা ক্ৰয় কৰা বয়স্ক মিগ-২১ বিমানৰ ঠাই পূৰাবলৈ লঘু যুজাৰু বিমান (এল ছি এ) নিৰ্মাণৰ এক কাৰ্যসূচী আৰম্ভ কৰে ৷ এই এল ছি এক ‘তেজস’ নামেৰে নামকৰণ কৰে ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৷ পোন প্ৰথমবাৰৰ বাবে দেশীয়ভাৱে নিৰ্মিত এই যুজাৰু বিমান ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হয় ২০১৬ চনত ৷ ভাৰতীয় বায়ুসেনা বাহিনীয়ে আৰম্ভণিতে ২০ খন তেজস ক্ৰয় কৰি ‘ফ্লাইং ডেগাৰছ’ নামেৰে তেজসৰ প্ৰথমটো স্কোৱাড্ৰন গঠন কৰে ৷

উৎসসমূহঃ

https://www.globalfirepower.com/country-military-strength-detail.asp?country_id=india

ভাৰতীয় বায়ুসেনা বাহিনীৰ Website

সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদনসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.