ETV Bharat / bharat

পিঁয়াজে কন্দুৱাইছে

author img

By

Published : Dec 7, 2019, 3:33 PM IST

বজাৰত পিঁয়াজৰ হঠাতে দাম বৃদ্ধি হোৱাৰ ফলত গ্ৰাহকে সঘনাই কান্দিবলগীয়া হোৱা দেখা পোৱা যায় । দুবছৰ পূৰ্বে যেতিয়া পিঁয়াজৰ দাম ৬০ টকা হৈছিল তেতিয়া কেন্দ্ৰই ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে তাৎক্ষণিক প্ৰশমনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ অক্ষম। এই বছৰৰ প্ৰথমছোৱাত কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যকে পৰ্যাপ্ত পৰিমাণে পিঁয়াজৰ যোগান ছেপ্টেম্বৰৰ শেষৰ ভিতৰত দিয়া হ’ব বুলি আশ্বাস দিছিল। কিন্তু প্ৰতিশ্ৰুতি অনুসৰি পৰ্যাপ্ত যোগানেৰে অধিকাংশৰে চাহিদা পূৰণ কৰা হোৱা নাই।

পিঁয়াজু কন্দুৱাইছে
পিঁয়াজু কন্দুৱাইছে

দীপাৱলী উদযাপনৰ প্ৰায় এমাহ পাৰ হোৱাৰ পাছতো বৰ্তমান ভাৰতৰ সকলো পাকঘৰত ‘পিঁয়াজ বোমা’ৰ বিস্ফোৰণ ঘটি আছে । কেনেদৰে পিঁয়াজৰ দাম পাইকাৰী বজাৰতো প্ৰতি কিলোগ্ৰামত এশ টকা হৈ আকাশ চুলেগৈ সেয়া সমগ্ৰ দেশৰ বাবে আচৰিত হ’বলগীয়া বিষয়। মহাৰাষ্ট্ৰৰ ছোলাপুৰ ছাংগানেৰ আদি ঠাইৰ বজাৰত পিঁয়াত ১১০ টকাত বিক্ৰী হৈ আছে । দক্ষিণ ভাৰতৰ কইম্বাটোৰৰ দৰে চহৰত ডাঙৰ পিঁয়াজ প্ৰতি কিলোত ১০০ টকাৰ বিপৰীতে সৰু আকৃতিৰ পিঁয়াজ প্ৰতি কিলোত ১৩০ টকা দৰত বিক্ৰী হৈছে। যদিও ৰাষ্ট্ৰীয় উদ্যান শস্য ব’ৰ্ডে দেশৰ মূল মূল চহৰসমূহৰ খুচুৰা বজাৰত পিঁয়াজৰ দাম ৮০ টকালৈ বৃদ্ধি পোৱা বুলি ঘোষণা কৰিছিল,পূৰ্বৰ সকলো দামক চেৰ পেলাই পিঁয়াজে আকাশ স্পৰ্শ কৰিছে। হায়দৰাবাদ,নাগপুৰ,ভূপাল আদি চহৰত পিঁয়াজৰ দাম বৃদ্ধিয়ে অসংখ্য গ্ৰাহকৰ জেপ অগ্নিদগ্ধ কৰিছে। মহাৰাষ্ট্ৰ,কৰ্ণাটক মধ্য প্ৰদেশ,গুজৰাট,ৰাজস্থান,উত্তৰ প্ৰদেশ আৰু বিহাৰ আদি ৰাজ্যত প্ৰবল আৰু আবতৰীয়া বৃষ্টিপাতে খেতিৰ ফচলৰ ওপৰত প্ৰভাৱ পেলাইছে । আন্তঃৰাষ্ট্ৰীয় বজাৰত পিঁয়াজ উৎপাদনকাৰী হিচাপে ভাৰত দ্বিতীয় স্থানত আছে । চীন আছে প্ৰথম স্থানত । কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানে ঘোষণা কৰিছে যে অকাল বৃষ্টিপাতে খেতিত ক্ষতি কৰাৰ ফলত ঘৰুৱা যোগান উন্নত কৰাৰ উদ্দেশ্যে তিনি সপ্তাহৰ ভিতৰত পিঁয়াজ আন দেশৰ পৰা আমদানি কৰা হ’ব। বাণিজ্যিক সংস্থা এম এম টি চিক পিঁয়াজৰ আমদানি আৰু যোগানৰ দায়িত্ব দিয়া হৈছে । নেশ্যনেল ফেডাৰেশ্যন অৱ্ এগ্ৰিকালচাৰেল কো অপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্যন অৱ্ ইণ্ডিয়াই ২০১৯ চনৰ ১৫ ডিচেম্বৰৰ ভিতৰত সকলো ৰাজ্যকে বিতৰণ কৰি দিব। ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰক ৰাজ সাহায্যযুক্ত পিঁয়াজৰ দাম হ্ৰাস কৰিবলৈ দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকসকলে ইয়াৰ ফলত সুবিধা লাভ কৰিব নে নাই সেয়া স্পষ্ট নহয়।

