কলকাতা,4 ফেব্ৰুৱাৰীঃ ডোহাৰ পৰা বেংকক অভিমুখী এখন বিমান জৰুৰীকালীনভাৱে অৱতৰণ কৰা হয় কলকাতা বিমান বন্দৰত ৷ মঙলবাৰে পুৱাৰ ভাগত কাট্টাৰ এয়াৰৱেজৰ বিমানত ডোহাৰ পৰা বেংকক অভিমুখে আহি থকা অৱস্থাতে থাইলেণ্ডৰ এগৰাকী মহিলাই বিমানৰ ভিতৰতে সন্তান প্ৰসৱ কৰে ৷
পুৱা প্ৰায় 3 বজাত বিমানখনৰ কেবিন ক্ৰিউৰ সহায়ত মহিলাগৰাকীয়ে এটি সন্তান প্ৰসৱ কৰে ৷ ইয়াৰ পিছতে বিমানখন তৎকালীনভাৱে কলকাতা বিমান বন্দৰত অৱতৰণ কৰা হয় ৷ অৱতৰণৰ পিচতেই মহিলাগৰাকীক ভৰ্ত্তি কৰোৱা হয় এখন ব্যক্তিগত চিকিৎসালয়ত ৷ উল্লেখ্য যে, মহিলাগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হোৱাত কলকাতাৰ এটিচি চিগনেলৰ সহায়ত তৎকালীনভাৱে বিমানখন কলকাতা বিমান বন্দৰত অৱতৰণ কৰোৱা হৈছিল ৷ শেহতীয়াকৈ জানিব পৰা মতে, মাতৃ আৰু সন্তান দুয়ো সম্প্ৰতি সুস্থ অৱস্থাত আছে ৷