ETV Bharat / bharat

তেলেংগানা : অব্যাহত আছে কৰ'ণা সংক্ৰমণৰ সংখ্যা , নতুনকৈ মৃত্যু 6 জনৰ

ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা 88 জন হোৱাৰ লগতে সোমবাৰে নতুনকৈ 94 জন লোক আক্ৰান্ত হৈছে ৷ ইয়াৰ জৰিয়তে আক্ৰান্তৰ সংখ্যা 2,792 জন হৈছে ৷

নতুনকৈ মৃত্যু 6 জনৰ
তেলেংগানা : কৰ'ণা আক্ৰান্তৰ সংখ্যাত বৃদ্ধি অব্যাহত
author img

By

Published : Jun 2, 2020, 7:34 AM IST

নেশ্যনেল ডেস্ক, 2 জুন : কৰ'ণা ভাইৰাছৰ ফলত সোমবাৰে পুনৰ তেলেংগানাত ছয় জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যাত বৃদ্ধি অব্যাহত আছে ৷ ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা 88 জন হোৱাৰ লগতে সোমবাৰৰ দিনা নতুনকৈ 94 জন লোক আক্ৰান্ত হৈছে ৷ ইয়াৰ জৰিয়তে আক্ৰান্তৰ সংখ্যা 2,792 জন হৈছে ৷

যোৱা দুসপ্তাহত এজনো প্ৰব্ৰজিত শ্ৰমিক আক্ৰান্ত হোৱা নাই তেলেংগানাত ৷ ইয়াৰোপৰি, বিদেশ ভ্ৰমণৰ ইতিবৃত্ত থকা কোনো লোক আক্ৰান্ত হোৱা নাই ৷ সোমবাৰে আক্ৰান্ত লোকৰ 94 জনেই স্থানীয় লোক বুলি জানিব পৰা গৈছে ৷ ইয়াৰে 79 জন লোক গ্ৰেটাৰ হাইদৰাবাদৰ বাসিন্দা ৷

উল্লেখ্য যে, বৰ্তমানলৈকে ৰাজ্যখনৰ 1,491 জন আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে ৷ ইয়াৰ ফলত বৰ্তমান সক্ৰিয় ঘটনা হৈছে 1,213 টা ৷ দেওবাৰে ৰাজ্যখনত সৰ্বাধিক 199 জন লোক আক্ৰান্ত হৈছে Covid-19 ত ৷

সোমবাৰৰ পৰা ৰাজ্য চৰকাৰে আন্তঃৰাজ্যিক পৰিবহণৰ অনুমতি প্ৰদান কৰিছে ৷ এতিয়াৰে পৰা অন্য ৰাজ্যৰ লোকে তেলেংগানাত পাছৰ অবিহনেই প্ৰৱেশ কৰিব পাৰিব বুলি মন্তব্য কৰে ৰাজ্য চৰকাৰে ৷

সোমবাৰৰ পৰা সান্ধ্য আইন নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ হ্ৰাস কৰি দিয়া হয় ৷ ইয়াৰ পূৰ্বে সন্ধিয়া 7 বজাৰ পৰা পুৱা 6 বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছিল ৷

আনহাতে, ব্যৱসায়িক অনুষ্ঠানসমূহ নিশা 8 বজাত বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ চৰকাৰে লগতে জানিবলৈ দিয়ে যে, কনটেইন্টমেন্ট জ'ন সমূহত 30 জুন পৰ্যন্ত লকডাউন বৃদ্ধি কৰাৰ লগত ইয়াৰ বাহিৰৰ অঞ্চলসমূহত 7 জুন পৰ্যন্ত লকডাউন আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.