ETV Bharat / bharat

তেলেংগানাত মে' মাহতো কৰ্তন হ'ব দৰমহা

author img

By

Published : May 28, 2020, 10:00 AM IST

তেলেংগানাৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহা মে' মাহতো কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে এক বৈঠকত । আনহাতে চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক দিয়া মাহে 1,500 টকাকৈ নিদিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰে ।

তেলেংগানা চৰকাৰ
তেলেংগানা চৰকাৰ

নিউজ ডেস্ক, 28 মে': তেলেংগানা চৰকাৰে বুধবাৰে এক বৈঠকত চৰকাৰী কৰ্মচাৰীৰ দৰমহা মে' মাহতো কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কৰ'ণা ভাইৰাছ সংকটৰ সময়ত লক ডাউনে কৰা আয়ৰ বৃহৎ ক্ষতিৰ পাচত ৰাজ্যৰ আয় বৃদ্ধি কৰিবলৈ কৰ্মচাৰী সকলৰ 50 শতাংশ দৰমহা কৰ্তন কৰিব চৰকাৰে ।

আনহাতে জন প্ৰতিনিধি সকলৰো দৰমহা কৰ্তন কৰিব ৰাজ্য চৰকাৰে । জন প্ৰতিনিধি সকলৰ দৰমহাৰ 75 শতাংশ ক্ৰয় কৰা হ'ব । ইপিনে সৰ্ব ভাৰতীয় বিষয়া সকলৰ দৰমহাৰ 60 শতাংশ কৰ্তন কৰাৰ বিপৰীতে 25 শতাংশ পেন্সন কৰ্তন কৰাৰ সিদ্ধান্ত লয় ৰাজ্য চৰকাৰে । ইপিনে, বহিঃ আৰু ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰো 10 শতাংশ দৰমহা কৰ্তন কৰা হ'ব । তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰচেখৰ ৰাওৰ অধ্যক্ষতাত তেওঁৰ চৰকাৰী আৱাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।

আনহাতে, লক ডাউনৰ আৰম্ভণিৰে পৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক দি অহা 1,500 টকাৰ সাহায্য প্ৰদান বন্ধ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে । লক ডাউন শিথিল কৰা হোৱা বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । অৱশ্যে দৰিদ্ৰ সকলক প্ৰদান কৰা 12 কেজি চাউল প্ৰদান অব্যাহত ৰখাৰ লগতে সামাজিক সুৰক্ষাৰ পেন্সনৰ ধনো প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

ৰাওৱে জানিবলৈ দিয়ে যে, ৰাজ্যখনে মাহিলি 12,000 কোটি টকাৰ ৰাজহ আয় কৰাটো প্ৰয়োজনীয় , কিন্তু লক ডাউনৰ ফলত আয়ৰ পৰিমান 3,100 কোটিহে হয় য'ত কেন্দ্ৰীয় কৰ 982 কোটি অন্তৰ্ভুক্ত হৈ আছে ।

তেওঁ কয় যে, তেলেংগানাই প্ৰতিবছৰে কেন্দ্ৰক 37,400 কোটি টকা কিস্তি হিচাপে দিব লাগে । প্ৰতি মাহতে কোনো কাৰণতে বিফল নোহোৱাকৈ এই কিস্তি পৰিশোধ কৰিব লাগে । ৰাজ্যই কেন্দ্ৰক ঋণৰ সূচীৰ সলনি কৰিবলৈ আহ্বান জনাইছিল যদিও কেন্দ্ৰই গুৰুত্ব নিদিয়া বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইপিনে কৰ্মচাৰীক সম্পূৰ্ণ দৰমহা আৰু পেঞ্চন দিব লাগিলে ৰাজকোষৰ 3000 কোটিৰো অধিক টকা লাগিব, যাৰ ফলত ৰাজকোষ সম্পূৰ্ণ উদং হৈ যাব বুলি কয় কে চন্দ্ৰচেখৰ ৰাওৱে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.