নিউজ ডেস্ক, 24 ডিচেন্বৰ: নিজৰ মাহীয়েকে দেহ ব্যৱসায়ত জড়িত হ'বলৈ বাধ্য কৰোৱা এগৰাকী 16 বছৰীয়া কিশোৰীক বুধবাৰে উদ্ধাৰ কৰে তামিলনাডু আৰক্ষীয়ে ৷ ইয়াৰ লগতে আৰক্ষীয়ে আটক কৰে দেহ ব্যৱসায়ৰ লগত জড়িত 5 গৰাকী মহিলাসহ 6 জন লোকক ৷
তামিলনাডু গোৰিপালয়ম অঞ্চলৰ কিশোৰী গৰাকীয়ে 11 বছৰ বয়সতে নিজৰ পিতৃ মাতৃক হেৰুৱাইছিল ৷ ইয়াৰ পিচতে মাহীয়েক সম্বন্ধীয় এগৰাকী আত্মীয় মহিলাই কিশোৰী গৰাকীক পতিপালনৰ দায়িত্ব গ্ৰহণ কৰে ৷
আৰক্ষীৰ সূত্ৰই সদৰি কৰা অনুসৰি এটা সময়ত উপাৰ্জনৰ আহিলা হিচাপে মাহীয়েকে কিশোৰী গৰাকীক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত কিশোৰী গৰাকীক এটা দেহ ব্যৱসায়ী দলৰ হাতত তুলি দিয়ে মাহীয়েকে ৷
ইয়াৰ লগতে তামিনাডু আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এক গোপন সুত্ৰ পম খেদি আটত কৰিবলৈ সক্ষম হয় উক্ত যৌন ব্যৱসায়ী দলটো ৷ দলটোৱে কিশোৰী গৰাকীৰ জৰিয়তে যথেষ্ট ধন উপাৰ্জন কৰিছিল আৰু যোৱা পাঁচ বছৰত স্থানীয় বিভিন্ন স্থানত কমেও ৬০০ লোকে কিশোৰী গৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল বুলি তথ্য প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই ৷
উল্লেখ্য যে,আৰক্ষীয়ে আই.টি.পি. আইনৰ অধিনত 3 R/W, R/W 17 POCSO আইন, 370(4,370A(I) আইপিচি আৰ/ডব্লিউ 4(2)(C) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে ৷ যৌন ব্যৱসায়ী কেইজনৰ নাম হৈছে মাথুমণি,ঈশ চন্দ্ৰ,অনাৰমমাল,থাংগাম,সুমাথি আৰু সাৰভানা প্ৰভুৰ ৷