ETV Bharat / bharat

121 গৰাকী বিদেশী নাগৰিকক 5 হাজাৰ টকাৰ বিনিময়ত মুকলি দিল্লী আদালতৰ - দণ্ডাধীশ

দিল্লীৰ এখন আদালতে তৱলিগী জামাত গোচৰৰ 79 জন বাংলাদেশী আৰু 42 গৰাকী কিৰ্গীস্তান নাগৰিকক 5 হাজাৰ টকা জৰিমণাৰ ভিত্তিত মুকলি কৰি দিবলৈ অনুমতি প্ৰদান কৰিছে ৷ চলিত বৰ্ষৰ মাৰ্চত নিজামুদ্দিন ঘটনাৰ লগত জড়িত হোৱাৰ অপৰাধত দিল্লী আৰক্ষীয়ে অপৰাধ শাখাৰ অধীনত 955 গৰাকী বিদেশী নাগৰিকৰ চাৰ্জশ্বীট দাখিল কৰিছিল ৷

Tablighi Jamaat case: Delhi court allows 121 foreign nationals to walk free on fine
121 গৰাকী বিদেশী নাগৰিকক 5 হাজাৰ টকাৰ বিনিময়ত মুকলি দিল্লী আদালতৰ
author img

By

Published : Jul 20, 2020, 5:35 PM IST

নিউজ ডেস্ক, 20 জুলাই : সোমবাৰে দিল্লীৰ এখন আদালতে তৱলিগী জামাত গোচৰৰ 79 জন বাংলাদেশী আৰু 42 গৰাকী কিৰ্গীস্তান নাগৰিকক 5 হাজাৰ টকা জৰিমনাৰ ভিত্তিত মুকলি কৰি দিবলৈ অনুমতি প্ৰদান কৰিছে ৷

দণ্ডাধীশ জীতেন্দ্ৰ প্ৰতাপ সিংই 79 গৰাকী বাংলাদেশী নাগৰিকক 5 হাজাৰ টকা জৰিমনাৰ বিপৰীতে মুকলি কৰাৰ অনুমতি প্ৰদান কৰিছে ৷ একে সময়তে দণ্ডাধীশ ৰোহিত গুলীয়াই 42 কিৰ্গীস্তান নাগৰিক কেইজনক 5 হাজাৰ টকাৰ জৰিমনাৰ ভিত্তিত মুকলি কৰি দিবলৈ অনুমতি প্ৰদান কৰিছে ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চত নিজামুদ্দিন ঘটনাৰ লগত জড়িত হোৱাৰ অপৰাধত দিল্লী আৰক্ষীয়ে অপৰাধ শাখাৰ অধীনত 955 গৰাকী বিদেশী নাগৰিকৰ চাৰ্জশ্বীট দাখিল কৰিছিল ৷ যিটো ঘটনাই সমগ্ৰ দেশত জোকাৰণিৰ সৃষ্টি কৰিছিল ৷ পৰৱৰ্তী সময়ত লোক কেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 14(B)বিদেশী অধিনিয়ম 1946 ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷

লগতে পঢ়ক : বাক্সাত বনৰীয়া হাতীৰ কৰুণ মৃত্য়ু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.