ETV Bharat / bharat

কাশ্মীৰ বিবাদৰ প্ৰতি আগ্ৰহী নহয় তালিবান-অমৰ সিনহা - কাশ্মীৰ বিবাদৰ প্ৰতি আগ্ৰহী নহয় তালিবান

কাশ্মীৰ বিবাদৰ প্ৰতি আগ্ৰহী নহয় তালিবান ৷ এই মন্তব্য কাবুলস্থিত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত তথা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শ ব’ৰ্ডৰ সদস্য অমৰ সিনহাৰ ৷ স্মিতা শৰ্মাৰ সৈতে অমৰ সিনহাৰ সাক্ষাৎকাৰ ৷

অমৰ সিনহাৰে স্মিতা শৰ্মাৰ সাক্ষাৎকাৰ
কাশ্মীৰ
author img

By

Published : May 21, 2020, 5:58 PM IST

Updated : May 22, 2020, 2:09 PM IST

আফগানিস্তানত ভাৰতৰ ভূমিকা নেতিবাচক বুলি তালিবানৰ মধ্যস্থতাকাৰী শ্বেৰ মহম্মদ আব্বাছ ষ্টেনিকজায়ে সমালোচনা কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ লগতে কাশ্মীৰৰ বিষয়টো সমাধান নোহোৱালৈকে নতুন দিল্লীৰ সৈতে আলোচনা সম্ভৱ নহয় বুলি তালিবানৰ স্থিতিকলৈ প্ৰচাৰিত কেতবোৰ টুইটৰ মাজতে এগৰাকী জ্যেষ্ঠ ভাৰতীয় বিষয়াই আত্মবিশ্বাসেৰে প্ৰকাশ কৰে যে, তালিবানৰ স্থিতিৰ কোনো সলনি হোৱা নাই আৰু কাশ্মীৰ বিবাদৰ প্ৰতি তালিবান আগ্ৰহী নহয় । জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কাবুলস্থিত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত তথা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শ ব’ৰ্ডৰ সদস্য অমৰ সিনহাই এনেদৰে কৈছে—

কাশ্মীৰ
অমৰ সিনহাৰে স্মিতা শৰ্মাৰ সাক্ষাৎকাৰ

“মই নাভাবো যে, কাশ্মীৰ বা ইয়াকলৈ চলা বিবাদৰ প্ৰতি তালিবান আগ্ৰহী বুলি তেওঁলোকে কেতিয়াবা কৈছে । পাকিস্তানৰ এটা চামে এই দুটা বিষয়ৰ মাজত যোগসূত্ৰ স্থাপন কৰাৰ বাবে চেষ্ট চলাই আহিছে । তেওঁলোকে কিয় সংযোগ স্থাপনৰ চেষ্টা কৰে তাৰ কাৰণ তেনেই সাধাৰণ । কিয়নো এই সন্দৰ্ভত আমেৰিকাৰ হস্তক্ষেপ এইটো চামে আশা কৰে । কাৰণ আফগানিস্তানৰ সমীকৰণটো আমেৰিকাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ । পাকিস্তানৰ বাবে সমীকৰণৰ দুয়োটা অংশই গুৰুত্বপূৰ্ণ আৰু তেওঁলোকে সমান অংশীদাৰিত্ব বা সংযোগ বিচৰাটো স্বাভাৱিক ।”

যুদ্ধবিধ্বস্ত আফগানিস্তানত শান্তি আৰু পুনৰ্গঠনৰ বাবে ভাৰতবৰ্ষই আগভাগ লৈছে । ডোহাস্থিত তালিবানৰ ৰাজনৈতিক কাৰ্যালয়ৰ মুখপাত্ৰই বিতৰ্কিত টুইটোটো অস্বীকাৰ কৰি কৈছে যে তেওঁলোকে আম চুবুৰীয়া দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰে ।

অমৰ সিনহাৰে স্মিতা শৰ্মাৰ সাক্ষাৎকাৰ

“তালিবানে এয়া কেৱল দুদিন পূ্ৰ্বে কোৱা নাই, ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সময়তো একেই কথা কৈছে । পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে কৈছে যে, ইয়াৰ ফলত ডোহাৰ শান্তি আলোচনা ব্যাহত হ’ব । তেতিয়াও তালিবানৰ মুখপাত্ৰই কৈছে যে এই বিষয় দুটা কোনোপধ্যে শান্তি আলোচনাৰ লগত জড়িত নহয় । ৩৭০ নং অনুচ্ছেদৰ বিষয়টো ভাৰতৰ আভ্যন্তৰীণ, তাক আমি সন্মান জনাওঁ আৰু তালিবানৰ লগত কোনো সম্পৰ্ক দেখা নাপাওঁ । তালিবানে কেনেদৰে কাশ্মীৰ কাঢ়ি ল’ম বুলি দাবী কৰিছিল তাকে লৈ বিগত সপ্তাহত ছ’চিয়েল মিডিয়াত উথপ থপ লাগিছিল । মই ভাবো এয়া গ্ৰহণযোগ্য হ’ব নোৱাৰে আৰু তালিবানৰ দুয়োগৰাকী মুখাপাত্ৰ ষ্টেনিকজাই আৰু ছুহেইল ছাহিনে এই বিষয়ে স্পষ্টীকৰণ দিছে । গতিকে এই বিষয়ে বিতৰ্ক নিষ্প্ৰয়োজন

