বৰ্তমানৰ ভাৰতৰ ৰাজনীতিৰ কৌশলসমূহে বিখ্যাত ৰাজনৈতিক পণ্ডিত কৌটিল্য আৰু চাণক্যকো হয়তো নতুন শিক্ষা প্ৰদান কৰিলেহেতেন। শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক নাটকখন যেন এই কথাষাৰৰ বাবে উপযুক্ত উদাহৰণ।
![The Bitter Sweet Fruit of Politics](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5295131_ncp.jpg)
নীতিন গাডকাৰীয়ে কৈছিল যে ভাৰতত ৰাজনীতি আৰু ক্ৰিকেট সন্দৰ্ভত ভৱিষ্যদ্বাণী কৰাটো একেবাৰে অনিশ্চিত । মহাৰাষ্ট্ৰত চাৰি দিনতে পতন ঘটা ফাড়নাৱিছ চৰকাৰে এই কথাষাৰৰ সত্যতাৰ লগতে নিজৰ বিফলতাক প্ৰমাণ কৰে। উদ্ধৱ থাকৰেক নেতা হিচাপে লৈ শিৱ সেনা,এন চি পি আৰু কংগ্ৰেছে মহা বিকাশ আঘাড়ী বা ত্ৰিপক্ষ মিত্ৰতা স্থাপন কৰে। ২২ নৱেম্বৰৰ নিশা ৮ বজাত নাটকৰ চূড়ান্ত মুহূৰ্তটোৰ বাবে মঞ্চ সাজু কৰি থকাৰ সময়তে পাছৰ দিনা পুৱা ৮ বজাত মহাৰাষ্ট্ৰৰ ৰাজনীতিত অনাকাংক্ষিত এক পৰিৱৰ্তনৰ সৃষ্টি হয়। যাৰ বাবে প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে সমগ্ৰ দেশৰ লোকসকলে তেওঁলোকৰ টিভি চেটৰ সন্মুখত অবিৰতভাৱে বহি থাকিবলগীয়া হয়। ‘অপাৰেশ্যন আকৰ্ষ’ নামৰ এক অভিযানেৰে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ বিধায়িনী দলৰ নেতা অজিত পাৱাৰ সহিতে তেওঁৰ ৫৪ জন সমৰ্থকক ভাৰত জনতা পাৰ্টীয়ে প্ৰলোভিত কৰিবলৈ সক্ষম হয়। এই সফলতাৰ ফলতে বিজেপিয়ে শীঘ্ৰে ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰী হিচাপে ফাড়নাৱিছ আৰু উপ মুখ্যমন্ত্ৰী হিচাপে অজিত পাৱাৰৰ শপত গ্ৰহণ অনুষ্ঠিত কৰে। অজিত পাৱাৰে ফাড়নাৱিছক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত হ’বলৈ সহায় কৰিলেও আশা কৰামতে এন চি পিক ভাগ কৰিব পৰা নগ’ল। কাৰণ অজিত পাৱাৰৰ গোটটোৱে শাসকীয় দলটোক চৰকাৰ গঠনৰ বাবে শক্তি প্ৰমাণত সহায় কৰিব নোৱাৰিলে।
![The Bitter Sweet Fruit of Politics](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5295131_ajit.jpg)
ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে দিয়া ৰায়ৰ পাছতে অজিত পাৱাৰৰ পদত্যাগে বিজেপিক অস্বস্তিত পেলায়। ইয়াৰ ফলত ফাড়নাৱিছেও মুখ্যমন্ত্ৰী হিচাপে পদ ত্যাগ কৰিবলৈ বাধ্য হয়। তেতিয়া বিজেপিয়ে এখোজ পিছুৱাই চৰকাৰ গঠনৰ চাৰি দিন পাছতে এন চি পি-কংগ্ৰেছ-শিৱ সেনাৰ মিত্ৰশক্তিক চৰকাৰ গঠন কৰিবলৈ এৰি দিয়ে। বৰ্তমানৰ পৰিস্থিতিত এয়া লক্ষণীয় হ’ব যে এই ত্ৰিপাক্ষিক মিত্ৰতাৰ জৰিয়তে তিনিটা দলে তেওঁলোকৰ নিজা নিজা আদৰ্শসমূহৰ মাজত সংঘাত নোহোৱাকৈ ৰাইজক ন্যায় আৰু এখন সুস্থিৰ চৰকাৰ প্ৰদান কৰিবলৈ পাৰিব নে নাই।
![The Bitter Sweet Fruit of Politics](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5295131_sthh.jpg)
