ETV Bharat / bharat

সুৰক্ষা বাহিনীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী - জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী নিধন

শ্ৰীনগৰত সংঘটিত সংঘৰ্ষত সেনাৰ হাতত নিধন হয় এটা সন্ত্ৰাসবাদী ৷

সুৰক্ষাবাহিনীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী

author img

By

Published : Jul 25, 2020, 7:33 PM IST

নিউজ ডেস্ক, 25 জুলাই : শ্ৰীনগৰত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত নিহত হয় এটা সন্ত্ৰাসবাদী ৷ স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ সংঘৰ্ষস্থলীত বৰ্তমানেও তালাচী অব্যাহত আছে ৷ ঘটনাস্থলীলৈ ততালিকে অতিৰিক্ত বাহিনী প্ৰেৰণ কৰাৰ লগতে সমগ্ৰ অঞ্চলতো ঘেৰাও কৰি ৰখা হৈছে ৷ লুকাই থকা সন্ত্ৰাসবাদীক বিচাৰি বৰ্তমানে সেনাই অভিযান আৰম্ভ কৰিছে ৷

সূত্ৰই প্ৰকাশ কৰা অনুসৰি,লাৱাইপুৰাৰ ৰামালগন্দত এই সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ প্ৰাৰম্ভিক তথ্য অনুসৰি,সংঘৰ্ষস্থলীত তিনিটাকৈ সন্ত্ৰাসবাদী লুকাই আছে আৰু ইয়াৰে এজন ইতিমধ্যে সেনাৰ হাতত নিধন হৈছে ৷

উল্লেখ্য যে,মঙলবাৰেও জম্মু-কাশ্মীৰ আৰক্ষীয়ে 38 ৰাষ্ট্ৰীয় ৰাইফলছৰ সহযোগত ৰাজৌৰি জিলাত সন্ত্ৰাসবাদী ঘাটি উচ্ছেদ হৈছিল ৷ জিলাখনৰ থানামন্দি এলেকাত সন্ত্ৰাসবাদীৰ লুকাই থকা এটা ঘাটি উৎখাত কৰিছিল অভিযানকাৰী দলে ৷

বিগত সপ্তাহত জইচ-ই-মহম্মদৰ তিনিটাকৈ সন্ত্ৰাসাবাদীক নিধন কৰিছিল সেনাই ৷ ইয়াৰ বিপৰীতে এই অভিযানত সুৰক্ষা বাহিনীৰ তিনিগৰাকীকৈ জোৱান আঘাতপ্ৰাপ্ত হৈছিল ৷

লগতে পঢ়কঃ ৰংপুৰ : য'ৰ পৰা আৰম্ভ হৈছিল বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.