।” অমৰ সিনহাই এনেদৰে কয় ।

২০১৮ চনত মস্কোত তালিবানৰ প্ৰতিনিধিৰ সৈতে নতুন দিল্লীক প্ৰতিনিধিত্ব কৰি আলোচনাত মিলিত হোৱা দুগৰাকী কূটনীতিবিদৰ ভিতৰত সিংহাও আছিল । আফগান নেতৃত্বাধীন, আফগানৰ অধীন আৰু আফগান নিয়ন্ত্ৰিত এক শান্তি আলোচনাৰ পোষকতা কৰি বিগত ১৮ বছৰে ভাৰতবৰ্ষই তালিবানক প্ৰত্যক্ষভাৱে জড়িত কৰোৱাৰ বিৰোধিতা কৰি আহিছে । তালিবানৰ সৈতে আলোচনা কৰাৰ লগতে আফগানিস্তানৰ শান্তি প্ৰক্ৰিয়াত ভাৰতৰ অংশগ্ৰহণৰ প্ৰস্তাৱেৰে অলপতে দিল্লী ভ্ৰমণ কৰি যোৱা আমেৰিকাৰ বিশেষ প্ৰতিনিধি জালমে খালিজাদৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত সিংহাই কয় যে ভাৰতবৰ্ষই তালিবানকে ধৰি সকলো পক্ষকে সাঙুৰি ল’ব বিচাৰিছে । কিন্তু প্ৰথমতে তেওঁলোকে নিজৰ উদ্দেশ্যৰ প্ৰমাণ দিব লাগিব ।

“ভাৰতবৰ্ষই আফগানিস্তানৰ সকলো পক্ষকে জড়িত কৰাব । সেয়া স্পষ্ট । আমি সকলো ৰাজনৈতিক শক্তিকে জড়িত কৰিবলৈ আগ্ৰহী । কিন্তু প্ৰথমতে তালিবানক প্ৰমাণ কৰিবলৈ দিয়ক যে সংগঠনটোৱে হিংসা ত্যাগ কৰি আৰু আফগানসকলৰ হত্যা বন্ধ কৰি এক ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত হৈছে ।”—তেওঁ এনেদৰে মত ব্যক্ত কৰে ।

লগতে কয়—“মই নাভাবো যে নিজৰ অঞ্চলতে ভাৰতবৰ্ষই কোনো গোটত যোগদান কৰিব লাগে । ভাৰতৰ নিজৰ নীতি আছে আৰু আমাৰ অঞ্চলত তাক প্ৰয়োগ কৰিবলৈ সেয়াই যথেষ্ট । যদি আনে সৃষ্টি কৰা কোনো এক গোটত আমাৰ অঞ্চলতে আমি যোগদান কৰিব লাগে তেনেহ’লে এক ক্ৰমবৰ্দ্ধমান আঞ্চলিক শক্তি হিচাপে আমাৰ ভাৱমূৰ্তি বিনষ্ট হ’ব ।”

কিন্তু নতুন দিল্লীয়ে যে কাবুলৰ ঘটনা-পৰিঘটনা কেৱল দূৰৰ পৰাই লক্ষ্য কৰি আছে সেয়া নহয় বুলি তেওঁ দাবী কৰে । আমি একো কৰা নাই বুলি কোৱাটো সঠিক নহ’ব বুলি কৈ প্ৰাক্তন ৰাষ্ট্ৰদূতগৰাকীয়ে মত প্ৰকাশ কৰে যে আলোচনাৰ লগত জড়িত বহু বিষয় ৰাজহুৱা কৰা নহয় । কিন্তু পৰ্দাৰ আঁৰত আমাৰ দূতাবাস, ৰাষ্ট্ৰদূত আৰু আন বিষয়াবৰ্গ সক্ৰিয় হৈ আছে বুলি তেওঁ জনায় । তেওঁলোকে অন্তত আফগান চৰকাৰৰ সৈতে আলোচনা চলাই আছে বুলি

সিংহাই দাবী কৰে ।

তেওঁ কয়—“মই ইয়াৰ অংশীদাৰ নহয় যদিও মই নিশ্চিত যে ভাৰত চৰকাৰে এই সন্দৰ্ভত নিৰ্লিপ্ত নহয় । বহু ঘটনা ঘটি আছে ।

কিছুমান কামকাজ বিশেষকৈ পুৰণি বন্ধুৰ লগত অতি নীৰৱে হয় । আমাৰ সমস্যাটো এয়ে যে তাত আমাৰ বহুত বন্ধু আছে । গতিকে আমি পক্ষ ল'ব নোৱাৰোঁ । এটা পক্ষক এৰি আনটোক এৰিব নোৱাৰো । গতিকে আমি আমিৰ বিষয়বোৰ নীৰৱে তেওঁলোকক অৱগত কৰিব লাগিব, অনুৰোধ কৰিব লাগিব আৰু উত্তম উপায়েৰে আগবাঢ়িব লাগিব ।”

ক’ভিড-১৯ সংকটৰ সময়তে জালালাবাদ আৰু হেৰাটত কনছ্যুলেটৰ কাৰ্যালয় বন্ধ কৰা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত অমৰ সিংহাই কয় যে, সম্ভৱতঃ মহামাৰীৰ বাবে লোৱা এয়া সাময়িক সিদ্ধান্ত ।

তেওঁৰ মন্তব্য এনেধৰণৰ—“হেৰাট আৰু জলালাবাদৰ অৱস্থিতিৰ বাবে তেওঁলোক ভয়ত আছে । ইৰানৰ পৰা সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত হেৰাটেই আছিল প্ৰথমে বেয়াকৈ সংক্ৰমিত হোৱা অঞ্চলবোৰৰ ভিতৰত অন্যতম । গতিকে বন্ধ কৰাৰ কাৰণ মই যিমান দূৰ জানো ক’ভিড-১৯ ৰ বাবে আৰু এয়া হয়তো সাময়িক সিদ্ধান্ত । আমি চাম আৰু অপেক্ষা কৰিম । জালালাবাদ আৰু হেৰাটত থকা লোকসকলৰ বাবে ক’ভিড-১৯ পৰিস্থিতি আৰু লকডাউনৰ ফলত সহায় লাভ কৰাটো হয়তো কঠিন হৈ পৰিছিল । কিন্তু এই সিদ্ধান্ত স্বাস্থ্যজনিত কাৰণতে হয়তো লোৱা হৈছিল ।”