Teary Onions
বজাৰত পিঁয়াজ এতিয়া বিলাসী সামগ্ৰীত পৰিণত হৈছে

বজাৰত পিঁয়াজৰ হঠাতে দাম বৃদ্ধি হোৱাৰ ফলত গ্ৰাহকে সঘনাই কান্দিবলগীয়া হোৱা দেখা পোৱা যায় । দুবছৰ পূৰ্বে যেতিয়া পিঁয়াজৰ দাম ৬০ টকা হৈছিল তেতিয়া কেন্দ্ৰই ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে তাৎক্ষণিক প্ৰশমনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ অক্ষম। এই বছৰৰ প্ৰথমছোৱাত কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যকে পৰ্যাপ্ত পৰিমাণে পিঁয়াজৰ যোগান ছেপ্টেম্বৰৰ শেষৰ ভিতৰত দিয়া হ’ব বুলি আশ্বাস দিছিল। কিন্তু প্ৰতিশ্ৰুতি অনুসৰি পৰ্যাপ্ত যোগানেৰে অধিকাংশৰে চাহিদা পূৰণ কৰা হোৱা নাই।দুমাহৰ ভিতৰতে পিঁয়াজৰ দাম এনে এক পৰ্যায়ত উপনীত হৈছে যে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে বুলি বিশ্বাস কৰিবলৈ অসম্ভৱপৰ হৈ পৰিছে । বিপদৰ সংকেত দেখি চৰকাৰে ৰপ্তানিৰ ৰাজ সাহায্য প্ৰত্যাহাৰ কৰিছে। খুচুৰা ব্যৱসায়ীসকলে এশ কুইণ্টল আৰু পাইকাৰী ব্যৱসায়ীসকলে পাঁচশ কুইণ্টল পিঁয়াজ মজুত ৰাখিব পাৰে।

teary-onions
পিঁয়াজৰ পৰ্যাপ্ত যোগান নোহোৱাৰ বাবে দাম বৃদ্ধিৰ সম্ভাৱনা

ইজিপ্তৰ পৰা জৰুৰীকালীন আমদানিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিভিন্ন ৰাজ্যিক চৰকাৰে নিজাববীয়া ৰাজসাহায্যৰে পিঁয়াজ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে তেনে ৰাজ সাহায্য গ্ৰাহকৰ বাবে বিশেষ ফলপ্ৰসূ নহ’ব। গ্ৰাহকসকলে ভাৱি আছে কেতিয়া দাম কমিব। একেদৰে খেতিয়কসকল উৎপাদন ব্যয়ক লৈ চিন্তিত। যাৰ ফলত গুজৰাট,হিমাচল প্ৰদেশ হাৰিয়ানা,পঞ্জাৱত চাহিদা স্বত্বেও বাদাম,বিলাহী,আলুৰ দাম অমীমাংসিত হৈ আছে। প্ৰায় প্ৰতি বছৰে কোনো এক শস্যৰ কৃষক আৰু গ্ৰাহকে দুৰ্দশাৰ সন্মুখীন হৈ আহিছে। যেতিয়া সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰে তেতিয়াও প্ৰায়বোৰ চৰকাৰে সমাধানৰ বাট উলিয়াবৰ বাবে আগ্ৰহী নহয়।

