নিউজ ডেস্ক,১৪অক্টোবৰঃ মঙলবাৰৰ পৰা তেলেংগনাত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যখনৰ অধিকাংশ বানপানীৰ কবলত পৰে ৷ তেলেংগনাৰ মুখ্য সচিব সোমেশ কুমাৰে ৰাজ্যখনৰ সকলো বিভাগৰ লগতে আৰক্ষী আৰু প্ৰশাসনক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে । সচিব গৰাকীয়ে উল্লেখ কৰে যে, মঙলবাৰৰ নিশাৰ পৰা ধাৰাষাৰ বৰষুণৰ বাবে ৰাজ্যখনৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে । এই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ লগত তেঁও টেলিফোনিক বাৰ্তালাপ কৰি পৰিস্থিতিৰ বিষয়ে অবগত কৰে । ইপিনে মুখ্যমন্ত্ৰী গৰাকীয়ে যিকোনো পৰিস্থিতিৰ মুকাবিলা কৰিবৰ বাবে প্ৰশাসনক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে বুলি মুখ্য সচিব গৰাকীয়ে উল্লেখ কৰে।
উল্লেখ্য যে, ধাৰাষাৰ বৰষুণৰ বাবে হায়দৰাবাদৰ বিভিন্ন ঠাইত বানৰ সৃষ্টি হয়। ২৪ ঘন্টাত প্ৰায় ২০ চেন্টিমিটাৰ জোৰেৰে বৃষ্টিপাত হোৱাৰ ফলতে হায়দৰাবাদত এই আবতৰীয়া বানৰ সৃষ্টি হয় । ইপিনে ধাৰাষাৰ বৰষুণৰ বাবে সৃষ্টি হোৱা বানৰ ফলত বহু লোক ৰাজ পথতে আৱদ্ধ হৈ পৰাৰ লগতে যাতায়ত ব্যৱস্থা সৰ্ম্পূণ ব্যাহত হৈ পৰে ৷
আনহাতে বুধবাৰৰ দিনটোতো ঠায়ে-ঠায়ে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভৱনা আছে বুলি মত প্ৰকাশ কৰে বতৰ বিজ্ঞান কেন্দ্ৰই। ইয়াৰ লগতে মুখ্য সচিব গৰাকীয়ে জানিবলৈ দিয়ে যে, বৰষুণ আৰু বতাহৰ ফলত বহু ঠাইত গছ বাগৰি পৰাৰ ফলত অঞ্চলবোৰত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে ৷ যাৰ বাবে বহু সমস্যাত পৰে জনসাধৰণ। বহু ঠাইত নলা-নৰ্দমা বন্ধ হৈ পৰাৰ ফলতো সৃষ্টি হয় বানৰ। ইয়াৰ বাবে জনসাধৰণ সমস্যাত পৰিব বুলি উল্লেখ কৰে সচিব গৰাকীয়ে।
লগতে পঢ়কঃ বিতৰ্কৰ আৱৰ্তত জলসিঞ্চনৰ ৩৯৭টা পদৰ পৰীক্ষাৰ ফলাফল