আমেৰিকা-তালিবানৰ শান্তি চুক্তি, আফগানিস্তানৰ আভ্যন্তৰীণ আলোচনা প্ৰক্ৰিয়া, তালিবানৰ পুনৰ ক্ষমতা লাভে ১৯৯৬ চন সদৃশ পৰিস্থিতিৰ পুনৰাবৃচ্চি ঘটাব নেকি, আই চি-৮১৪ অপহৰণৰ ঘটনাক কেন্দ্ৰ কৰি ভাৰতৰ বিশ্বাসহীনতা আদি সন্দৰ্ভত স্মিতা শৰ্মাই অমৰ সিংহাৰে কৰা বাৰ্তালাপ আগবঢ়োৱা হ’ল ।

প্ৰশ্ন—ফেব্ৰুৱাৰীত ধুমধামেৰে স্বাক্ষৰ হোৱা আমেৰিকা-তালিবান শান্তি চুক্তি কিমান ঠুনুকা? এই চুক্তিয়ে ইতিমধ্যে অৱসানৰ পিনে গতি কৰিছে নেকি?

অমৰ সিংহা—এয়া প্ৰকৃততে এক শান্তি চুক্তি নাছিল । এয়া আমেৰিকাৰ চৰকাৰ আৰু তালিবানৰ মাজত হোৱা এক চুক্তি যিখনে উল্লেখ কৰে যে, এয়া আফগানিস্তানত শান্তি ঘূৰাই আনিবলৈ স্বাক্ষৰিত হোৱা এক চুক্তি । আভ্যন্তৰীণ আফগান আলোচনাৰ মূল ফলাফল হৈছে শান্তি । ২৯ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা সেই চুক্তিখনে আমেৰিকান সেনাবাহিনী প্ৰত্যাহাৰৰ কথা উল্লেখ কৰে । এই চুক্তিয়ে কিছু সময়সীমা আৰু মুক্তি কৰিবলগীয়া কাৰাবন্দীৰ সংখ্যা উল্লেখ কৰে । কাৰাবন্দীসকলক ক'ত মুকলি কৰি দিয়া হ’ব, কেতিয়া মুকলি কৰি দিয়া হ’ব, তালিবানৰ ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা আমেৰিকাই প্ৰত্যাহাৰ কৰা আদি বিষয়ক এই চুক্তিয়ে সাঙুৰি লয় । আফগানিস্তানত চৰকাৰ গঠন আৰু নিৰ্বাচনৰ ফলাফলৰ সময়তে এই প্ৰক্ৰিয়া সম্পন্ন হয় । ৰাষ্ট্ৰপতি গণি আৰু আব্দুল্লা আব্দুল্লাই শাসনভাৰ ৯ মাৰ্চত লোৱাৰ বিপৰীতে ১০ মাৰ্চৰ পৰা আভ্যন্তৰীণ আফগান আলোচনা আৰম্ভ হয় । দুগৰাকী ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ অনুষ্ঠান পৃথতে পৃথকে অনুষ্ঠিত হয় । সৌভাগ্যক্ৰমে এই সমস্যা বৰ্তমান সমাধান হৈছে । তালিবান আৰু আফগানিস্তান বিষয়ক আলোচনাৰ বাবে আফগান ৰাজনৈতিক নেতৃত্ব এখন উমৈহতীয়া মঞ্চত উপনীত হোৱাটো গুৰুত্বপূৰ্ণ কথা ।

প্ৰশ্ন—বিগত দশকত আৰু আমেৰিকা-তালিবানৰ চুক্তিৰ পৰিপ্ৰেক্ষিতত আফগানিস্তানে কিমান গণতান্ত্ৰিক মূল্য আহৰণ কৰিছে?

অমৰ সিনহা—যেনেদৰে চুক্তিখনত লিপিবদ্ধ আছে তেনেদৰে যদি হয় তেন্তে আমাৰ ক’বলগীয়া একো নাই । এই চুক্তিয়ে তালিবানক মূল সুঁতিৰ ৰাজনৈতক দল হিচাপে প্ৰত্যাৱৰ্তন কৰাত সহায় কৰাৰ লগতে আফগান চৰকাৰ আৰু সমাজৰ সৈতে মিলিত হোৱাত সহায় কৰে । তালিবানে যদি ইয়াক ভাল অৰ্থত ব্যৱহাৰ কৰে তেন্তে ইয়াৰ ফলত কিছু ভাল ফলাফল আশা কৰিব পাৰোঁ । সকলোৱে হিংসাৰ অন্ত পৰাটো বিচাৰে । তালিবানে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ লগতে কাবুললৈ অহাৰ পাছত সন্ত্ৰাবসবাদৰ পোষকতা কৰা ত্যাগ কৰা আদি এই চুক্তিত উল্লেখ আছে । বিগত ১৮ বছৰে তালিবান আছিল এনে সম্পৰ্কৰ হিতাধিকাৰী ।

প্ৰশ্ন—আমেৰিকাৰ ফালৰ পৰা কোৱাৰ দৰে যে তালিবানে বুজাবুজি হিচাপে ৮০ শতাংশ হিংসাত্মক ঘটনা হ্ৰাস কৰাৰ কথাটো তালিবানে অৱজ্ঞা কৰিছে । বিগত ২৪-৪৮ ঘণ্টাতে ৩৪ খন প্ৰদেশৰ ২০ খন প্ৰদেশতে সংঘাতৰ ঘটনা পোহৰলৈ আহিছে । ৰাষ্ট্ৰপতি গণিয়ে প্ৰতিৰক্ষাৰ পৰা আক্ৰমণলৈ স্থিতি সলনি কৰিবলৈ বাধ্য হৈছে । এই সন্দৰ্ভত আপুনি কি ভাবে?

