নতুন দিল্লী, 6 ডিচেম্বৰঃ শুকুৰবাৰে সংঘটিত হায়দৰাবাদ ধৰ্ষণ কাণ্ডত জড়িত অভিযুক্তৰ এনকাউন্টাৰত প্ৰতিক্ৰিয়া প্ৰকাশ দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মলিৱালৰ ৷ স্বাতী মলিৱালে কয় যে, "অভিযুক্তই পলায়ন কৰিলে আৰক্ষীৰ হাতত গুলিচালনাৰ বাদে কোনো বিকল্প নাই ৷"
তেখেতে আৰু কয় যে, "এনেবোৰ কাৰণতেই আমি চৰকাৰৰ ওচৰত ধৰ্ষণকাৰীৰ বিৰুদ্ধে এখন শক্তিশালী আইন প্ৰণয়নৰ বাবে দাবী উত্থাপন কৰি আহিছো ৷ এনে শিহৰণকাৰী অভিযোগত অভিযুক্ত সকলো লোককেই ন্যায়িক প্ৰক্ৰিয়াৰ অন্তত মৃত্যু প্ৰদান কৰিব লাগে ৷ " যদি আইনী ব্যৱস্থা শক্তিশালী নহয় তেন্তে আৰক্ষীয়ে এনেবোৰ ঘটনাৰ পুনৰাবৃত্তি কৰিবলৈ বাধ্য হ’ব বুলিও সাংবাদিকৰ আগত ব্যক্ত কৰে মলিৱালে ৷
উল্লেখ্য যে, নিজৰ অনশনৰ ওপৰত মন্তব্য প্ৰকাশ কৰি স্বাতী মলিৱালে কয় যে, "এই অনশনে আজি চতুৰ্থ দিনত প্ৰৱেশ কৰিছে, আৰু ই চলি থাকিব যেতিয়ালৈকে কেন্দ্ৰই ধৰ্ষণকাৰীৰ শাস্তিৰ ক্ষেত্ৰত কোনো শক্তিশালী আইন প্ৰণয়ন নকৰে ৷"
আৰু পঢ়ক- দ্বীপৰ বিলত ৰে’লৰ খুন্দাত আহত বন্য হস্তী