ETV Bharat / bharat

ব্যৱসায়ী বিজয় মালিয়াৰ বিৰুদ্ধে গোচৰ তৰা চিবিআইৰ বিষয়াগৰাকী !

author img

By

Published : May 15, 2020, 12:49 PM IST

ব্যৱসায়ী বিজয় মালিয়াই বৃহস্পতিবাৰে ইংলেণ্ডৰ উচ্চতম ন্যায়ালয়ত জামিনৰ বাবে আবেদন দাখিল কৰিছিল যদিও তেওঁ এই আবেদন প্ৰাপ্তিৰ পৰা বঞ্চিত হ’বলগীয়া হয় ৷ ইংলেণ্ডৰ উচ্চতম ন্যায়ালয়ে মালিয়াক ইংলেণ্ডৰ পৰা আঁতৰোৱাৰ ক্ষেত্ৰত 28 দিনৰ সময় জাৰি কৰে ৷ এই সন্দৰ্ভত চিবিআই অধ্যক্ষ সুমন কুমাৰে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে ৷ সম্পূৰ্ণ তিনিবছৰ পিছত চিবিআই অধ্যক্ষগৰাকীয়ে এই সফলতা লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷

ব্যৱসায়ী বিজয় মাল্যাৰ বিৰুদ্ধে চিবিআইৰ সফলতা

নেশ্যনেল ডেস্ক, 15 মে’ : সুদীৰ্ঘ তিনিবছৰৰ অন্তত চিবিআই অধ্যক্ষ সুমন কুমাৰে ব্যৱসায়ী বিজয় মালিয়াৰ বিৰুদ্ধে বেংকৰ জালিয়াতিক লৈ হোৱা গোচৰত সফলতা লাভ কৰে ৷ কিংফিচাৰ এয়াৰ লাইন্সৰ মালিক বিজয় মালিয়াই বৃহস্পতিবাৰে ইংলেণ্ডৰ উচ্চতম ন্যায়ালয়ত ভাৰতলৈ প্ৰত্যৰ্পনৰ বাবে আবেদন দাখিল কৰিছিল ৷ কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁৰ এই আৱেদন নাকচ কৰি তেওঁক ব্ৰিটেইনৰ পৰা আঁতৰাবলৈ 28 দিনৰ সময় জাৰি কৰে ৷

বিজয় মালিয়াই 2015 চনত বেংকত কৰা জালিয়াতিৰ বিৰুদ্ধে চিবিআই অধ্যক্ষ সুমন কুমাৰৰ হাতত গোচৰ ৰুজু কৰা হৈছিল ৷ লগতে মালিয়াই মুম্বাইৰ সুৰক্ষা সেৱাত ভুৱা ডিএছপি আৰু ৰাজ্যসভাৰ সদস্যৰূপে ভাৰতীয় সংসদত নিজৰ ভুৱা স্থিতি অটল ৰখাৰো অভিযোগ উত্থাপন হৈছিল ৷

ইফালে সুমন কুমাৰ হৈছে চিবিআইৰ এক উচ্চপদস্থ আৰক্ষী অধীক্ষক ৷ সূত্ৰই জনোৱা মতে, সুমন কুমাৰৰ নেতৃত্বত চিবিআই দলে কঠোৰ পৰিশ্ৰম আৰু অনুসন্ধানৰ অন্তত পলাতক ব্যক্তিৰ বিৰুদ্ধে কৰা তদন্ত আৰু মাল্যাৰ প্ৰত্যৰ্পনৰ ক্ষেত্ৰত সফল হ’বলৈ সক্ষম হয় ৷

লগতে পঢ়ক : তেলেংগানাত বৃদ্ধি পায়েই আছে COVID-19 আক্ৰান্ত, 47 জন বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.