অমৰ সিনহা—আমাৰ দৃষ্টিৰে দুৰ্ভাগ্যজনকভাৱে এই চুক্তিয়ে আফগান বা আফগান নিৰাপত্তা বিহানীৰ বিৰুদ্ধে আক্ৰমণ ৰোধ কৰাৰ নিৰ্দেশ নিদিয়ে । মাত্ৰ সাতদিনৰ বাবে হিংসাত্মক ঘটনা হ্ৰাস কৰাৰ বাবেহে কোৱা হৈছিল । চুক্তি আছিল এয়ে যে তালিবানে আমেৰিকা আৰু ইয়াৰ মিত্ৰপক্ষক আক্ৰমণ নকৰিব । আফগান চৰকাৰ বা প্ৰদেশৰ প্ৰতি কোনো দায়বদ্ধতা ইয়াত নাই । বিগত দিনত আমি হিংসাত্মক ঘটনা বৃদ্ধি পোৱাহে দেখা পাইছোঁ । বাতৰি অনুসৰি আন্তঃ আফগান আলোচনাৰ পূৰ্বে তালিবানে বহুসংখ্যক প্ৰাদেশিক ৰাজধানী দখল কৰিবলৈ বিচাৰিছে । কিয়নো তালিবানে এক বিশাল শক্তিৰে পৰিপূৰ্ণ হৈ আলোচনা কৰিব বিচাৰে ।তালিবানক এই চুক্তিয়ৈ বৈধতা প্ৰদান কৰিছে । এয়াও এক কৌশল বুলি গণ্য কৰিব পাৰি ।

প্ৰশ্ন—শিখ সংখ্যালঘু, মহিলা হাস্পতাল, চোৰাংচোৱাৰ ১৭ টা পোষ্ট আদিত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত আপোনাৰ মতামত । আমেৰিকাৰ বিশেষ প্ৰতিনিধিগৰাকীয়ে ইয়াৰ বাবে ইছলামিক ষ্টেট খোৰাছানক দোষাৰোপ কৰাৰ বিপৰীতে আফগান ৰাষ্ট্ৰপতি গণিয়ে তালিবান জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে । ভাৰতে এই বিষয়ে কি ভাবে?

অমৰ সিনহা—কথাটো এয়ে যে এই সকলো সন্ত্ৰাসবাদী সংগঠনৰ ইটোৰ লগত সিটোৰ সম্পৰ্ক আছে । সিহঁতৰ মাজত নিজৰ সম্পদ, সদস্য, কৌশল, আদৰ্শ সকলোতে সামঞ্জস্য আছে । ভাল সন্ত্ৰাসবাদী আৰু বেয়া সন্ত্ৰাবসাবদী বুলি ভাগ কৰা কথাটো উপযুক্ত নীতি হ’ব নোৱাৰে । এই আক্ৰমণবোৰৰ বিশেষ অৰ্থ আছে । এই আক্ৰমণবোৰ মূলতঃ জৰুৰীকালীন নহয় যদিও এনেবোৰ আক্ৰমণৰ জৰিয়তে আফগান চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব বিচৰা হৈছে । তালিবানে ইয়াৰ দ্বাৰা হেঁচা দিছে যে আলোচনাৰ পূৰ্বে নিৰ্ধাৰিত চৰ্তবোৰত উপনীত নহ’লে বহুসংখ্যক সাধাৰণ নাগৰিকৰ প্ৰাণহানি হ’ব । আনহাতে বিগত বৰ্ষত

উত্থান ঘটা আন সংগঠনবোৰে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰাত তালিবানৰ বাবে নিজে জড়িত থকাটো প্ৰমাণ কৰাটোও টান হৈ পৰিছে । এনেধৰণৰ খেলৰ মাজত আমি স্বাভাৱিকতে কোনে এইবোৰ ঘটনা সংঘটিত কৰিছে সেয়া নিৰ্ধাৰণ কৰিব নোৱাৰোঁ । কথাটো হ’ল যে আফদানিস্তানত অব্যাহত থকা হিংসাৰ নিৰ্দিষ্ট এক ইতিহাস আছে আৰু আফগানসকলে সেয়া জানে । মই নিশ্চিত যে খালিজাদো এই সন্দৰ্ভত জ্ঞাত । কিন্তু এতিয়া তালিবান সলনি হোৱা বুলি প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে । তালিবান এতিয়া ৰাজনৈতিক শক্তি বা তালিবান এক সন্ত্ৰাসবাদী সংগঠন নহয় বুলি এতিয়াও প্ৰমাণিত হোৱা নাই ।

প্ৰশ্ন—ভাৰতবৰ্ষই এক সীমাৰেখা নিৰূপণ কৰিছে । মস্কোত তালিবানৰ সৈতে হোৱা আলোচনাত ভাৰতক অনানুষ্ঠানিকভাৱে প্ৰতিনিধিত্ব কৰা দুজন লোকৰ ভিতৰত আপুনিও এজন হিচাপে উপস্থি আছিল । বিগত বৰ্ষৰ ৰাইচিনা ডাইলগৰ সময়ত ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱাটে কৈছিল যে ভাৰতবৰ্ষই তালিবানৰ সৈতে আলোচনাত ভাগ লোৱাৰ বাবে বৃহৎ শক্তিৰ লগত যোগদান কৰিব লাগে । ভাৰতে তালিবানৰ সৈতে প্ৰত্যক্ষভাৱে আলোচনা কৰাৰ সম্ভাৱনা কিমান দূৰ আছে?

