ETV Bharat / bharat

তেলেংগানা শীৰ্ষ আদালতে স্থগিত ৰাখিলে বিধানসভা সচিবালয় ভাঙিবলৈ দিয়া নিৰ্দেশ

15 জুলাইলৈ তেলেংগানা উচ্চ ন্যায়ালয়ে বিধানসভা সচিবালয় ধ্বংসৰ নিৰ্দেশ স্থগিত ৰখাৰ নিৰ্দেশ প্ৰদান কৰে ৷ আইনৰ সকলো নিয়ম পালন নকৰাকৈ ইয়াক ধ্বংস কৰাৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনাৰ বিৰুদ্ধে শীৰ্ষ আদালতত আবেদন দাখিল কৰা হৈছিল ৷

author img

By

Published : Jul 14, 2020, 2:36 AM IST

Updated : Jul 14, 2020, 8:57 AM IST

তেলেংগানা শীৰ্ষ আদালতে স্থগিত ৰাখিলে বিধানসভা সচিবালয় ধ্বংসৰ নিৰ্দেশ

নিউজ ডেস্ক, 14 জুলাই : তেলেংগানা উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বিধানসভা সচিবালয়ৰ অট্টালিকাটো ভাঙিবলৈ দিয়া অস্থায়ী নিৰ্দেশ সোমবাৰে পুনৰ 15 জুলাইলৈ বৃদ্ধি কৰে ৷

মুখ্য ন্যায়াধীশ ৰাঘবেন্দ্ৰ সিং চৌহানৰ দ্বাৰা গঠিত দুজনীয়া ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে, এই নিৰ্দেশ প্ৰদান কৰিছে ৷ মুখ্য ন্যায়াধীশৰ লগতে ন্যায়াধীশ বি বিজয়সেন ৰেড্ডীৰ খণ্ড বিচাৰপীঠে আবেদনকাৰী অধ্যাপক পিএল বিশ্বেশ্বৰা ৰাও আৰু ডাঃ চেৰুকু সুধাকৰে 10 জুলাইত দাখিল কৰা আবেদনখনৰ ওপৰত ভিত্তি কৰি প্ৰথমে 13 জুলাইলৈ এই নিৰ্দেশ বাহাল ৰাখিছিল ৷

লগতে পঢ়কঃ উত্তৰ প্ৰদেশ আৰক্ষীৰ 4 দিনৰ জিম্মাত বিকাশ ডুৱেৰ দুই সহযোগী

আবেদনকাৰীয়ে 10টা ব্লক আৰু প্ৰায় 10 লাখ বৰ্গফুট পৰিসৰৰ সচিবালয়টো ধ্বংস কৰাৰ ক্ষেত্ৰত কোনো আইন মানি চলা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছিল ৷ চৰকাৰে নিৰ্মাণ আৰু ধ্বংস আৱৰ্জনা ব্যৱস্থাপনা নিয়ম 2016, মহামাৰী আইন 1897 আৰু পৰিৱেশ সুৰক্ষা আইন, 1986 ৰ লগতে অন্যান্য আইন আৰু নিয়মসমূহৰ বিপৰীতে কাম কৰিছে বুলি অভিযোগ উত্থাপন হৈছিল ৷

লগতে পঢ়কঃ ঝাৰখণ্ডত একেদিনাই 66 গৰাকী আৰক্ষী কোভিড-19 পজিটিভ

শীৰ্ষ আদালতে, এই নিৰ্দেশ পুনৰ বৃদ্ধি কৰি এইক্ষেত্ৰত বন্ধ খামৰ ভিতৰত ধ্বংস কৰা সিদ্ধান্তৰ বিষয়ে আদালতক প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ বহুসংখ্যক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ দ্বাৰা নতুন সচিবালয় নিৰ্মাণৰ ক্ষেত্ৰত প্ৰদান কৰা নিৰ্দেশক শীৰ্ষ আদালতে প্ৰত্য়াখ্যান কৰাৰ পিচতে কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন চৰকাৰে 7 জুলাইৰ পৰা পুৰনি সচিবালয়ৰ চৌহদত খনন আৰম্ভ কৰিছিল ৷

লগতে পঢ়কঃ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ বুলি পৰিচয় দি বিপদত এগৰাকী লোক

আবেদনকাৰীয়ে ইয়াক চৰকাৰৰ ইচ্ছাগত কাৰ্য বুলি উল্লেখ কৰি মহামাৰীৰ সময়ত পুৰনি সচিবালয়ৰ আশে-পাশে বাস কৰা প্ৰায় পাঁচ লাখ লোকক বিশুদ্ধ বায়ু সেৱনৰ পৰা বৰ্জিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনাইছিল ৷ 2019ৰ 29 জুনত ৰাজ্যখনৰ শীৰ্ষ আদালতে নতুন সচিবালয় নিৰ্মাণৰ বাবে পুৰনি সচিবালয়ক ধ্বংস কৰাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনাই প্ৰদান কৰা বহুকেইখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন নাকচ কৰিছিল ৷ নতুন সচিবালয়ৰ নিৰ্মাণৰ ক্ষেত্ৰত আদালতে প্ৰদান কৰা নিৰ্দেশৰ পিচতে পুৰনি সচিবালয়ৰ ধ্বংসকাৰ্য আৰম্ভ হৈছিল আৰু নতুন সচিবালয়ৰ নিৰ্মাণকাৰ্যৰ আধাৰশীলা 27 জুন, 2017ত স্থাপন কৰা হৈছিল ৷

তেলেংগানাৰ ৰাজ্য চৰকাৰে নতুন সচিবালয়টো 400 কোটি টকা ব্যয়সাপেক্ষে 7 লাখ বৰ্গফুট এলেকাত সকলো সুবিধাৰে উপলব্ধ হোৱাকৈ নিৰ্মাণ কৰাৰ বিষয়ে প্ৰকাশ কৰিছিল ৷

লগতে পঢ়কঃ এমবিবিএছৰ পৰীক্ষা পাতিবলৈ নিৰ্দেশ কলকাতা উচ্চ ন্যায়ালয়ৰ

Last Updated : Jul 14, 2020, 8:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.