Teary Onions
প্ৰতিকিলো পিঁয়াজৰ দাম 100ৰ পৰা 150 টকা পৰ্যন্ত হৈছেগৈ

আমাৰ দেশত প্ৰায় ১৪ বিলিয়ন হেক্টৰ কৃষিভূমি আছে। চীনে ইয়াৰ ভূখণ্ডৰ ৯৫ শতাংশ অঞ্চলৰে খাদ্যৰ প্ৰয়োজনীয়তা নিজেই পূৰণ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ভাৰতে কিয় শস্য,খোৱা তেলৰ লগতে পিঁয়াজ আমদানি কৰিবলগীয়া হয় ? সংযুক্ত শস্যৰে ভাৰতে এই দশকজোৰা দুৰৱস্থাৰ পৰা পৰিত্ৰাণ পাব পাৰে। যিহেতু শস্য উৎপাদনৰ বাবে দেশজুৰি ৰেহাইৰ ব্যৱস্থা আছে পঞ্চায়তসমূহে উপযুক্ত তথ্যসমূহ সংগ্ৰহ কৰিব লাগে। চৰকাৰী বিভাগ,কৃষি গৱেষণা প্ৰতিষ্ঠানসমূহে সৰ্বাধিক ফচল লাভৰ উদ্দেশ্যে খেতিয়কসকলক কোনবোৰ প্ৰজাতিৰ খেতি কৰিব লাগে আৰু কেনেদৰে স্থানীয় পৰিৱেশৰ প্ৰভাৱসমূহে যাতে শস্যৰ ক্ষতি নকৰে তাৰ বাবে পৰামৰ্শ প্ৰদান কৰিব লাগে। চৰকাৰেও গড়ে দাম নিৰ্ধাৰণ কৰিব লাগে যাতে কৃষকসকল কোনো পৰ্যায়তে সমস্যাৰ সন্মুখীন হ’বলগীয় নহয়।যেতিয়া কোনো এক শস্যৰ বাবে পৰিস্থিতি অনুকূল নহয় যেন দেখা যায় তেতিয়াই বিদেশৰ পৰা আমদানিৰ বাবে আগতীয়া চুক্তি কৰিব লাগে। যিবোৰ শস্যৰ ফচল যথেষ্ট হয় তাৰ বাবে ৰপ্তানিৰ সম্ভাৱনাবোৰ ভালদৰে বিশ্লেষণ কৰিব লাগে । প্ৰকৃততে তেনেধৰণৰ দীৰ্ঘম্যাদী পৰিকল্পনা আৰু কাৰ্যকৰী ব্যৱস্থা কেন্দ্ৰৰ কৃষি মন্ত্ৰণালয় আৰু ৰাজ্যসমূহৰ কাৰ্যসূচীৰ প্ৰাথমিক অংশ । জিলা পৰ্যায়ৰ কৃষিৰ পৰিকল্পনা,পৰিবহণ আৰু মজুত কৰাৰ বাবে চৰকাৰৰ অৱহেলাৰ বাবে চাহিদা আৰু যোগানৰ মাজত ব্যৱধান বৃদ্ধি হৈ বাহিৰৰ পৰা সহায় বিচাৰিবলগীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে।

Teary Onions
সৰ্বসাধাৰণ ৰাইজৰক বাবে পিঁযাজ এতিয়া বিলাসী সামগ্ৰী

দেশৰ কৃষিখণ্ডৰ উন্নয়নৰ লক্ষ্যৰে প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰিবলৈ কৃষি বিজ্ঞান কেন্দ্ৰ,কৃষি বিশ্ববিদ্যালয় আৰু চৰকাৰী সংস্থাসমূহ আগবাঢ়ি আহিব লাগিব। তেনে এক পৰিস্থিতিহে মাত্ৰ পিঁয়াজৰ গ্ৰাহকৰ চকুপানী মচ খওৱাৰ আশা কৰিব পাৰো।

লগতে চাওকঃযোগান মন্ত্ৰীৰ গৃহ সমষ্টিত শতকৰ ঘৰ অতিক্ৰম পিয়াজৰ

Intro:Body:

Teary Onions

পিঁয়াজু কন্দুৱাইছে

  দীপাৱলী উদযাপনৰ প্ৰায় এমাহ পাৰ হোৱাৰ পাছতো বৰ্তমান ভাৰতৰ সকলো পাকঘৰত ‘পিঁয়াজ বোমা’ৰ বিস্ফোৰণ ঘটি আছে । কেনেদৰে পিঁয়াজৰ দাম পাইকাৰী বজাৰতো প্ৰতি কিলোগ্ৰামত এশ টকা হৈ আকাশ চুলেগৈ সেয়া সমগ্ৰ দেশৰ বাবে আচৰিত হ’বলগীয়া বিষয় । মহাৰাষ্ট্ৰৰ ছোলাপুৰ ছাংগানেৰ আদি ঠাইৰ বজাৰত পিঁয়াত ১১০ টকাত বিক্ৰী হৈ আছে । দক্ষিণ ভাৰতৰ কোইম্বাতৰৰ দৰে চহৰত ডাঙৰ পিঁয়াজ প্ৰতি কিলোত ১০০ টকাৰ বিপৰীতে সৰু আকৃতিৰ পিঁয়াজ প্ৰতি কিলোত ১৩০ টকা দৰত বিক্ৰী হৈছে । যদিও ৰাষ্ট্ৰীয় উদ্যান শস্য ব’ৰ্ডে দেশৰ মূল মূল চহৰসমূহৰ খুচুৰা বজাৰত পিঁয়াজৰ দাম ৮০ টকালৈ বৃদ্ধি পোৱা বুলি ঘোষণা কৰিছিল, পূৰ্বৰ সকলো দামক চেৰ পেলাই পিঁয়াজে আকাশ স্পৰ্শ কৰিছে । হায়দৰাবাদ, নাগপুৰ, ভূপাল আদি চহৰত পিঁয়াজৰ দামবৃদ্ধিয়ে অসংখ্য গ্ৰাহকৰ জেপ অগ্নিদগ্ধ কৰিছে । মহাৰাষ্ট্ৰ, কৰ্ণাটক মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু বিহাৰ আদি ৰাজ্যত প্ৰবল আৰু আবতৰীয়া বৃষ্টিপাতে খেতিৰ ফচলৰ ওপৰত প্ৰভাৱ পেলাইছে ।আন্তঃৰাষ্ট্ৰীয় বজাৰত পিঁয়াজ উৎপাদনকাৰী হিচাপে ভাৰত দ্বিতীয় স্থানত আছে । চীন আছে প্ৰথম স্থানত । কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানে ঘোষণা কৰিছে যে অকাল বৃষ্টিপাতে খেতিত ক্ষতি কৰাৰ ফলত ঘৰুৱা যোগান উন্নত কৰাৰ উদ্দেশ্যে তিনি সপ্তাহৰ ভিতৰত পিঁয়াজ আন দেশৰ পৰা আমদানি কৰা হ’ব । বাণিজ্যিক সংস্থা এম এম টি চিক পিঁয়াজৰ আমদানি আৰু যোগানৰ দায়িত্ব দিয়া হৈছে । নেশ্বনেল ফেডাৰেশ্বন অৱ্ এগ্ৰিকালচাৰেল কো অপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্বন অৱ্ ইণ্ডিয়াই ২০১৯ চনৰ ১৫ ডিচেম্বৰৰ ভিতৰত সকলো ৰাজ্যকে বিতৰণ কৰি দিব । ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰক ৰাজ সাহায্যযুক্ত পিঁয়াজৰ দাম হ্ৰাস কৰিবলৈ দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকসকলে ইয়াৰ ফলত সুবিধা লাভ কৰিব নে নাই সেয়া স্পষ্ট নহয় । 