অমৰ সিনহা—ভাৰতে আফগানিস্তানৰ সকলো পক্ষৰে সৈতে আলোচনা কৰিব । সকলো ৰাজনৈতিক শক্তিয়ে জড়িত হ’বলৈ আগ্ৰহী হ’ব লাগিব ।কিন্তু তালিবানক অন্ততঃ প্ৰমাণ কৰিবলৈ দিয়ক যে সংগঠনটো ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰিত হৈছে, হিংসা ত্যাগ কৰিছে আৰু নিৰ্দোষী আফগানসকলক হত্যা কৰা বন্ধ কৰিছে । আনসকলে কি কৈছে সেই বিবৃতিবোৰ মই শুনিছোঁ। মই নাভাবো যে ভাৰতে নিজৰ চুবুৰীয়া অঞ্চলতে বৃহৎ শক্তিৰ লগত যোগদান কৰিব লাগিব । আমাৰ নিজৰ নীতি আছে আৰু এই অঞ্চলত ফলাফল লাভৰ বাবে সেই নীতি প্ৰয়োগ কৰিবলৈ আত্মবিশ্বাস থাকিব লাগিব । যদি আনে সৃষ্টি কৰা কোনো

এক গোটত আমাৰ অঞ্চলতে আমি যোগদান কৰিব লাগে তেনেহ’লে এক ক্ৰমবৰ্দ্ধমান আঞ্চলিক শক্তি হিচাপে আমাৰ ভাৱমূৰ্তি বিনষ্ট হ’ব মস্কোত অনানুষ্ঠানিকভাৱে যোৱা কথাটোত ক’ব লাগিব যে প্ৰথমবাৰৰ বাবে তালিবানে এনেদৰে আঞ্চলিক দেশৰ সৈতে আলোচনাত মিলিত হৈছিল । ৰাছিয়াও আগবাঢ়ি গৈছিল । আভ্যন্তৰীণ আফগান আলোচনা ঐতিহাসিক আছিল । কিয়নো ইয়াৰ ফলতে সমগ্ৰ আলোচনা প্ৰক্ৰিয়া গণতান্ত্ৰিক হৈ পৰিছিল । ইয়াৰ পূৰ্বৰ আলোচনাবোৰ সম্পূ্ৰ্ণৰূপে আমেৰিকা আৰু তালিবানৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাহে আছিল যাৰ ফলত আমেৰিকা-তালিবান চুক্তি স্বাক্ষৰিত হৈছিল । উদ্যোক্তা কাটাৰৰ বাদে আৰু তালিবানৰ ভাও ধৰি থকা কিছুসংখ্যক আই এছআইৰ বাহিৰে কোঠাোত আন কোনো নাছিল । আনকি মূল অংশীদাৰ নাটো আৰু আফগানিস্তানো অনুপস্থিত আছিল । গতিকে ডোহাৰ প্ৰক্ৰিয়াত ভাৰতবৰ্ষই যোগদান কৰাৰ কোনো প্ৰশ্নই নাথাকে ।

আজি ভাৰতবৰ্ষ যথেষ্ট ভাল স্থিতিত আছে বাবে এক গঠনমূলক ভূমিকা পালন কৰাৰ যথেষ্ট সুযোগ আছে । এয়া আমাৰ নিৰপেক্ষতা, গণতান্ত্ৰিক আৰু গণৰাজ্য আফগানিস্তানক নিৰন্তৰে সমৰ্থন কৰাৰ নীতি আৰু সকলো ৰাজনৈতিক নেতৃত্বৰ সৈতে থকা যোগাযোগৰ বাবে এয়া সম্ভৱ হৈছে । গতিকে আমি এই বাৰ্তা প্ৰেৰণ কৰিব লাগিব যে, তালিবানকে ধৰি সকলো আফগানেই একেগলগে বহি যুদ্ধৰ অৱসান ঘটাই ইজনে সিজনক হত্যা কৰা বন্ধ কৰিব লাগিব । তালিবানৰ প্ৰতি মোৰ এটাই প্ৰশ্ন থাকিব যে যিহেতু তালিবানে ৰাজহুৱাভাৱে আইছিছক শত্ৰ্ৰু বুলি কৈছে, আমেৰিকা, আফগানিস্তানৰ শত্ৰু বুলি কৈছে, তেন্তে ৩০ শতাংশ ভূখণ্ড দখল কৰি থকা বুলি দাবী কৰা তালিবানে আফগানিস্তানৰ নিৰাপত্তা বাহিনীৰ সৈতে কিয় আইছিছৰ বিৰুদ্ধে যুঁজিব নোৱাৰে? নিজৰ নাগৰিকসকলক হত্যা কৰাৰ সলনি যে তালিবান তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব খোজা এক ৰাষ্ট্ৰবাদী শক্তি সেয়া প্ৰমাণ কৰাৰ এযাই এক পৰীক্ষা ।

প্ৰশ্ন--ভাৰতে বহি থাকি নীৰৱে লক্ষ্য কৰাৰ সময় আছেনে? আমেৰিকাত নৱেম্বৰত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূ্ৰবে ততাতৈয়াকৈ দেশখনে সামৰিক শক্তি প্ৰত্যাহাৰ কৰাৰ চেষ্টা চলাইছে । জালেমে খালিজাদে তেওঁৰ শেহতীয়া দিল্লী ভ্ৰমণ কালছোৱাত ভাৰতে শীঘ্ৰে তালিবানৰ সৈতে কথা পতাটো বিচাৰিছে ।