১৯৯৬ চনত ১৩ দিনৰ বাবে প্ৰধান মন্ত্ৰীৰ আসনত বহা প্ৰয়াত অটল বিহাৰী বাজপেয়ীয়ে কৈছিল যে বিৰোধী দলৰ ভিতৰচ’ৰাত বিভাজন সৃষ্টি কৰি তেওঁ তেনে কোনো পদ দখল কৰি নাথাকে । তেনে এক উদাহৰণৰ সাক্ষী হৈ ৰৈছে ভাৰতবৰ্ষ। তেনে ধৰণৰ আদৰ্শ আৰু মূল্যবোধ সাম্প্ৰতিক ৰাজনীতিত অপ্ৰাসংগিক হৈ পৰিছে য’ত দল আৰু কৰ্মীসকলে ক্ষমতা লাভ আৰু ৰক্ষা কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে । ২০১৯ চনৰ ২১ অক্টোবৰত অনুষ্ঠিত মহাৰাষ্ট্ৰৰ নিৰ্বাচনত শিৱ সেনাই ২৫.৭ শতাংশ ভোটেৰে ৫৬খন আসন দখল কৰিছিল। প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাতকৈ অদিক আসন লাভ কৰা শাসকীয় গোটবন্ধনত শিৱ সেনাই তেওঁলোকৰ দলৰ পৰা মুখ্যমন্ত্ৰীৰ পদটো দাবী কৰাত ৰাজনৈতিক অস্থিৰতাৰ লগতে ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰিবলৈ বাধ্য কৰায় ।
![The Bitter Sweet Fruit of Politics](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5295131_trhynmj.jpg)
পূৰ্বতে এন চি পিক দুৰ্নীতিগ্ৰস্ত দল বুলি আখ্যা দিয়া ভাৰতীয় জনতা পাৰ্টীয়ে অজিত পাৱাৰৰ লগত হাত মিলাবলৈ সাজু হোৱাৰ উপৰি অজিত পাৱাৰ আৰু তেওঁৰ গোটটোক সন্তুষ্ট কৰিবলৈ উপ মুখ্যমন্ত্ৰীৰ পদ অৰ্পণ কৰিবলৈ মান্তি হয়। বিজেপিৰ বিৰুদ্ধে অনৈতিক মিত্ৰতাৰ অভিযোগ থকাৰ বিপৰীতে গোৱাৰ পৰা মণিপুৰলৈকে বহু ৰাজ্যতে এই মিত্ৰতাৰ বলতে শাসন চলিছে । বৰ্তমান অজিত পাৱাৰৰ ৰাজনৈতিক খেলে এই কথাষাৰকে প্ৰতিফলিত কৰে- "তুমি যদি এটা বস্তু দিয়া, সেয়া মই খাই দিম" । আদৰ্শবাদী নেতা আৰু দায়িত্বশীল কৰ্মীসকলৰ বাবে জনাজাত বিজেপিৰ দৰে দল এটাই পূৰ্বতে কৰ্ণাটক আৰু শেহতীয়াকে মহাৰাষ্ট্ৰত দেখা পোৱাৰ দৰে ক্ষমতাৰ পাছত কিয় দৌৰি আছে সেয়া জনা নাযায় ।
![The Bitter Sweet Fruit of Politics](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5295131_kiddd.jpg)
মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰি ফাড়নাৱিছে আক্ৰমণ কৰি কয় যে এম ভি এয়ে তিনিচকীয়া অটোৰ দৰে চলি আছে । ইয়াৰ প্ৰতিটো টকাই নিজৰ নিজৰ দিশত দৌৰিছে। নিজৰ সংঘাতৰ বাবে এই জোঁটবন্ধনৰ পতন নিশ্চিত বুলিও তেওঁ কয়। কেৱল সংখ্যাগৰিষ্ঠতা আৰু ক্ষমতাৰ বাবে হৰ্ছ ট্ৰেডিং কৰাত তেওঁলোকৰ ইচ্ছা নাছিল বুলি দেবেন্দ্ৰ ফাড়ানাৱিছে কোৱাৰ পাছত প্ৰশ্ন উত্থাপন হয়- কোনে প্ৰথমতে তেওঁলোকৰ হৈ অজিত পাৱাৰক এই কাম কৰিবলৈ অনুমতি দিছিল ?
![The Bitter Sweet Fruit of Politics](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5295131_snyj.jpg)
শেহতীয়া কৰ্ণাটক নিৰ্বাচনত বিজেপিয়ে সৰ্বাধিক আসন লাভ কৰা দল আছিল। একেধৰণে ৰাজ্যপালৰ আমন্ত্ৰণ মৰ্মে য়েদুৰাপ্পাৰ নেতৃত্বত কৰ্ণাটকত চৰকাৰ গঠন কৰা হয় । এয়া এক শেহতীয়া বুৰঞ্জীৰ অধ্যায় য’ত প্ৰতিফলিত কিদৰে বিজেপিয়ে জেডি এছ-কংগ্ৰেছ মিত্ৰতাৰ বিৰোধিতা কৰিছিল। পূৰ্বৰ কৰ্ণাটকৰ পৰিস্থিতিৰ পৰা লাভ কৰা শিক্ষা অনুসৰি তিনিটা দলৰ মিত্ৰতাক বিজেপিয়ে বিভিন্নতা দেখুৱাই ৰাইজৰ চকুত হাঁহিয়াতৰ পাত্ৰ হিচাপে প্ৰক্ষেপ কৰাটো সহজ হ’লহেঁতেন ।
এতিয়া ডাঙৰ প্ৰশ্নটো হ’লঃ
বিজেপিয়ে আদৰ্শৰ ৰাজনীতিৰ পৰা কি লাভ কৰিছে ? যি আছে সেয়া বাকলি গুছোৱা ফলৰ অৱশেষহে!