ETV Bharat / bharat

টাটাৰ অধীনলৈ যাব পাৰে বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়া - যাৱতীয়

চৰকাৰী খণ্ডৰ বিমান সংস্থা এয়াৰ ইণ্ডিয়াক নিজৰ অধীনলৈ অনাৰ দৌৰত আছে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান টাটা ইণ্ডিয়াৰ ৷ বৰ্তমানলৈ সম্পূৰ্ণ নিশ্চিত হোৱা নাই তথাপিও ক্ৰয় কৰাৰ দৌৰত আছে প্ৰতিষ্ঠানটোৱে ৷

Tata group may take Air India's control by Jan 1 if it is sole eligible bidder
বিমান সংস্থা এয়াৰ ইণ্ডিয়া টাটা প্ৰতিষ্ঠানৰ অধীনলৈ যোৱাৰ সম্ভাৱনা
author img

By

Published : Aug 16, 2020, 10:14 PM IST

নিউজ ডেস্ক, 16 আগষ্ট : দেশৰ চৰকাৰী খণ্ডৰ বিমান সংস্থা এয়াৰ ইণ্ডিয়াক নিজৰ অধীনলৈ অনাৰ দৌৰত আছে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান টাটা ইণ্ডিয়া ৷ যদিহে ভবা মতে সকলো ঠিকে-ঠাকে থাকে তেতিয়াহলে 2021 চনৰ আৰম্ভণিতে এয়াৰ ইণ্ডিয়া বিমান সংস্থা টাটা প্ৰতিষ্ঠানৰ অধীনলৈ অহাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে, প্ৰতিষ্ঠানটোৱে বিমান সংস্থা এয়াৰ ইণ্ডিয়াক নিজৰ অধীনলৈ অনাৰ বাবে যাৱতীয় সকলো কাম আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷ যদিও বৰ্তমানলৈ সম্পূৰ্ণ নিশ্চিত হোৱা নাই তথাপিও ক্ৰয় কৰাৰ দৌৰত আছে প্ৰতিষ্ঠানটোৱে ৷

আনহাতে, ইয়াৰ পূৰ্বেও টাটা প্ৰতিষ্ঠানে আগশাৰীৰ বিমান সংস্থা ভিস্তাৰা, এয়াৰ এছিয়াৰ কিছু অংশ ক্ৰয় কৰিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী সময়ত এয়াৰ ইণ্ডিয়াক নিজৰ অধীনলৈ অনাৰ যো-যা চলাইছে প্ৰতিষ্ঠানটোৱে ৷

উল্লেখ্য যে, ক'ভিড-19 ৰ পূৰ্বৰ পৰাই এয়াৰ ইণ্ডিয়া বিমান সংস্থাই বিত্তীয় সংকটত ভুগি আছিল ৷ পৰৱৰ্তী সময়ত ক'ভিড-19 ৰ পিচত সংস্থাটোৱে আৰু অধিক আৰ্থিক সংকটত ভোগা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : কলগাছিয়াৰ খাৰবাল্লীত সেচ্ছাসেৱী সংগঠনৰ বান সাহাৰ্য বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.