 বজাৰত পিঁয়াজৰ হঠাতে দাম বৃদ্ধি হোৱাৰ ফলত গ্ৰাহকে সঘনাই কান্দিবলগীয়া হোৱা দেখা পোৱা যায় । দুবছৰ পূৰ্বে যেতিয়া পিঁয়াজৰ দাম ৬০ টকা হৈছিল তেতিয়া কেন্দ্ৰই ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে তাৎক্ষণিক প্ৰশমনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ অক্ষম । এই বছৰৰ প্ৰথমছোৱাত কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যকে পৰ্যাপ্ত পৰিমাণে পিঁয়াজৰ যোগান ছেপ্টেম্বৰৰ শেষৰ ভিতৰত দিয়া হ’ব বুলি আশ্বাস দিছিল ।কিন্তু প্ৰতিশ্ৰুতি অনুসৰি পৰ্যাপ্ত যোগানেৰে অধিকাংশৰে চাহিদা পূৰণ কৰা হোৱা নাই ।দুমাহৰ ভিতৰতে পিঁয়াজৰ দাম এনে এক পৰ্যায়ত উপনীত হৈছে যে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে বুলি বিশ্বাস কৰিবলৈ অসম্ভৱপৰ হৈ পৰিছে । বিপদৰ সংকেত দেখি চৰকাৰে ৰপ্তানিৰ ৰাজ সাহায্য প্ৰত্যাহাৰ কৰিছে । খুচুৰা ব্যৱসায়ীসকলে এশ কুইণ্টল আৰু পাইকাৰী ব্যৱসায়ীসকলে পাঁচশ কুইণ্টল পিঁয়াজ মজুত ৰাখিব পাৰে । ইজিপ্তৰ পৰা জৰুৰীকালীন আমদানিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বিভিন্ন ৰাজ্যিক চৰকাৰে নিজাববীয়া ৰাজসাহায্যৰে পিঁয়াজ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে । অৱশ্যে তেনে ৰাজ সাহায্য গ্ৰাহকৰ বাবে বিশেষ ফলপ্ৰসূ নহ’ব । গ্ৰাহকসকলে ভাবি আছে কেতিয়া দাম কমিব । একেদৰে খেতিয়কসকল উৎপাদন ব্যয়ক লৈ চিন্তিত । যাৰ ফলত গুজৰাট, হিমাচল প্ৰদেশ হাৰিয়ানা, পঞ্জাৱত চাহিদা স্বত্বেও বাদাম, বিলাহী, আলুৰ দাম অমীমাংসিত হৈ আছে । প্ৰায় প্ৰতি বছৰে কোনো এক শস্যৰ কৃষক আৰু গ্ৰাহকে দুৰ্দশাৰ সন্মুখীন হৈ আহিছে । যেতিয়া সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰে তেতিয়াও প্ৰায়বোৰ চৰকাৰে সমাধানৰ বাট উলিয়াবৰ বাবে আগ্ৰহী নহয় । আমাৰ দেশত প্ৰায়  ১৪ বিলিয়ন হেক্টৰ কৃষিভূমি আছে । চীনে ইয়াৰ ভূখণ্ডৰ ৯৫ শতাংশ অঞ্চলৰে খাদ্যৰ প্ৰয়োজনীয়তা নিজেই পূৰণ কৰিব সক্ষম হোৱাৰ বিপৰীতে ভাৰতে কিয় শস্য, খোৱা তেলৰ লগতে পিঁয়াজ আমদানি কৰিবলগীয়া হয়? সংযুক্ত শস্যৰে ভাৰতে এই দশকজোৰা দুৰৱস্থাৰ পৰা পৰিত্ৰাণ পাব পাৰে । যিহেতু শস্য উৎপাদনৰ বাবে দেশজুৰি ৰেহাইৰ ব্যৱস্থা আছে পঞ্চায়তসমূহে উপযুক্ত তথ্যসমূহ সংগ্ৰহ কৰিব লাগে । চৰকাৰী বিভাগ, কৃষি গৱেষণা প্ৰতিষ্ঠানসমূহে সৰ্বাধিক ফচল লাভৰ উদ্দেশ্যে খেতিয়কসকলক কোনবোৰ প্ৰজাতিৰ খেতি কৰিব লাগে আৰু কেনেদৰে স্থানীয় পৰিৱেশৰ প্ৰভাৱসমূহে যাতে শস্যৰ ক্ষতি নকৰে তাৰ বাবে পৰামৰ্শ প্ৰদান কৰিব লাগে । চৰকাৰেও গড়ে দাম নিৰ্ধাৰণ কৰিব লাগে যাতে কৃষকসকল কোনো পৰ্যায়তে সমস্যাৰ সন্মুখীন হ’বলগীয় নহয় ।যেতিয়া কোনো এক শস্যৰ বাবে পৰিস্থিতি অনুকূল নহয় যেন দেখা যায় তেতিয়াই বিদেশৰ পৰা আমদানিৰ বাবে আগতীয়া চুক্তি কৰিব লাগে । যিবোৰ শস্যৰ ফচল যথেষ্ট হয় তাৰ বাবে ৰপ্তানিৰ সম্ভাৱনাবোৰ ভালদৰে বিশ্লেষণ কৰিব লাগে । প্ৰকৃততে তেনেধৰণৰ দীৰ্ঘম্যাদী পৰিকল্পনা আৰু কাৰ্যকৰী ব্যৱস্থা কেন্দ্ৰৰ কৃষি মন্ত্ৰণালয় আৰু ৰাজ্যসমূহৰ কাৰ্যসূচীৰ প্ৰাথমিক অংশ । জিলা পৰ্যায়ৰ কৃষিৰ পৰিকল্পনা, পৰিবহণ আৰু মজুত কৰাৰ বাবে চৰকাৰৰ অৱহেলাৰ বাবে চাহিদা আৰু যোগানৰ মাজত ব্যৱধান বৃদ্ধি হৈ বাহিৰৰ পৰা সহায় বিচাৰিবলগীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

 দেশৰ কৃষিখণ্ডৰ উন্নয়নৰ লক্ষ্যৰে প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰিবলৈ কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি বিশ্ববিদ্যালয় আৰু চৰকাৰী সংস্থাসমূহ আগবাঢ়ি আহিব লাগিব । তেনে এক পৰিস্থিতিহে মাত্ৰ পিঁয়াজৰ গ্ৰাহকৰ চকুপানী মচ খওৱাৰ আশা কৰিব পাৰোঁ ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.