নেশ্যনেল ডেস্ক, 2 আগষ্ট: তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিতক দেওবাৰে চেন্নাইৰ আলৱাৰপেটৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ সূত্ৰই জনোৱা মতে, তেওঁৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গৱৰ্ণৰ গৰাকীক ৷
ইয়াৰ পূৰ্বে, ৰাজ ভৱনৰ 80 জনতকৈও অধিক কৰ্মচাৰীৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি পোৱা গৈছিল ৷ তাৰ পাচতে ৰাজ্যপাল পুৰোহিতেও বিগত এসপ্তাহ ধৰি আইশ্ব’লেচনত আছিল ৷
উল্লেখ্য যে, বানোৱাৰী লাল পুৰোহিতে তামিলনাডুৰ ৰাজ্যপালৰ পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে 2016 চনৰ 22 আগষ্টৰ পৰা 2017 চনৰ 29 ছেপ্তেম্বৰ মাহলৈ অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