ETV Bharat / bharat

29 মে'লৈকে লকডাউন বৃদ্ধি তেলেংগানাত

author img

By

Published : May 6, 2020, 8:50 AM IST

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে ৰাজ্যখনত লকডাউন বৃদ্ধিৰ কথা ঘোষণা কৰিছে । অৱশ্যে লকডাউন বৃদ্ধিৰ সমান্তৰালকৈ সুৰাৰ বিপনীসমূহ খোলাত অনুমতি প্ৰদান কৰিছে তেলেংগানা ৰাজ্য চৰকাৰে ।

29 মে'লৈকে লকডাউন বৃদ্ধি তেলেংগানাত
29 মে'লৈকে লকডাউন বৃদ্ধি তেলেংগানাত

নিউজ ডেস্ক, ৬ মে' : তেলেংগানা ৰাজ্য চৰকাৰে মঙলবাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি, ৰাজ্যখনত কোভিড-১৯ নিয়ন্ত্ৰণ কৰিবলৈ অহা ২৯ মে'লৈকে বৃদ্ধি কৰা হয় লকডাউনৰ সময়সীমা । ৰাজ্যিক কেবিনেটৰ আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে এই কথা ঘোষণা কৰে । দেশৰ ভিতৰত তেলেংগানাই প্ৰথমখন ৰাজ্য যিয়ে, কোভিড-১৯ নিয়ন্ত্ৰণ কৰিবলৈ এইদৰে অতিৰিক্তভাৱে লকডাউনৰ সময়সীমা বৃদ্ধি কৰিছে ।

ৰাজ্যখনত ৭ মে'ত লকডাউন অন্ত হোৱাৰ কথা আছিল যদিও অনাগত ২২ দিনলৈ বৃদ্ধি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে । হায়দৰাবাদকে ধৰি আন পাঁচখনকৈ ৰেড জ'ন জিলাত কোনোধৰণৰ শিথিলতা নিদিয়াৰ কথাও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কেন্দ্ৰই জাৰী কৰা নিৰ্দেশনা অনুসৰিয়ে গ্ৰীণ আৰু অৰেঞ্জ জ'নত কিছু শিথিলতা প্ৰদান কৰা হ'ব যদিও ৰেড জ'নত নিৰ্মাণকাৰ্যৰ বাহিৰে বাকী সকলো কাম বন্ধ থাকিব ৰাজ্যখনত । ৰেড জ'নত চিমেন্ট, ষ্টীল, হাৰ্ডৱেৰ আৰু ইলেকট্ৰিকেল দোকানসমূহ খোলা থাকিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ৰাজ্যখনৰ মণ্ডল মুখ্যালয় আৰু গাঁৱসমূহত সকলোবোৰ দোকান খোলা থাকিব যদিও পৌৰ নিগমৰ অধীনস্থ চহৰৰ গ্ৰীণ আৰু অৰেঞ্জ জ'নত দিনৰ ১০ বজাৰ পৰা আবেলি ৬ বজালৈ ৫০ শতাংশ দোকান খোলা থাকিব । ৰাজ্যখনত নিশা ৭ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈ কাৰ্ফিউ থাকিব আৰু কাৰ্ফিউৰ সময়ত কোনোধৰণৰ গতিবিধি চলিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়াৰ লগতে ইয়াক উলংঘণ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ।

তেলেংগানাত মঙলবাৰে ১১ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ লগতে সৰ্বমুঠ সংখ্যা হয়গৈ ১,০৯৬ গৰাকী । ইয়াৰে ভিতৰত ৪৩ গৰাকী সুস্থ হোৱাৰ বিপৰীতে এতিয়াও ৪৩৯ গৰাকী সক্ৰিয় হৈ আছে ।

লগতে পঢ়কঃ তেলেংগানা : ১৬ শতাংশ বৰ্ধিত মূল্যৰে খুলিবলৈ সাজু সুৰাৰ বিপনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.