অমৰ সিনহা—কোনেও আফগান শান্তি আলোচনাৰ গতিত বল প্ৰয়োগ কৰিব নোৱাৰে । যদি আমেৰিকা-তালিবান চুক্তিখনলৈ চায় দেখিব যে, আমেৰিকাই সামৰিক শক্তি প্ৰত্যাহাৰৰ কথা উল্লেখ আছে যদিও আভ্যন্তৰীণ আফগানি আলোচনাৰ কেতিয়া অন্ত পৰিব সেই বিষয়ে কোনো উল্লেখেই নাই । গতিকে আমাৰ আৰাম কৰিবলৈ সময় নাই বুলি কোৱা কথাটো সঠিক নহয় । আনহাতে, আফগানিস্তানৰ লোকসকলে কেতিয়া তেওঁলোকে পুনৰ্গঠনত ভাগ ল’ব, তেওঁলোকে ক্ষমা কৰি সকলো পাহৰি যাবলৈ ইচ্ছুক হয় নে নহয় সেয়া তেওঁলোকে নিৰ্ধাৰণ কৰিব । মই ভাবো ইয়াৰ জৰিয়তে তালিবানে যিমান পাৰি সিমান লাভ আদায় কৰিবলৈ চেষ্ট কৰিব । আমি একো কৰা নাই বুলি কোৱা কথাটো সঠিক নহ’ব । আলোচনা আৰু পুনৰ্গঠনৰ লগত জড়িত বহু বিষয় ৰাজহুৱা কৰা নহয় । কিন্তু পৰ্দাৰ আঁৰত আমাৰ দূতাবাস, ৰাষ্ট্ৰদূত আৰু আন বিষয়াবৰ্গ সক্ৰিয় হৈ আছে । তেওঁলোকে

অন্ততঃ আফগান চৰকাৰৰ সৈতে আলোচনা কৰি আছে । খালিজাদ আহিছিল এই কাৰণে যে যাতে ভাৰতে কাবুলত বিৰাজ কৰা ৰাজনৈতিক অচলাৱস্থা দূৰ কৰিবলৈ নিজৰ প্ৰভাৱ খটুৱায় । মই নিশ্চিত পশ্চাদপটৰ পৰা অৱলম্বন কৰা এনেধৰণৰ কিছুমান উপায়ে কাম কৰিব । আমেৰিকাৰ জোৰ, ইৰান আৰু ভাৰতৰ পৰামৰ্শ অনুসৰি সেয়া সম্ভৱ হৈ উঠিব পাৰে । সকলোৱে কৈ আহিছে যে দুয়োটা পক্ষ একলগ হ’ব লাগে আৰু ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ইয়াৰ সুযোগ ল’ব নালাগে । অন্যথা কাবুলৰ অৱস্থা পুনৰ অচল হৈ পৰিব ।

প্ৰশ্ন—গতিকে পশ্চাদপটৰ পৰা কাম চলি আছেনে?

অমৰ সিনহা—মই ইয়াৰ অংশীদাৰ নহওঁ যদিও ভাৰত চৰকাৰে নিষ্ক্ৰিয়তাৰে বহি থকা নাই বুলি ময়ো নিশ্চিত । বহু ঘটনা ঘটি আছে ৷ কিছুমান কামকাজ বিশেষকৈ পুৰণি বন্ধুৰ লগত অতি নীৰৱে হয় । আমাৰ সমস্যাটো এয়ে যে তাত আমাৰ বহুত বন্ধু আছে । গতিকে আমি পক্ষ ল'ব নোৱাৰোঁ । এটা পক্ষক এৰি আনটোক এৰিব নোৱাৰো । গতিকে আমি বিষয়বোৰ নীৰৱে তেওঁলোকক অৱগত কৰিব লাগিব, অনুৰোধ কৰিব লাগিব আৰু উত্তম উপায়েৰে আগবাঢ়িব লাগিব ।

প্ৰশ্ন—আই চি-৮১৪ বিমান অপহৰণৰ দৰে বহু পুৰণি স্মৃতি আৰু আঘাত আছে । এই সন্দৰ্ভত আপোনাৰ মনতামত কেনেধৰণৰ জানিব পাৰিমনে?

অমৰ সিনহা—মই যেতিয়া কাবুলত আছিলোঁ তেতিয়া কিছুসংখ্যক প্ৰাক্তন তালিবানী নেতাৰ সৈতে কথা পাতিছিলোঁ । বিমান অপহৰণ কৰাটো তালিবানৰ বাবে ডাঙৰ সাফল্য হিচাপে পৰিগণিত হৈছিল । কিন্তু তালিবানৰ সম্পূৰ্ণ সুকীয়া দৃষ্টিভংগী আছিল । তেওঁলোকে নিজকে অপহৰণকাৰী বুলি ভবা নাছিল । তেওঁলোকৰ মতে পাকিস্তানীসকলেহে বিমানখন হাইজেক কৰিছিল । এই ঘটনা কাবুলতো সংঘটিত হোৱা নাছিল, হৈছিল নেপালত । তালিবানৰ মতে সিহঁতে ভাৰতৰ প্ৰতি মানৱীয় দৃষ্টিভংগীহে দেখুৱাইছিল । কিয়নো সেই বিমানখনক পৃথিৱীৰ কোনো স্থানতে অৱতৰণ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল । বিমানখনৰ তেল শেষ হৈ আহিছিল । অৱশেষত ইছলামাবাদস্থিত ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীৰ অনুৰোধত মোল্লা ওমাৰক নিশা কাণ্ডাহাৰৰ

