যেতিয়াই আমি এটা ফোন কৰো, ফোনকলটো সংযোগ হোৱাৰ পূৰ্বে এই কন্ঠস্বৰ ভাঁহি আহে আৰু আমাক কোভিড-19 বিৰুদ্ধে সজাগ হৈ থাকিবলৈ সকীয়াই দিয়ে ৷ কিন্তু এনেকুৱা কিছুমান ঘটনা ঘটিছে য'ত কিছুমান শ্ৰেণীক লক্ষ্য কৰি লোৱা হৈছে ৷ আপুনি তেওঁলোকৰ বিষয়ে ক'ব পাৰিবনে ?
কিছুসংখ্যক হাউচিং ছচাইটিয়ে বহুটো পৰিয়ালক সংস্পৰ্শ তথা সংক্ৰমণ হোৱাৰ ভয়ত ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাই, এগৰাকী চিকিৎসকক তেওঁৰ প্ৰতিবেশীয়ে সংক্ৰমণ হোৱাৰ ভয়ত অসভ্য ব্যৱহাৰ কৰি ঘৰৰ বাহিৰলৈ উলিয়াই দিয়াৰ দৰে ভিডিঅ' ভাইৰেল হৈছে, এগৰাকী চিকিৎসকে কোভিড-19 পজিটিভ হোৱাৰ পিচতে গোটেই অট্টালিকাটো বন্ধ কৰি দিয়াৰ লগতে ছেনিটাইজ কৰা হৈছে আৰু এইটো তেওঁৰ বাবে হোৱাৰ ফলত অপৰাধবোধ কৰিছে ৷ ইয়াৰ বাবে তেওঁ অট্টালিকাটোত বাস কৰা সকলোকে ক্ষমা খুজিছে ৷ কিছুসংখ্যক মানুহ আছে যিয়ে পলায়ন কৰিছে অথবা আত্মহত্যা কৰিছে একমাত্ৰ কোভিড-19 পজিটিভ হোৱাৰ বাবেই ৷
মানুহে কেৱল সংক্ৰমণ হোৱাটোৱে ভয় কৰা নাই, কিন্তু সংক্ৰমিত হোৱা ব্যক্তিসকলক যিধৰনে লক্ষ্য কৰি লোৱা হৈছে তাৰ পৰাহে অধিক ভয় খাইছে ৷ সামাজিক দুৰত্ব কিছু পৰিমানে সামাজিক বৰ্জনলৈ ৰূপান্তৰিত হৈছে ৷ এয়াই হৈছে আমি মানিবলগীয়া আৰু ইয়াৰ সৈতে চলিবলগীয়া একমাত্ৰ সত্য ৷
আপোনাৰ মতে, কোভিড-19ক লৈ এনেকুৱা আচৰণৰ কাৰণ কি?
যেতিয়াই সংক্ৰমণ হোৱাৰ এক সম্ভাৱনা দেখা যায়, একপ্ৰকাৰে জপিয়াই উঠি মানুহে সংক্ৰমিতজনৰ পৰা আতঁৰত অৱস্থান গ্ৰহণ কৰে ৷ এয়া এক সুৰক্ষাজনিত অথবা জীয়াই থকাৰ ব্যৱহাৰ হ'ব পাৰে, কিন্তু গভীৰভাৱে চাবলৈ গ'লে জ্ঞান আৰু তথ্যৰ অভাৱত মানুহে মানুহক এইদৰে এৰাই চলিবলৈ লৈছে ৷ যিকোনো অভিশাপ অথবা কলংকৰ প্ৰথম কাৰণ হৈছে এৰাই চলা ৷ এৰাই চলাটোৱে ভয়ৰ জন্ম দিয়ে ভয়ে মানুহক যিকোনো অপৰাধমুলক ব্যৱহাৰ গঢ়ি উঠাত সহায় কৰে ৷ এইটো তেতিয়াই সংঘটিত হয় যেতিয়াই কুষ্ঠৰোগীসকলক আৰোগ্য কেন্দ্ৰলৈ পঠিওৱা হয়, মানসিকভাৱে অসুস্থ ব্যক্তিসকলক মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, যক্ষ্মা ৰোগত আক্ৰান্তসকলক এৰাই চলা হয়, এইডছৰ ক্ষেত্ৰতো একেই মনোভাৱ দেখা যায় ৷ এই সূচীত শেহতীয়াকৈ সংযোজন হৈছে কোভিড-19ৰ ৷ প্ৰযুক্তি আৰু অন্যান্য দিশত উন্নত হ'লেও মানুহ এতিয়াও যে উন্নত হোৱা নাই ইয়ে তাক প্ৰমাণ কৰে ৷
কোভিড-19ক লৈ বহুটো কথা ওলাইছে, কি ক'ব?
