নেশ্যনেল ডেস্ক, ৮ ছেপ্টেম্বৰ: আহমেদাবাদ আৰক্ষীৰ অপৰাধ শাখাৰ জালত গাড়ী চোৰ । ধৃত চোৰটোৰ পৰা ১৫লাখ টকা মূল্যৰ এখন স্ক'ৰপিঅ' বাহনৰ লগতে ১৭লাখ টকাৰ চুৰিকাৰ্যত ব্যৱহৃত সামগ্ৰী জব্দ কৰে অপৰাধ শাখাই । MBA পঢ়াৰ পিছত চুৰিবিদ্যাত ধৰিছিল এই চোৰটোৱে । গাড়ী চুৰিৰ বাবে আহমেদাবাদৰ আশে-পাশে থকা ৪খন ৰাজ্যত নেটৱৰ্ক আছে সত্যেন্দ্ৰ সিং নামৰ এই চোৰটোৰ ।
![আহমেদাবাদ আৰক্ষীৰ অপৰাধ শাখাৰ জালত গাড়ী চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02:48:34:1599556714_gj-ahd-16-car-chhori-aaropi-video-story-7208977_07092020222519_0709f_03700_868.jpg)
চাৰ্ভিচ চেণ্টাৰলৈ অনা বাহনসমূহৰ চাবি স্কেন কৰি নকল চাবি তৈয়াৰ কৰে সত্যেন্দ্ৰই । পিছত জিপিএছ চিষ্টেমৰ জৰিয়তে বাহনৰ স্থান ট্ৰেক কৰি নিজৰ লগত ৰখা চাবি ব্যৱহাৰ কৰি বাহন চুৰি কৰাত সিদ্ধহস্ত এই গভাইত চোৰটো । আৰক্ষীয়ে আহমেদাবাদ জয়পুৰৰ পৰা সত্যেন্দ্ৰ সিং নামৰ এই চোৰটোক কৰায়ত্ত কৰে ।
![আহমেদাবাদ আৰক্ষীৰ অপৰাধ শাখাৰ জালত গাড়ী চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02:48:33:1599556713_gj-ahd-16-car-chhori-aaropi-video-story-7208977_07092020222525_0709f_03700_478.jpg)
গাড়ী চুৰি সন্দৰ্ভত বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে জয়পুৰত তালাচী চলাই আছিল । সত্যেন্দ্ৰ সিঙে চুৰি বাহনসহ অঞ্চলটোত প্ৰৱেশ কৰাৰ লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে ২লাখ টকা মূল্যৰ চাবি প্ৰস্তুত কৰা বৈদ্যুতিক যন্ত্ৰ, ২০,০০০টকাৰ ৫টা জিপিএছ চিষ্টেম, ২টা ৱাই ফাই ডংগল, ৩টা মোবাইল ফোনসহ মুঠ ১৭,৩৭,৯০০টকাৰ সামগ্ৰী জব্দ কৰে ।
![আহমেদাবাদ আৰক্ষীৰ অপৰাধ শাখাৰ জালত গাড়ী চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02:48:32:1599556712_gj-ahd-16-car-chhori-aaropi-video-story-7208977_07092020222525_0709f_03700_836.jpg)
আহমেদাবাদ,গান্ধীনগৰ,ৰাজস্থান,বেংগালুৰু আৰু চেন্নাইৰ পৰা ৬খন স্ক'ৰপিঅ' বাহন চুৰি কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে ।
মুঠ ১২খন গাড়ী চুৰি কৰা সন্দৰ্ভত মুখ খুলিছে গভাইত চোৰটোৱে । গাড়ী চুৰি কৰাৰ পিছত আন স্থানত ২০-২৫ঘণ্টা পৰ্যন্ত থৈ দিয়ে । পিছত অনলাইন এপ ব্যৱহাৰ কৰি ড্ৰাইভাৰ বুক কৰি বাহনখন আন এক স্থানলৈ নিবলৈ নিৰ্দেশ দিয়ে । উল্লেখ্য যে, ২০১৪ চনতো বাহন চুৰি কৰাৰ অপৰাধত জেললৈ যাবলগীয়া হৈছিল সত্যেন্দ্ৰ ৷
লগতে পঢ়ক : দলিত যুৱকক অত্যাচাৰৰ গোচৰত গ্ৰেপ্তাৰ ছবি নিৰ্মাতা নুটন নাইডু