আকাশ মুকলি ৰাখিবলৈ কোৱা হৈছিল আৰু বিমানখনে অৱতৰণ কৰে । আমাৰ অভিযোগ ইয়াতে যে, যেতিয়া কাৰাবন্দীসকলক মুকলি কৰি দিয়া হৈছিল তেতিয়া তালিবানে সিহঁতক বন্দী কৰি কিয় আমাক গতাই নিদিলে । মই যেতিয়া তালিবানৰ শাসনকালত কাম কৰা লোকসকলৰ সৈতে কথা পাতিছিলো তেওঁলোকে জনাইছিল যে সকলো কথাই তালিবানৰ নিয়ন্ত্ৰণত নাছিল । অধিকাংশ দিশেই বাহিৰৰ পৰা নিয়ন্ত্ৰিত হৈছিল । গতিকে তেওঁলোকে ভাৰতক যিমান পাৰে সিমান সহায়

কৰিবলৈ চেষ্টা কৰা বুলি দাবী কৰে । তেওঁলোকে নাগৰিকসকলৰ জীৱন ৰক্ষা কৰিছে । গতিকে বিমান অপহৰণৰ ঘটনাটোকলৈ

তেওঁলোকৰ দৃষ্টিভংগী আমাৰ পৰা সম্পূৰ্ণ পৃথক ।

প্ৰশ্ন—তালিবানৰ সৈতে ভাৰতে আলোচনাত ভাগ লোৱাটো জৰুৰী হয়নে নহয় তাকে লৈ আমি বিভিন্ন মতামত দেখা পাওঁ । কাশ্মীৰ সন্দৰ্ভত তালিবানৰ মন সলনি হৈছে বুলিও চৰ্চা চলে ।

অমৰ সিনহা—মই নাভাবোঁ যে, কাশ্মীৰ বা ইয়াকলৈ চলা বিবাদৰ প্ৰতি তালিবান আগ্ৰহী বুলি তেওঁলোকে কেতিয়াবা কৈছে । পাকিস্তানৰ এটা চামে এই দুটা বিষয়ৰ মাজত যোগসূত্ৰ স্থাপন কৰাৰ বাবে চেষ্ট চলাই আহিছে । তেওঁলোকে কিয় সংযোগ স্থাপনৰ চেষ্টা কৰে তাৰ কাৰণ তেনেই সাধাৰণ । কিয়নো এই সন্দৰ্ভত আমেৰিকাৰ হস্তক্ষেপ এইটো চামে আশা কৰে । কাৰণ আফগানিস্তানৰ সমীকৰণটো আমেৰিকাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ । পাকিস্তানৰ বাবে সমীকৰণৰ দুয়োটা অংশই গুৰুত্বপূৰ্ণ আৰু তেওঁলোকে সমান অংশীদাৰিত্ব বা সংযোগ বিচৰাটো স্বাভাৱিক । তালিবানে ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সময়তো

একেই কথা কৈছে । পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে কৈছে যে ইয়াৰ ফলত ডোহাৰ শান্তি আলোচনা ব্যাহত হ’ব । তেতিয়াও তালিবানৰ মুখপাত্ৰই কৈছে যে, এই বিষয় দুটা কোনোপধ্যে শান্তি আলোচনাৰ লগত জড়িত নহয় । ৩৭০ নং অনুচ্ছেদৰ বিষয়টো ভাৰতৰ আভ্যন্তৰীণ, তাক আমি সন্মান জনাওঁ আৰু তালিবানৰ লগত কোনো সম্পৰ্ক দেখা নাপাওঁ । তালিবানে কেনেদৰে কাশ্মীৰ কাঢ়ি ল’ম বুলি দাবী কৰিছিল তাকে লৈ বিগত সপ্তাহত ছ’চিয়েল মিডিয়াত উথপথপ লাগিছিল । মই

ভাবো এয়া গ্ৰহণযোগ্য হ’ব নোৱাৰে আৰু তালিবানৰ দুয়োগৰাকী মুখাপাত্ৰ ষ্টেনিকজাই আৰু ছুহেইল ছাহিনে এই বিষয়ে স্পষ্টীকৰণ দিছে । গতিকে এই বিষয়ে বিতৰ্ক নিষ্প্ৰয়োজন ।

প্ৰশ্ন—আপুনি পূৰ্বে কৈছিল যে তালিবানৰ নীতসমূহ পাকিস্তানৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু এই সম্পৰ্কৰ অৱসান নোহোৱালৈকে ভাৰতবৰ্ষই আগবঢ়াটো অৰ্থহীন হ’ব । ভাৰতবৰ্ষই আফগানিস্তানক ৰাৱালপিণ্ডিৰ দৃষ্টিৰে চাইছে নেকি ?

অমৰ সিনহা—কোনোপধ্যে নহয় । পাকিস্তানৰ দৃষ্টিভংগীৰে আফগানিস্তানক চোৱাটো ভুল হ’ব । আমি আফগানিস্তানক আমাৰ

নিজৰ চুবুৰীয়া আৰু ছাৰ্কৰ দৃষ্টিৰেহে চাব লাগিব । কথাটো এয়ে যে, এখন ৰাষ্ট্ৰৰ বাদে ছাৰ্কত বাকীসকল সক্ৰিয় । গতিকে নেতিবাচক ভূমিকা পালন কৰা পাকিস্তানৰ প্ৰতি আমি দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজনীয়তা নাই । আমি যিমান পাৰোঁ তাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব । আমাৰ আফগানিস্তানৰ প্ৰতি দৃষ্টিভংগী মূলতঃ মানৱীয় প্ৰমূল্যবোধ আৰু আন্তঃগঁথনি বিকাশৰ ওপৰত প্ৰতিষ্ঠিত যাতে দেশখন সমৃদ্ধিশালী হয় ।আমি শান্তি স্থাপনৰ পোষকতা কৰোঁ । পাকিস্তানে মাত্ৰ ইয়াক এটা সমীকৰণেৰে চায় যাক আমি প্ৰত্যাখ্যান কৰিব লাগিব ।

প্ৰশ্ন—কিন্তু আফগান ৰাজনৈতিক প্ৰক্ৰিয়াত নতুন দিল্লীয়ে সক্ৰিয় ভূমিকা গ্ৰহণ নকৰা কথাটো ৰাৱালপিণ্ডি-কাবুল সমীকৰণেৰে

চোৱাটো গ্ৰহণযোগ্য হয়নে?