গৰম পাৰিপাৰ্শ্বিকতাই এই ভাইৰাছক নিধন কৰিব আৰু সেয়ে তাৰ বাবে চিন্তা কৰিব লগা নাই, মানুহে ছেনিটাইজাৰ, ব্লীছ, মিথানল, ইথানল ইত্যাদি সেৱন কৰিছে, একমাত্ৰ ভাইৰাছটো নিষ্ক্ৰিয় কৰিবলৈ ৷ কিছুসংখ্যক মানুহ আছে যিয়ে ভাৱে যে, তেওঁলোকৰ ভগৱানে এই ভাইৰাছৰ পৰা সিহতক ৰক্ষা কৰিব আৰু তাৰ বাবেই কোনো ছেনিটাইজেশ্বন অথবা সামাজিক দুৰত্বৰ নিয়ম পালন কৰা নাই ৷ সামাজিক দুৰত্বৰ নিয়ম উলংঘা কৰি বহুসংখ্যকেই ধৰ্মীয় অনুষ্ঠান পাতিছে ৷ কোভিড-19ৰ সৈতে মুখ্যধাৰাৰ সংবাদ গোষ্ঠীকে ধৰি সামাজিক মাধ্যম আৰু হোৱাটছএপত বহুটো বিভ্ৰান্তিকৰ বাতৰি সম্প্ৰচাৰ হৈছে ৷ ইয়ে মানুহৰ মাজত ভয়-বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ৷ বিভ্ৰান্তিকৰ সংবাদে ভাইৰাছৰ সংক্ৰমণক গোষ্ঠীয় ৰূপো দিছে ৷ ইয়ে মানুহৰ জীৱন আৰু জীৱিকাত এক ধ্বংসাত্মক প্ৰভাৱ পেলাইছে ৷
মানুহৰ মাজলৈ সঠিক খবৰ যোৱাটো কিদৰে নিশ্চিত কৰিম?
চৰকাৰ, স্বাস্থ্য়খণ্ডৰ লগত জড়িত ব্যক্তি, স্বাস্থ্যকৰ্মী, সামাজিক আৰু চিনাকি ব্যক্তি, চেলিব্ৰিটিছৰ এইক্ষেত্ৰত কৰণীয় আছে ৷ এইচআইভি এইডছৰ সঠিক সজাগতা আঁচনিয়ে ইয়াৰ ওপৰত সজাগতা সৃষ্টিত সহায় কৰাটো মোৰ মনত আছে ৷ পলিঅ' ৰোধ কৰাত ইয়াৰ প্ৰচাৰত জড়িত ডাঙৰ অভিনেতাৰ বহুখিনি অৱদান আছে ৷ একেদৰেই চৰকাৰ যন্ত্ৰ আৰু অন্যান্য ব্যক্তিসকল ইচ্ছাশক্তিয়ে কোভিড-19ৰ বিষয়ে সঠিক তথ্য প্ৰদানত যথেষ্ট সহায় কৰিব ৷
সাক্ষাৎকাৰটো প্ৰদান কৰিছে ডাঃ আদিত্য তিৱাৰীয়ে ৷ ডাঃ তিৱাৰী, মুম্বাইস্থিত এঞ্জেলছ ক্লিনিকৰ এগৰাকী কনচালটেন্ট হোমিঅপেথ তথা মনোবিজ্ঞানী আৰু থেৰাপিষ্ট ৷