অমৰ সিনহা—পাকিস্তানে বিগত ১৮ বছৰে মানুহ, বিত্তীয় ক্ষতিৰ মাজতো এটা নীতিকে গ্ৰহণ কৰি আহিছে । ভাল বা বেয়া হওঁক তেওঁলোকে এটা পথেই অনুসৰণ কৰি আহিছে । তেওঁলোকে আজি প্ৰায় সমাপ্তিৰ দিশত অগ্ৰসৰ হোৱা বুলি অনুভৱ কৰিছে । পাকিস্তানে ভাবিছে যে তালিবানক আফগানিIস্তানৰ লগত মিলিত হ’বলৈ দি এখন সাৰ্বভৌম দেশ তেওঁলোকে চলাবলৈ সক্ষম হ’ব । যদিহে তালিবানে কাবুললৈ উভতি আহি নিজকে ৰাষ্ট্ৰবাদী শক্তি হিচাপে পৰিগণিত কৰি আফগানিস্তানক এখন সাৰ্বভৌম দেশ হিচাপে লৈ বিশ্বৰ আন দেশসমূহৰ সৈতে আগবাঢ়ে তেতিয়া ভাৰতৰ কোনো সমস্যা নাই । তালিবানে বিগত ১৮ বছৰত ভাৰতৰ বিকাশৰ প্ৰচেষ্টাক আদৰণি জনাইছে । আমি তাত কৰি থকা অধিকাংশ প্ৰকল্পতে কোনোধৰণৰ আক্ৰমণ সংঘটিত হোৱা নাই । মাত্ৰ ডেলাৰাম-জাৰাঞ্জ পথ নিৰ্মাণৰ সময়তহে কিছু আক্ৰমণৰ ঘটনা ঘটিছিল । সংসদ, ছালমা বান্ধ আদি প্ৰকল্পৰ ক্ষেত্ৰত কাহানিও আক্ৰমণ সংঘটিত হোৱা নাই ।

প্ৰশ্ন—কোনো ভাৰতীয় নাগৰিকৰ অপহৰণ সংঘটিত হৈছেনে?

অমৰ সিনহা—অপহৰণৰ ঘটনা ঘটিছে । কিন্তু ইয়াৰ মূলতে বিভিন্ন ধৰণৰ স্থানীয় কাৰণ থাকে ।

প্ৰশ্ন— ক’ভিড-১৯ ৰ সংকটৰ বাবে আফগানিস্তানত ভাৰতৰ দুটাকৈ কনছ্যুলেট বন্ধ কৰি দিয়াৰ সময়ত শান্তিৰ এই প্ৰস্তাৱ ভাৰতবৰ্ষই সঠিকভাৱে অনুধাৱন কৰিছেনে?

অমৰ সিনহা—মই এই বিষয়ে অলপতে মাত্ৰ বাতৰিকাকত আৰু আলোচনীতহে পঢ়়িছো । হেৰাট আৰু জলালাবাদৰ অৱস্থিতিৰ বাবে তেওঁলোক ভয়ত আছে । ইৰানৰ পৰা সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত হেৰাটেই আছিল প্ৰথমে বেয়াকৈ সংক্ৰমিত হোৱা অঞ্চলবোৰৰ ভিতৰত অন্যতম । গতিকে বন্ধ কৰাৰ কাৰণ মই যিমান দূৰ জানো ক’ভিড-১৯ ৰ বাবে আৰু এয়া হয়তো সাময়িক সিদ্ধান্ত । আমি চাম আৰু অপেক্ষা কৰিম । জালালাবাদ আৰু হেৰাটত থকা লোকসকলৰ বাবে ক’ভিড-১৯ পৰিস্থিতি আৰু লকডাউনৰ ফলত সহায় লাভ কৰাটো হয়তো কঠিন হৈ পৰিছিল । কিন্তু এই সিদ্ধান্ত স্বাস্থ্যজনিত কাৰণতে হয়তো লোৱা হৈছিল ।

প্ৰশ্ন—কাবুলৰ পৰা ডোহালৈকে হোৱা আলোচনাৰ পৰা আপুনি কেনেধৰণৰ নিশ্চয়তা লাভ কৰে যে, তালিবান কাবুলৰ শাসনলৈ আহিলে ৯০ ৰ দশকৰ দৰে পৰিস্থিতিৰ সৃষ্টি নহ’ব? ভাৰতৰ আটাইতকৈ ডাঙৰ নিৰাপত্তাজনিত ভয় কোনটো ক্ষেত্ৰত?

অমৰ সিনহা—আটাইতকৈ ঢাঙৰ ভয়টো এয়ে যে তালিবান যদি ১৯৯৬ ৰ পৰিস্থিতিলৈ উভতি যায় । তেতিয়া আফগান সমাজখন বিভক্ত হৈ পৰিব আৰু যুদ্ধ আৰম্ভ হ’ব । সেয়া অতিকৈ অৱনতি হোৱা পৰিস্থিতিহে । তালিবানে দেশখনক কেনেদৰে চাব বিচাৰে বা ইয়াৰ ইচ্ছাৰ এক তালিকা গম পোৱা গৈছে । কিন্তু সেই তালিকামতে গ’লে দেখা যায় যে বিশেষ কোনো পৰিৱৰ্তন হোৱা নাই । বহু বিষয়তে স্পষ্টতা নাই ।

-স্মিতা শৰ্মা

Last Updated : May 22, 2020, 2:09 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.